পলকতে সুখ-দুখৰ বতৰা (১৩ অক্টোবৰ ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা (১৩ অক্টোবৰ )

পলকতে সুখ-দুখৰ বতৰা (১৩ অক্টোবৰ )

Share This
আজিৰ ভাল খবৰবোৰ


১) অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ব্য‌ৱসায়িক সফলতাৰ প্ৰতি  সঁহাৰি জনাই অ‌ৱশেষত অসম চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতেই একোটাকৈ মিনি-চিত্ৰগৃহ সাজিবলৈ প্ৰস্তা‌ৱ গ্ৰহণ কৰিছে । এই আঁচনি মতে চলচ্চিত্ৰগৃহসমূহ বৰ্তমানে ব্যক্তিগত খণ্ডৰ লগত সহযোগিতাৰে পৰিচালিত কৰা হ'ব আৰু পাছলৈ প্ৰতিটো ব্লকতে এনে একোটা চলচ্চিত্ৰগৃহ মুকলি কৰা হ'ব ।

২) চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈৰপৰা অনুষ্ঠিত কৰিবলৈ লো‌ৱা হৈছে ষষ্ঠ ৰাজ্যিক চলচ্চিত্ৰ বঁটা মহোৎস‌ৱ । এই মহোৎস‌ৱত ১৬ খন অতি উচ্চ প্ৰশংসিত কথাছ‌ৱিৰ প্ৰদৰ্শনিৰ ব্য‌ৱস্থা কৰা হৈছে আৰু ইয়াতেই সংগীত শিল্পী ৰমেন বৰু‌ৱাক জী‌ৱনজো‌ৰা সাধনা বঁটা আগবঢ়‌ো‌ৱা হ'ব ।

৩) চলিত বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়ো‌ৱা হৈছে আমেৰিকাত কৰ্মৰত ব্ৰিটিছ অৰ্থনীতিবিদ এংগাছ ডেটনলৈ ।

৪) ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ হৈছে ।  কামৰূপ নিৰ্বাচনী জিলাত ইতিমধ্যেই এই কাম আগবাঢ়িছে  । BLO অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰপৰা সংশোধনীৰ বাবে প্ৰয়োজনীয় প্ৰপত্ৰ লাভ কৰিব পাৰিব । ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্তি, মৃতকৰ নাম কৰ্তন, ছপা ভুলৰ শুধৰণি ইত্যাদি কামৰ বাবে আপোনাৰ জিলাত এই কাম হৈছে যদি খৰ-ধৰ কৰক ।

৫)পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গডকাৰীয়ে জনাইছে যে অতি শীঘ্ৰে শি‌ৱসাগৰ জিলাৰ দিচাংমুখৰপৰা ঢকু‌ৱাখনাৰ টেকেলীফুটা-লখিমপুৰ হৈ মাজুলীৰ কমলাবাৰী ঘাটলৈকে সমগ্ৰ পথছো‌ৱা ৰাষ্ট্ৰীয় পথলৈ উন্নিত কৰা হ'ব আৰু ইয়াৰ অন্তৰ্গত সকলো ঠাইতে প্ৰয়োজনমতে দলং সজা হ'ব ।

৬) বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ যোগ্যতা বাচনী পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতিৰ সন্দৰ্ভত আজিৰেপৰা অহা ১৭ অক্টোবৰলৈকে বিনামূলীয়াকৈ আয়োজন কৰা হৈছে এক প্ৰশিক্ষণ শিবিৰ । এই শিবিৰ গু‌ৱাহাটীস্থ নেছনেল ইন্সটিটিউট অ‌ৱ কম্পিটিটিভ এক্সামৰ শাখাটো‌ৱে আয়োজন কৰিছে । ইচ্ছুকসকলে ৭৩৯৯০-৭২২১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

৭) পুণিগুটামত অনুষ্ঠিত হো‌ৱা অবিনেশ্বৰ গোষ্ঠীৰ ৰূপালী জয়ন্তী অনুষ্ঠানত জনপ্ৰিয় প্ৰতিষ্ঠিত অভিনেতা বাহাৰুল ইছলামে কয় যে নাটকে জনসমাজত সচেতনতা বৃদ্ধি কৰাত এক নিৰ্ভৰযোগ্য আহিলা হিচাপে কাম কৰিব পাৰে ।

-------------------------------------------------------000----------------------------------------------

No comments:

Post a Comment