সুখ-দুখৰ বতৰাঃ ১২ অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১২ অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ১২ অক্টোবৰ

Share This
 
আজিৰ ভাল খবৰবোৰ
 ১. অহা ১৪অক্টোবৰত সৃজনসম ন্যাসে গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত প্ৰদান কৰিব মঘাই ওজা সৃজন বঁটা। নৃত্য শিৰোমণি পদ্মশী প্ৰাপ্ত যতীন গোস্বামীক সৃজন বঁটা প্ৰদান কৰা হব। লগতে শোণিতপুৰৰ ৰঙাচকুৱাৰ বাণেশ্বৰ কলিতা আৰু দেৰগাঁৱৰ ভোলা হাজৰিকাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হব। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীয়ে ইয়াত অতিথি ৰূপে অংশগ্ৰহণ কৰিব।

২. তেজপুৰৰ অসমীয়া ব্যৱসায়ীৰ প্ৰতিষ্ঠান ‘স্প্ৰীংভেলী’য়ে গঞা ৰাইজৰ পৰা বিশুদ্ধ গাখীৰ সংগ্ৰহ কৰি আনি ঘি, দৈ, ক্ৰীম, মিঠাই আদি তৈয়াৰ কৰি প্ৰতিষ্ঠা লাভ কৰা কৰিছে। বৰ্তমান দ্বিতীয় প্ৰজন্মৰ উচ্চশিক্ষিত ব্যৱসায়ী সকলে অসমৰ বিভিন্ন স্থানলৈ এই ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লগতে প্ৰতিবছৰেই বিভিন্ন প্ৰকাৰৰ কেক তৈয়াৰ কৰি কেক ফেষ্টিভেলৰো আয়োজন কৰাৰ কথাও বাতৰি কাকতত প্ৰকাশ পাইছে।

৩. অসমত মানসিক ৰোগীৰ পুনঃ সংস্থাপনৰ বাবে ঐকান্তিক ভাৱে কাম কৰি অহা সংস্থা ‘ডেষ্টিনেশ্যন’য়ে উদযাপন কৰে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস। সজাগতাৰ বাবে গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা উলিয়াই শোভাযাত্ৰাও।

৪. তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰেষ্ঠ দললৈ নগদ ১৫হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে।

৫. অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে দহদিনৰ মূল দৰমহা আগধন হিচাবে মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে। কৰ্মচাৰী সকলক সকাহ দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি কালি ৮২বছৰত ভৰি দিয়া জন্মদিনত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গগৈয়ে।

৬. বিশ্বনাথ চাৰিআলিৰ কৃষি মহাবিদ্যালয়ত ২৩সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখনি জিলা ভিত্তিত আয়োজিত হয়। ৮৪টা বিজ্ঞান প্ৰকল্পৰে চাৰিশৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অহা ২৯অক্টোবৰৰ পৰা ১নৱেম্বৰলৈ যোৰহাটৰ তিতাবৰ নবোদয় বিদ্যালয়ত হব লগা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ জিলাখনৰ পৰা ১২টা প্ৰকল্প নিৰ্বাচিত হৈছে।

৭. ব্যয় বহুল বিবাহৰ বিপৰীতে তেজপুৰত দহ যোৰা দম্পতিক ৰাজহুৱা সামুহিক বিবাহেৰে সংসাৰ গঢ়ি দিয়াৰ বাতৰিও প্ৰকাশ পাইছে।

৮. আমেৰিকাত পৰিবেশ সংৰক্ষণৰ বাবে গছ পুলি ৰোপণৰ এটি বিশাল কাৰ্যসূচী অসম গৌৰৱ তথা ভাৰতৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ নামত নামাকৰণ কৰি সন্মান প্ৰদৰ্শন কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. মাহেকীয়া কাব্য পত্ৰিকাই দ্বিতীয় বৰ্ষপুতি উপলক্ষে ধেমাজি জিলা সাহিত্য সভা ভৱনত ‘শাৰদীয় কবিতা আৰু অন্তৰংগ আলাপ’ অনুষ্ঠানৰ আয়োজন কৰে। আৰক্ষী অধীক্ষক মইনুল ইছলাম মণ্ডলৰ কবিতা সংকলন ‘জীৱনৰ ভাষা বিচাৰি’, ডঃ পূৰৱী দুৱৰাৰ কাব্য সংকলন ‘নৈৰ বুকুত তৰাৰ ছাঁ’ অনুষ্ঠানটোতে উন্মোচিত হয়।

১০. ৰঞ্জি ট্ৰফীৰ এ গ্ৰুপৰ খেলত এক ইনিংছ আৰু ১৫২ৰানত বিশাল বিজয় সাব্যস্ত কৰিলে অসম দলে। কৃষ্ণ দাসৰ (১০-৫৫)ৰ বিধ্বংসী বলিঙেৰে ৰাজস্থান দলক বিধস্ত কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment