সুখ-দুখৰ বতৰাঃ ১৬ অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৬ অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ১৬ অক্টোবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. তিনিচুকীয়াস্থিত সৰ্বানন্দ সিংহ ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ তথা আধুনিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০কোটি অনুমোদন দিয়াৰ সুখবৰ। ইয়াৰ প্ৰথম কিস্তি হিচাবে ৮কোটি ৯০লাখ টকা ক্ৰীড়া মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উদ্যোগত মোকোলাই দিয়া হৈছে।

২. মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত সদৌ ভাৰত জুডো প্ৰতিযোগিতাত গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ খেলুৱৈ সকলে দহটাকৈ পদক অৰ্জন কৰিছে। তাৰে ভিতৰত দুটা সোণ, তিনিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক বুলিও জানিব পৰা গৈছে।

৩. অসম লোকসেৱা আয়োগত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে। তদন্তৰ আওতালৈ পালৰ পত্নী, গাড়ীচালকে ধৰি কেইবাজনো ব্যক্তিও আহিব বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. অসমৰ শিক্ষামন্তীয়ে অহা ডিচেম্বৰ মাহৰ ভিতৰত ৫৬০৮খন স্কুলৰ ২১০০০ শিক্ষকৰ পদৰ প্ৰাদেশিকীকৰণ কৰা হব বুলি ঘোষণা কৰিছে। ঠিকা ভিত্তিক সকলৰ নিয়মীয়াকৰণকে ধৰি মুঠ ৪৬,০৮২টা পদত নিযুক্তি বিষয়ত পদক্ষেপ গ্ৰহণ কৰা হব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

৫. আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ উদ্যোগত পালিত হব ‘বিশ্ব আয়ডিনৰ অভাৱজনিত ৰোগ প্ৰতিৰোধ দিৱস’ অহা ২১ অক্টোবৰ তাৰিখে।

৬. শিল্পী অপূৰ্ব বেজবৰুৱাৰ ৬৫তম জন্মদিনত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় আধুনিক গীতৰ নতুন শ্ৰব্য সঁফুৰা ‘জীৱনে কিনো দিলে’। এই সভাত অংশগ্ৰহণ কৰি সংগীতশিল্পী ৰামচৰণ পাঠক, ৰমেন দাস, ৰাজেশ শৰ্মা আদিয়ে বেজবৰুৱাক জনায় জন্মদিনৰ শুভেচ্ছা।

৭. পূজা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘উচপিচ’ নামৰ ভিডিঅ’ এলবামটো কালি দিছপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। কণ্ঠশিল্পী অভিজিত বৰুৱাৰ কণ্ঠ সমৃদ্ধ এলবামটো অমৃতা গগৈয়েও অভিনয় কৰিছে। উন্মোচনীত অংশ লোৱা সাংবাদিক সকলে গীত ৰচনাক দায়বদ্ধতা আৰু ব্যৱসায়িক দিশৰ ওপৰতো আলোকপাত কৰে।

৮. প্ৰথিতযশা বুদ্ধিজীৱি, সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিক জন্মস্থান ঢকুৱাখনাত তেখেতৰ জীৱন-কীৰ্তি, সৃষ্টিৰাজিৰ সংৰক্ষণ তথা প্ৰচাৰৰ বাবে গঠিত হোৱা হোমেন বৰগোহাঞি ন্যাসৰ কাৰ্যালয় কক্ষৰ লগতে এখন শিশু উদ্যানৰ কালি আধাৰশিলা স্থাপিত হয়। পুৰণি গান্ধী উদ্যানৰ ভূমিত এই ভৱনৰ আধাৰশিলা দুশৰো অধিক অনুৰাগীৰ উপস্থিতিত স্থাপন কৰে ঢকুৱাখনাৰ মহকুমাধিপতিয়ে।

৯. যষ্ঠ ৰাজ্যিক চলচ্চিত্ৰ বঁটা মহোতসৱৰ বঁটা প্ৰদান অনুষ্ঠান অহা ১৭অক্টোবৰত গুৱাহাটীৰ মাছখোৱাস্থিত সাংস্কৃতিক প্ৰকল্প ‘প্ৰাগজ্যোতি’ত অনুষ্ঠিত হব। সন্মানীয় অতিথিৰূপে বিশিষ্ট অভিনেতা তথা ৰাজ্য সভাৰ সাংসদ ৰাজ বাব্বৰেও অংশগ্ৰহণ কৰিব।

১০. তামিলনাডুৰ ৰামেশ্বৰমত প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালামৰ স্মৃতিত স্থাপিত হব সুবিশাল স্মাৰক। কালি কালামদেৱৰ ৮৪তম জন্ম-জয়ন্তীৰ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাই এই কথা ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে।

No comments:

Post a Comment