১. গুৱাহাটীৰ কুমাৰপাৰাত ৰাজহুৱা সভাই কৰিলে সাম্প্ৰদায়িক শক্তিৰ ষড়যন্ত্ৰক প্ৰতিহত। দুৰ্গা দেৱী বিসৰ্জনৰ সমদল যোৱাত অনুমতি নিদিয়াৰ বাবে আবেদন কৰা ব্যক্তিক কৰিলে সৰ্বধৰ্মীয় সভাই ৰাজহুৱা তিৰস্কাৰ। সম্প্ৰীতিৰ ৰক্ষাৰ এনে বতৰাই অসমৰ সাম্প্ৰদায়িক শক্তিবোৰলৈ দিলে শিক্ষামূলক বাৰ্তাও।
২. সুৰক্ষা সম্পৰ্কীয় কেন্দ্ৰীয় কেবিনেটৰ কমিটিৰ বৈঠকত অহা ২০১৯চনৰ ভিতৰত ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে ল’লে সিদ্ধান্ত। পথ আৰু কাঁইটীয়া বেৰা নিৰ্মাণৰ বাবে দিলে ৪৪০০কোটি টকাৰ অনুমোদন।
৩. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণমাধ্যম অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত উদযাপিত হয় জ্ঞানপীঠ বিজয়ী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৯১তম জন্মদিন। এই সভাত ভাষণ দি ডঃ নগেন শইকীয়াই নৱ-প্ৰজন্মক ভট্টাচাৰ্যদেৱৰ সৃষ্টিৰাজি অধ্যয়ন কৰি শিক্ষা লবলৈ আহ্বান জনায়।
৪. ডঃ এপিজে আব্দুল কালামৰ নামেৰে হায়দৰাবাদস্থিত ডি.আৰ.ডি.অ’ৰ মিছাইল কমপ্লেক্সটোৰ নতুনকৈ নামাকৰণ আজি তেখেতেৰ ৮৪তম জন্মদিনৰ সৈতে সংগতি ৰাখি কৰা হৈছে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰেও অংশগ্ৰহণ কৰিছে।
৫. কাৰ্বি-আংলং জিলাৰ শিক্ষাবিদ তথা লেখক সুতৰাম দাসে লিখি উলিওৱা ‘কৈৱৰ্ত জাতিৰ ইতিবৃত্ত’ নামৰ গ্ৰন্থখনি শোণিতপুৰৰ জামুগুৰিহাটত উন্মোচিত হয়। উন্মোচন কৰে অসমৰ কৈৱৰ্ত সম্প্ৰদায়ৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ হোৱা প্ৰথমগৰাকী ব্যক্তি সুৰেন দাসে।
৬. আজিৰে পৰা ৰাজ্য চৰকাৰৰ পৰিস্কাৰ আৰু সেউজ অসম সজাগতা সপ্তাহ পালন কৰা হব। ১৫-২১ অক্টোবৰলৈ ৰাজ্যজুৰি ‘পৰিস্কাৰ অসম অভিযান’ৰ অংশ ৰূপে এই আয়োজন কৰা হৈছে।
৭. পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত প্ৰস্তুত কৰা মুদ্ৰাস্ফীতিৰ হাৰ ছেপ্তেম্বৰ মাহত -৪.৫৪শতাংশলৈ হ্ৰাস পোৱাৰ বাতৰি। কিন্তু তাৰ প্ৰতিফলন খুচুৰা বজাৰত বৰ্ধিত খাদ্য-শস্য আদিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই। কণী, মাংস আৰু গাখীৰৰ দৰত ২.০২ৰ পৰা ৩.৩৪শতাংশলৈ মূল্যবৃদ্ধি হোৱা বুলিও তথ্য প্ৰকাশ পাইছে।
৮. দেশৰ বিত্তমন্ত্ৰী অৰুণ জেটলীক লণ্ডনৰ আলোচনী ‘ইমাৰ্জিং মাৰ্কেটছ’ৰ তৰফৰ পৰা এছিয়াৰ শ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ আলোচনীখনে এছিয়াৰ চেণ্ট্ৰেল বেংকৰ গৰ্ভনৰ সকলৰ ভিতৰত শ্ৰেষ্ঠ ৰূপে ৰঘুৰাম ৰাজনকো পুৰস্কাৰ প্ৰদান কৰিছিল।
৯. যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক প্ৰশান্ত বৰদলৈয়ে উদ্ভাৱন কৰা নতুন বালি বান্ধৰ দ্বাৰা খহনীয়া ৰোধত সহায়ক হব বুলিও জানিব পৰা গৈছে। এই বান্ধত নৈপৰীয়া নল, বিৰিণা, কহুৱা, ঝাওবন আদিৰো ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ব্যৱহাৰ আৰু ব্ৰহ্মপুত্ৰৰ আচৰণক উপগ্ৰহীয় ছবিৰ জৰিয়তে অধ্যয়ন কৰি থকাৰ কথাও প্ৰকাশ পাইছে।
১০. কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থাপিত হোৱা ১৬বিঘা জোৰা বিস্তৃত কাজিৰঙা অৰ্কিড ও জৈৱ-বৈচিত্ৰ্য উদ্যান উন্মোচন কৰিলে হোমেন বৰগোহাঞিয়ে। উদ্বোধনী ভাষণত তেখেতে এয়া অসমৰ জাতীয় জীৱনৰ বাবে এক যুগান্তৰকাৰী ঘটনা বুলিও অভিহিত কৰে।

No comments:
Post a Comment