সুখ-দুখৰ বতৰাঃ ১৪ অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৪ অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ১৪ অক্টোবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশত দেখা দিয়া ফেচিষ্ট প্ৰৱণতাৰ বিৰুদ্ধে দেশৰ ২০গৰাকীতকৈ অধিক লেখক, সাহিত্যিক, শিল্পীয়ে চৰকাৰী বঁটা, সন্মান ঘূৰাই দি এক জনসচেতনতাৰ দৃষ্টান্ত দাঙি ধৰিছে। অসমতো হোমেন বৰগোহাঞি আৰু নিৰুপমা বৰগোহাঞিয়ে সাহিত্য অকাদেমিৰ বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে।

২. আজি অসমৰ বিভিন্ন স্থানত পালন কৰা হৈছে অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস। আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজনীয়তাৰ কথা নকৈ ৰাইজে অনুভৱ কৰাৰ পৰত অগপৰ স্থিতিলৈ আগ্ৰহৰে লক্ষ্য ৰাখিছে।

৩. উদ্যোগ আৰু বাণিজ্য বিষয়ত অহা ১৮ অক্টোবৰত সন্ধিয়া ৬বজাৰ পৰা ৬.৩০বজালৈ ৰাইজে মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ ফোনত কথা পাতিব পাৰিব। দূৰদৰ্শনযোগে পোনপটীয়া সম্প্ৰচাৰ হব লগা অনুষ্ঠানটোৰ ফোন নম্বৰ ০৩৬১-২২০৮১৮২-৮৬ বুলিও জানিব পৰা গৈছে।

৪. ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অনুৰ্ধ-১৯ৰ পূৱ মণ্ডল দলত অসমৰ তিনি গৰাকীকৈ ক্ৰিকেটাৰে স্থান লাভ কৰিছে। য়াচিৰ আলি. মৃন্ময় দত্ত, ৰিয়ান পৰাগ দাসে স্থান নিশ্চিত কৰাৰ উপৰিও অভিষেক ঠাকুৰী আৰু অভিনৱ চৌধুৰীৰ নাম অপেক্ষাৰত তালিকাত থকা বুলিও জানিব পৰা গৈছে।

৫. হস্তী বিশেষজ্ঞা পাৰ্বতী বৰুৱাক কলকতা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী আৰু পৰিৱেশ চলচ্চিত্ৰ মহোতসৱত জীৱনজোৰা সাধনাৰৰ বঁটা প্ৰদান কৰা হৈছে। লগতে অৰণ্য মানৱ যাদৱ পায়েঙক ‘দেশম ছেভ দ্য টাইগাৰ’ বঁটা প্ৰদান কৰাৰ সুখবৰ।

৬.নগাঁও আঞ্চলিক বৈদ্যটুপ আঞ্চলিক যুৱ সমাজে স্থানীয় বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ প্ৰেক্ষাগৃহত অহা ১৫ আৰু ১৮ অক্টোবৰত প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ জন্মদিন দুদিনীয়াকৈ উদযাপন কৰিবলৈ ওলাইছে। বিজ্ঞানীজনৰ জীৱন-কৰ্ম আৰু সপোনক লৈ নৱ-প্ৰজন্মৰ মাজত ৰচনা প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতাৰে সচেতনতা আনিবলৈ চেষ্টা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৭. গুৱাহাটী প্ৰেছ ক্লাৱত এইমাহৰ অতিথি ৰূপে অহা ২৪অক্টোবৰত অংশ লব ছুইডিছ সাংবাদিক তথা এছিয়া পেছিফিক অঞ্চলৰ ৰাজনীতিৰ বিশেষজ্ঞ সাংবাদিক বাৰ্টিল লিণ্টনাৰে। ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠা হ’লে তাৰ ফলত উত্তৰ-পূৱৰ সন্ত্ৰাসবাদ, ৰাজনীতি তথা বাণিজ্যলৈ কি প্ৰভাৱ পৰিব, সেই বিষয়ত তেখেতে আলোকপাত কৰিব।

৮. বিশ্ববিখ্যাত অৰ্থনীতিবিদ এংগাছ ডিটনলৈ আগবঢ়োৱা হৈছে এই বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা। সমাজত ধনৰ আৰ্জন, ব্যয় আৰু তাৰ দ্বাৰা দৰিদ্ৰতাৰ সঠিক অনুমানৰ বিষয়ত কৰা গৱেষণাৰ বাবেই এই স্বীকৃতি প্ৰদান কৰা হৈছে।

৯. জীৱ-জন্তুৰ স্বাভাৱিক পথত বেদখল কৰি স্থাপন কৰা তিনিখন গাঁও উচ্ছেদ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে গঠন কৰা উচ্চ ক্ষমতা সম্পন্ন সমিতিয়ে সন্দেহজনক নাগৰিকৰ বসতি, নথি বিহীনতাৰ কথা স্পষ্টকৈ প্ৰতিবেদন দিয়াৰ পাছতে আদালতে এই ৰায়দান কৰিছে।

১০. ৰাজ্যৰ অব্যৱহৃত ৰাজহুৱা ভৱন সমূহ সদব্যৱহাৰ কৰি ৰাজ্যত ১২৮টা ক্ষুদ্ৰ চিনেমাহল অহা ডিচেম্বৰৰ ভিতৰতে গঢ়ি তোলা হব বুলি প্ৰকাশ কৰিছে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিস্মিতা গগৈয়ে। এই চিনেমাহল সমূহৰ খৰছ প্ৰথমে চৰকাৰে বহন কৰিব আৰু পাছলৈ প্ৰাইভেট-পাব্লিক পাৰ্টনাৰশ্বিপ মডেলত চলাবলৈ দিয়া হব বুলিও জানিব পৰা গৈছে। ১৪-১৭অক্টোবৰত ১৬খন ছবিৰ প্ৰদৰ্শনেৰে ৰাজ্যিক চলচ্চিত্ৰ বঁটা মহোতসৱৰ আয়োজন গুৱাহাটীত কৰা হৈছে। ২০১৫বৰ্ষৰ বাবে সংগীতজ্ঞ ৰমেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হব। লগতে প্ৰদান কৰা হব ২৮টা শিতানৰ ৰাজ্যিক চলচিত্ৰ বঁটা সমূহো।

No comments:

Post a Comment