সুখ-দুখৰ বতৰাঃ ২৯অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২৯অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ২৯অক্টোবৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. দেশৰ অন্যতম ৰাষ্ট্ৰীয় চেনেল ‘টাইমচ নাও’ৰ স্ত্ৰী-শক্তি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে উজনি অসমত কনকলতা মহিলা বেংক স্থাপন কৰাত নেতৃত্ব দিয়া যোৰহাটৰ লখিমী বৰুৱাই। এই বেংকে ৩০হাজাৰ মহিলাৰ বিকাশ আৰু স্ব-নিৰ্ভৰশীল কৰি তোলাত অৰিহণা যোগাইছে। এতিয়া সচেতন ৰাইজক টাইমচ নাও চেনেলৰ ৱেবচাইটত লখিমী বৰুৱাৰ সপক্ষে ভোটদান কৰিবলৈকো বেংক পৰিয়ালে আহ্বান জনাইছে।

২. দেশত বৰ্ধিত ফেচিষ্ট মানসিকতা, অসহিষ্ণুতা আৰু যু্ক্তিবাদৰ প্ৰতি ভাবুকিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শক্তিশালী প্ৰতিৰোধী স্থিতি গ্ৰহণ নকৰাত সচেতন সমাজৰ প্ৰতিবাদৰ জোৱাৰৰ ধাৰাবাহিকতা অব্যাহত আছে। দিবাকৰ বেনাৰ্জীকে ধৰি ৯গৰাকী ছবি নিৰ্মাতা-কলা কুশলীয়ে ৰাষ্ট্ৰীয় বঁটা ওভোতাই দি প্ৰতিবাদ কৰিছে। এইবাৰ বিজ্ঞানী সমাজৰ পৰাও প্ৰতিবাদ আৰম্ভ হোৱাৰ চিন স্বৰূপে প্ৰখ্যাত বিজ্ঞানী পি.এম ভাৰ্গৱে পদ্ম-ভূষণ ওভোটাই দিয়াৰ সিদ্ধান্তও ৰাজহুৱা কৰিছে।

৩. স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত গ্ৰন্থমেলাত ৰাইজৰ প্ৰদৰ্শন কৰা আগ্ৰহে সুখবৰ কঢ়িয়াই আনিছে। নতুন প্ৰজন্মৰ মাজত মহিম বৰা, ডঃ লীলা গগৈৰ দৰে লেখকৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহৰ বিপৰীতে নতুন নতুন বিশ্লেষণাত্মক গ্ৰন্থৰো বিক্ৰী ভাল হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. হোৱাটপ-এপ গ্ৰুপ উত্তৰ পুৰুষৰ মঞ্চই উত্তৰ পূৱ গ্ৰন্থমেলাত ৩০ অক্টোবৰত ‘উত্তৰ-পুৰুষৰ কবিতা’ নাম কবিতা সংকলন এখনি উন্মোচনৰ দিহা কৰিছে। ৩১ অক্টোবৰত ছ’চিয়েল মেডিয়াত জনপ্ৰিয়তাৰ শীৰ্ষত থকা প্ৰতিভূ দত্তৰ লেখাৰ সংকলন ‘ভূ-ভাৰস্ত’ও উন্মোচিত হব। ইমেজ গ্ৰাফিক প্ৰকাশনে এইখন গ্ৰন্থৰ লগতে মৃদুল কুমাৰ সন্দিকৈৰ ‘হাফ-বয়ফ্ৰেণ্ড’ নামৰ উপন্যাসখনো গ্ৰন্থপ্ৰেমীৰ মাজলৈ আগুৱাই দিব বুলিও জানিব পৰা গৈছে।

৫. ভাৰত ভ্ৰমণলৈ অহা ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গে সমগ্ৰ ভাৰতক ইণ্টাৰনেটেৰে সংযোগ কৰিব নোৱাৰালৈ সংযোজিত বিশ্বৰ সপোন কেতিয়াও পূৰা হব নোৱাৰে বুলি মন্তব্য কৰিছে। আগ্ৰাৰ তাজমহল চাই অভিভূত হোৱা মাৰ্কে দিল্লীৰ আই.আই.টিতো বিদ্যাৰ্থী সকলৰ সৈতে কথা-বতৰাত অংশগ্ৰহণ কৰে আৰু প্ৰাথমিক ইণ্টাৰনেট সেৱাক বিনামূলীয়াকৈ দিয়াৰ বাবে তেওঁৰ প্ৰতিবদ্ধতাৰ কথাও দোহাৰে, লগতে তেওঁ নেট’ নিউট্ৰেলিটিৰ সমৰ্থনহে কৰে বুলিও অভিমত প্ৰকাশ কৰে।

৬. তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ আয়োজনত আজিৰে পৰা তেজপুৰত অনুষ্ঠিত হৈছে তেজপুৰ ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল। অসমীয়া, ইংৰাজী, খাচী, মণিপুৰীকে ধৰি বিভিন্ন ভাষাৰ পুৰস্কাৰপ্ৰাপ্ত তথা সমাদৃত ছবিবোৰ নিৰ্বাচিত কৰি চাৰিদিনীয়াকৈ এই ফেষ্টিভেলৰ আয়োজন কৰা হৈছে।

৭. নেপালৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউনিফাইড এম-এলৰ নেত্ৰী বিদ্যা দেৱী ভাণ্ডাৰী। দেশখনৰ পৰা অহা আন এটা বাতৰি হৈছে যে পূৰ্বতে কেৱল ভাৰতৰ পৰা তৈলজাত সামগ্ৰী নিয়া দেশখনে শেহতীয়াকৈ চীনৰ সৈতে চুক্তি কৰি দেশখনৰ এক তৃতীয়াংশ বজাৰ চীনলৈ মুকলি কৰিও দিছে তথা ভাৰতৰ সৈতে থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।

৮. সুধাকণ্ঠৰ মৃত্যু দিৱসত অসম সাহিত্য সভাই কেন্দ্ৰীয় ভাৱে ‘সমন্বয় দিৱস’ হিচাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশাল আয়োজন কৰা বুলি জানিব পৰা গৈছে। কুৰি হাজাৰ শিল্পীয়ে সমস্বৰে ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক গীতটি গাই শ্ৰদ্ধাঞ্জলি জনাব বুলিও জানিব পৰা গৈছে। আয়োজন চলিছে ভূপেন্দ্ৰ সংগীত, চিত্ৰাংকন আদি প্ৰতিযোগিতাৰো।

৯. গণেশগুৰিৰ নেডফি হাউচত উন্মোচিত হয় ছখনকৈ গ্ৰন্থ। দ্বিজেন ফুকনৰ ‘সোণীল সেই সুদিন’, ‘গুৱাহাটীৰ কথকতা’, ‘স্মৃতিৰৰ ছাঁ-পোহৰ’, ‘এৰি অহা দিনৰ কলাজ’, ‘বুকুত একুৰা জুই’ নামৰ গ্ৰন্থকেইখনি উন্মোচিত হয়। লগতে দিশা বৰুৱাৰ সৈতে ফুকনে ৰচনা কৰা ‘শ্বিলং শ্বিলং’ গ্ৰন্থখনো উন্মোচিত হোৱা সভাখনত অংশ লয় নিৰূপমা বৰগোহাঞি, ডঃ অণিমা গুহ আদি সুধীজনে।

১০. ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুন্দৰী প্ৰতিযোগিতা ‘ক্ৰাফটছভিলা মিছ এথনিক-২০১৫’ৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ জীয়ৰী মনীষা দলেই। প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত দেশজুৰি পঞ্চাশ হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

১১. সংগীত নাটক একাডেমীয়ে ঘোষণা কৰা ২০১৩-১৪ বৰ্ষৰ ওস্তাদ বিচমিল্লাখান যুৱ পুৰস্কাৰ লাভ কৰা ৬৬গৰাকীৰ ভিতৰত আছে দুগৰাকী অসম কন্যাও। তেওঁলোক সত্ৰীয়া নৃত্যশিল্পী অন্বেষা মহন্ত আৰু মৃদুস্মিতা দাস বুলিও জানিব পৰা গৈছে।

১২. বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক সাংবাদিকতাৰ জগতলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে ‘মাজা ক’নে’ আন্তৰ্জাতিক সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে। গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমত চলি থকা যুৱ সমাৰোহতে এই বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment