আজিৰ ভাল খবৰবোৰ
১. বেনাৰসত চলি থকা পূৱ-মাণ্ডলিক আন্তঃবিশ্ববিদ্যালয় ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ বিশ্ববিদ্যালয়ক ২-০ গ'লত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি কলকতা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আছে এই কোৱাটাৰ ফাইনেলৰ খেলখন।
২. হাৰিয়ানাত অনুষ্ঠিত চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত দ্বি-মুকুট অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে অসমৰ লেনিয়েন জমীৰে।
৩. গুৱাহাটী ডবা সন্থাৰ সহযোগিতাত অসম দবা ক্লাৱৰ আৰ.জি.এছ আন্তঃৰাষ্ট্ৰীয় মুকলি ৰেটিং দবাৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতা মহানগৰীৰ ৰয়েল গ্লৱেল স্কুলত কাইলৈৰ পৰা অনুষ্ঠিত হব। ছুইছ লীগ পদ্ধতিত আয়োজিত প্ৰতিযোগিতাখনিত মুঠ পাঁচ লাখ টকাৰ প্ৰাইজমানি থকা বুলিও জানিব পৰা গৈছে।
৪. সৰ্বভাৰতীয় ফুটবল সংস্থাৰ একাডেমিৰ দলে মণিপুৰৰ লিটল এঞ্জলছ পেৰেডাইজ স্কুলক হৰুৱাই জয় কৰিছে সুব্ৰত কাপ আন্তৰ্জাতিক ফুটবল (১৭বছৰ অনুৰ্ধ)। বিজয়ী দলটোক বঁটা প্ৰদান কৰে ফুটবলৰ জীৱন্ত কিংবদন্তি পেলেই।
৫. আজি বৰ্ষটোৰ বাবে দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব মানাহ ৰাষ্ট্ৰীয় উদ্যান।বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে পৰ্যটক সকলৰ বাবে উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰিব।
৬. অসমত বৰ্ধিত সাম্প্ৰদায়িক সম্প্ৰীতি নাশৰ বাবে দুস্কৃতিকাৰীৰ কূটাঘাতমূলক ঘটনালৈ দৃষ্টি ৰাখি ৰাজ্য চৰকাৰ প্ৰশাসনে অসমৰ প্ৰতিটো মন্দিৰ, মছজিদ, গীৰ্জাকে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহত ক্ল’জ চাৰ্কিট কেমেৰা সংস্থাপন কৰাটো বাধ্যতামূলক কৰি প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ জাৰি কৰিছে।
৭. মোবাইল সেৱাত হোৱা সঘন কল ড্ৰপৰ বিপৰীতে টেলিকম কোম্পানী সমূহে চাৰি ঘণ্টাৰ ভিতৰত একাউণ্টত এটকাকৈ ক্ষতিপূৰণ জমা কৰিব লগাটো অহা জানুৱাৰী মাহৰ ১তাৰিখৰ পৰা বাধ্যতামূলক কৰা হব। এই কথা কালি প্ৰকাশ কৰিছে টেলিকম নিয়ন্ত্ৰক সংস্থা ‘ট্ৰাই’য়ে।
৮. দেশত যুক্তিবাদী লেখকৰ হত্যা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি নাশৰ পৰিবেশ গঢ়াৰ বিপৰীতে কালি যোৰহাটৰ সচেতন নাগৰিকে সমাজে ৰাজহুৱাকৈ প্ৰতিবাদ প্ৰকাশ কৰিছে। দেশৰ আগশাৰীৰ লেখক সকলে সাহিত্য অকাডেমিকে ধৰি চৰকাৰী বঁটা-বাহন ঘূৰাই দি বিষয়টোত প্ৰতিবাদ জনোৱা কাৰ্যকো এই সভাই সমৰ্থন জনায়। সাতামপুৰুষীয়া সম্প্ৰীতি, ধৰ্ম-নিৰপেক্ষতা আৰু বাক্-স্বাধীনতা অক্ষুন্ন ৰখাৰ বাবে ৰাইজৰ সচেতন হবলৈকো এই প্ৰতিবাদী নাগৰিক সভাই আহ্বান জনায়।
৯. অন্বেষাৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত চলি থকা শিশুগ্ৰন্থ উৎসৱত ‘বিদ্যালয়ৰ পুথিভঁৰাল’ শীৰ্ষক অংশগ্ৰহণ কৰে প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তই। কাইলৈ ‘খিলঞ্জীয়া জ্ঞান উৎস আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিশু সাহিত্য’ শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব ডঃ ৰীতা চৌধুৰীয়েও। ৰাষ্ট্ৰীয় শিশু সাহিত্য কেন্দ্ৰৰ সম্পাদক ৰঞ্জন মহাপাত্ৰই এই সভাৰ সঞ্চালনা কৰিব।
১০. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব জ্যেষ্ঠ ন্যায়াধীশ টি ভাইপে। বিদায়ী মুখ্য-ন্যায়াধীশ শ্ৰীধৰ ৰাওৰ সৈতে মুকলি সংঘাতৰ নিৰসন নোহোৱাৰ বাবে বিদায়ী ন্যায়াধীশজনক হাইকৰ্ট বাৰ এচোছিয়েছনে বিদায় সম্বৰ্ধনাও নজনালে বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:
Post a Comment