ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


ফেচবুকেৰে গোটোৱা বান সাহাৰ্য লৈ মাজুলীলৈ
ডা০ ভূপেন শইকীয়া
ফেচবুকত বহু বিতৰ্ক,বহু ডাঙৰ ডাঙৰ কথাৰ আলোচনা হোৱা দেখা যায়৷ ফেচবুকৰ অপপ্ৰয়োগৰ বিষয়েও অনেক কথা দেখা আৰু শুনা যায়৷ কিন্তু ফেচবুকৰ দ্বাৰা সম্পন্ন হোৱা বহুবোৰ সজ-কৰ্ম ৰাইজৰ অগোচৰে থাকি যায়৷ সেইবিলাক সৎ প্ৰচেষ্টাৰ প্ৰচাৰ হলে তাৰ অংশীদাৰসকলে উদগণি পাব আৰু অন্যান্য লোকেও একে পথেৰে অগ্ৰসৰ হব বুলি আশা কৰিব পাৰি৷

অসমৰ একবৃহৎ অঞ্চল বানপানীৰ বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে আমি সকলোৱে অৱগত৷ শাসনকৰ্তাসকল নিজ স্বাৰ্থজনিত ৰাজনীতিত ব্যস্ত থকাত ৰাইজৰ দুখ দূৰ্গতিৰ যথোপযুক্ত খবৰ লবলৈ আহৰিয়েই পোৱা নাই৷ তেনে এক পৰিস্থিতিত কেইজনমান উদ্যমী যুৱকে ফেচবুকত 'বান সাহাৰ্য্য শিবিৰ' নামেৰ গোট খুলি বানাক্ৰান্ত মাজুলীৰ শালমৰা অঞ্চলত যোৱা ১৩চেপ্তেম্বৰত যি সহায়ৰ হাত আগবঢ়ালে তাক প্ৰসংশা নকৰি থাকিব নোৱাৰিলোঁ৷

ব্যক্তিগতভাবে কোনো এজনো ব্যক্তিৰ সৈতে মোৰ পৰিচয় নাই৷ ফেচবুকত দেখি সংগ্ৰহ কৰা সক্ৰিয় সদস্যসকলৰ কাৰোবাৰ নাম বাদ পৰিলে সেয়ে দোষ মাৰ্জনীয়৷ দাতাসকলৰ নাম তালিকাভুক্ত কৰা হোৱা নাই৷ উদ্যোক্তাসকলৰ নাম হ'ল-জনাৰ্দন নেওগ, ধ্ৰুৱ নাথ,পদূম গিৰি, ফৰিদ আহমেদ, নিতু বৰুৱা, অভিনৱ গগৈ, নয়নজ্যোতি দাস, লখিমী বৰা, বলিন বৰা, অনিতা গগৈ,প ল গগৈ, ভূবন বৰুৱা,যদু শৰ্মা, সুৰজ, মাধুৰ্য্য শইকীয়া ইত্যাদি৷

যাত্ৰাৰ আগদিনা সংগৃহীত টকাৰে চাউল, দাইল, আলু, মমবাতি, মহখেদা কইল, নিমখ আদি কিনি খৰখেদাকৈ ৰাতিৰ ভিতৰতে বিতৰণৰ সুবিধানুসৰি টোপোলা সাজু কৰা হ'ল৷ ইয়াৰ পিছত এজন সদস্যৰ মুখেৰে শুনক- “নদীৰ এই পাৰে শিৱসাগৰৰ পৰা নিমাতীঘাটলৈকে ভঙা হাত লৈ এখন হাতেৰে বিধ্বস্ত ৰাস্তাৰে নিজৰ গাড়ীৰে আমাক থৈ অহা, অসুস্থ দেহাৰেই গোটেই নিশা আমাৰ সতে উজাগৰে থাকি নিজৰ হোটেলত সমস্ত সাহায্যৰ সামগ্ৰীসমূহ পেকিং কৰাত সহায় কৰি দিয়া, নিজৰ ঘৰত খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিয়া আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ দুলদাৰ মহানুভৱতাৰ কথা স্বীকাৰ নকৰিলে আমাক ভগৱানেও মাফ নকৰিব...। কণমানি আবিৰে নিশা তিনি বজালৈকে সাৰে থাকি আমাক সামগ্ৰী সমূহ পেকিং কৰাত যি সহায় কৰিলে সেয়াও আমি নাপাহৰোঁ। আৰু দুলদাহঁতৰ বৌয়ে ইমান সুস্বাদু ব্যঞ্জনেৰে আমাক ভাত ৰান্ধি খোৱালে, আমাৰ জিভাত তাৰ সোৱাদ বহুদিনলৈ লাগি থাকিব...। জীৱনত বহু ঠাই ঘূৰিলোঁ, বহুত মানুহেই লগ পালোঁ; কিন্তু প্ৰথম বাৰৰ বাবে লগ পাই বহুদিনৰ চিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰা, অতি খোলা মনৰ আৰু মৰমিয়াল মাজুলীৰ লখিমী বাইদেউৰ দৰে মানুহ খুউব কম পাইছোঁ। তেখেতৰ আদৰ-সাদৰে মোৰ মনত সঁচাকৈয়ে সাঁচ বহুৱালে যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। নদীৰ সিপাৰে আমাৰ বাবে ফেৰীঘাটত ৰৈ থকা লখিমী বাইদেৱে সম্পূৰ্ণ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বান সাহাৰ্য্যৰ অনুষ্ঠানটো সফল কৰাৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ বাবে বাইদেউক অশেষ ধন্যবাদ যাচিলোঁ”।
মোখনিত এটা প্ৰসংশনীয় কথা উল্লেখ নকৰিলে নহ'ব৷ মাজুলীৰ পৰা সাহাৰ্য্য প্ৰদান কৰি ঘূৰি আহিয়েই দলটোৱে জমা খৰছৰ পৰিস্কাৰ হিচাপ ৰাজহুৱাকৈ ডাঙি ধৰিছে৷ৰাজহুৱা কামত এনে স্বচ্ছতাৰ একান্তই আৱশ্যক৷ ভবিষ্যতে এই গোটটোৱে বৃহৎ কলেবৰৰ দায়িত্বশীল সামাজিক সুকৰ্ম সফলতাৰে সম্পন্ন কৰিব পাৰিব বুলি আমি আশাবাদী৷

লেখক কাটাৰৰ দোহাত কৰ্মৰত

No comments:

Post a Comment