সুখ-দুখৰ বতৰাঃ ১ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১) অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্য‌ৱস্থাপনা বিভাগে পট্টাদাৰসকলৰ  নামজাৰী, বাটো‌ৱাৰা আৰু ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ জৰিয়তে ৰাজ্যখনৰ ভূমি নথিসমূহ উন্নীতকৰণ কৰাৰ বাবে ১ ছেপ্তেম্বৰৰপৰা ১৫ অক্টোবৰলৈকে বিশেষ অভিযান আৰম্ভ কৰিছে। এই উপলক্ষে লাট মণ্ডলসমূহে নিজৰ নিজৰ গাঁও/অঞ্চল পৰিদৰ্শন কৰি খতিয়ান দিব আৰু নাগৰিকসকলে নিজৰ আ‌ৱেদনসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব পাৰিব ।

২) প্ৰায় ২৬ জন মানুহে ৩ গৰাকী লোকক অতি নৃশংসভা‌ৱে হত্যা কৰা এটি ঘটনাৰ ৰায় আদালতে কালি এঘাৰ বছৰৰ পাছত দিয়ে। এই ৰায় অনুসৰি বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশে অভিযোগটোত জড়িত ১৯ জন ব্যক্তিক যাৱজ্জী‌ৱন কাৰাদণ্ড আৰু ৫ জনক সাত বছৰৰ বাবে কাৰাবাসৰ শাস্তি প্ৰদান কৰে ।

৩) বেংককত এছিয়ান বক্সিং কনফেডাৰেছনে আয়োজিত কৰা এ.এছ.বি.ছি. এছিয়ান চিনিয়ৰ (এলিট) মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জিকি দেশলৈ গৌৰ‌ৱ কঢ়িয়াই অনা অসমৰ জী‌য়ৰী ফাইলাও বসুমতাৰীক কালি অসম এমেছাৰ বক্সিং সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

৪) খাৰু‌ৱা তেলৰ আন্তঃৰাষ্ট্ৰী মূল্য হ্ৰাস হো‌ৱাৰ পৰিপেক্ষিতত ভাৰতৰ ৰাজহু‌ৱা খণ্ডৰ তেল-কোম্পানীসমূহে কালি ৰাতিৰে পৰা কাৰ্যকৰী হো‌ৱাকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য হ্যাস কৰিছে। পেট্ৰলৰ মূল্য ২ টকা আৰু ডিজেলৰ মূল্য ০.৫০ টকা কম কৰা হৈছে ।

৫) লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠীয়ে আজি সন্ধিয়া ছয় বজাৰপৰা ৰবীন্দ্ৰ ভ‌ৱনত শ্ৰদ্ধাৰে স‌ো‌ৱঁৰিব সুধাকন্ঠ ভূপেন হাজৰিকাক। এই অনুষ্ঠানত কমেও এশ শিশু-কিশোৰ আৰু যু‌ৱক-যু‌ৱতীয়ে ভূপেন্দ্ৰ সংগীতৰ তালে তালে নাচিবলগীয়া এই অনুষ্ঠানৰ জেউতী চৰাব গায়ক সমৰ হাজৰিকা, ভায়লিন বাদক মনোজ বৰু‌ৱা আৰু নৃত্যশিল্পী ৰ'দালী বৰা আদিয়ে। বিনামূলীয়া এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আয়োজকসকলে সকলোকে অনুৰোধ জনাইছে ।

৬) ফাঁচীবজাৰৰ পুৰণা কাৰাগাৰৰ সমীপত কালি উদ্বোধন কৰা হয় এটি অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত ৰাজহু‌ৱা স্নানাগাৰ-শৌচাগাৰ। ৪০.৫ লাখ টকাৰে নিৰ্মিত এই শৌচাগাৰটো নিৰ্মাণ কৰিছে গু‌ৱাহাটী পৌৰ নিগম আৰু অখিল ভাৰতীয় পৰ্যাবৰণ এবম গ্ৰামীন বিকাশ সংস্থানে যুটীয়াভা‌ৱে  ৬০:৪০ অনুপাতত।  উল্লেখ্য ইয়াত বিকলাংগসকলৰ বাবেও বিশেষ সা-সুবিধাৰ ব্য‌ৱস্থা কৰা হৈছে ।

৭) ৰাজস্থানৰ এজন মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ ৰ‌ৱি  পাৰোদাই দেশৰ আটাইতকৈ কম মূল্যৰ গাড়ী এখনৰ মডেল তৈয়াৰ কৰিছে । এই গাড়ীখনত মটৰ চাইকেলত ব্য‌ৱহৃত হো‌ৱা ইঞ্জিন ব্য‌ৱহাৰ কৰা হৈছে আৰু ইয়াৰ বাবে খৰছ হৈছে মাত্ৰ চল্লিছ হাজাৰ টকা। গাড়ীখনে ভাৰতীয় দুখীয়া পৰিয়ালৰ মানুহখিনিক যাতায়তৰ ক্ষেত্ৰত সকাহ দিব পাৰিব বুলি ৰ‌ৱি আশাবাদী ।

৮) ব্ৰিটেইনৰ নতুন অনুপ্ৰে‌ৱেশ সম্পৰ্কীয় অধিসূচনাৰ বাবে তাত কৰ্মৰত হৈ থকা বহুতো ভাৰতীয় নাৰ্ছৰে চাকৰিৰ কাৰ্যকাল শেষ হো‌ৱাটো নিশ্চিত হৈ পৰিছে। এই সম্পৰ্কত ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে সেইসকল নাৰ্ছে আহি স্বভূমিত ঠিকাভিত্তিকভা‌ৱে সে‌ৱা আগবঢ়াব পাৰিব ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ জৰিয়তে ।

৯) দিল্লী মহানগৰত বসবাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতীয় নাগৰিকক সুৰক্ষা দি তেওঁলোকৰ ভিন-ভিন অসুবিধাসমূহ দূৰ কৰিবৰ বাবে চেষ্টা চলাবলৈ অৰবিন্দ কেজৰি‌ৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে এটি নিৰ্দিষ্ট বিশেষ কোষ গঠন কৰিব। এই বিষয়ে আলোচনা কৰিবলৈ তেওঁ কালি উ:পূ:ৰ কেইবাটাও সংগঠনৰ বিষয়-ববীয়াসকলৰ সতে মিলিত হয়।

১০) দিল্লীৰ চীনা অধ্যয়ন প্ৰতিষ্ঠানত এটা বক্তব্য ৰাখি মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমনিয়ামে কয় যে চীনৰ অৰ্থনৈতিক সংকট ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এক ঐতিহাসিক সুবিধাস্বৰূপ হ'ব পাৰে । চীনমূলীয় কোম্পানীসমুহে এই সংকটৰ সময়ত নিজকে ৰক্ষা কৰিবৰ বাবে  ভাৰতত বিনিয়োগ কৰিব পৰাৰ সম্ভা‌ৱনীতাৰ কথা দোহাৰিয়েই তেওঁ এই মন্তব্য কৰে ।

No comments:

Post a Comment