সুখ-দুখৰ বতৰাঃ ১২ ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১২ ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১২ ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. ‘নামঘোষা’ৰ ঘোষা সমূহৰ ইতিবৃত্ত বাখ্যা, বিশ্লেষণ আৰু তাতপৰ্য সংকলিত হোৱা “ঘোষা নামে শাস্ত্ৰ এক, দুলড়িখণ্ড” নামৰ হেমভাইৰ গ্ৰন্থখনি গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমত কালি উন্মোচন কৰিলে ডঃ লক্ষ্মীনন্দন বৰাই। এই বিশাল গ্ৰন্থৰ চাৰিটা খণ্ড বৰ্তমানলৈকে প্ৰকাশ পাইছে। লগতে মাৰাঠী ভাষাৰ পৰা হেমভায়ে অসমীয়া ভাষালৈ অনুবাদ কৰা ‘সংস্কৃত গীতাৰ সমশ্লোকী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লোককলা বিভাগৰ সহযোগী অধ্যাপক ডঃ মৃণাল কুমাৰ বৰাই।

২. অহা ২৯ অক্টোবৰত ৰাজ্যিক বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকাল শেষ হব বুলি বাতৰি প্ৰকাশ পাইছে আৰু দলটোৱে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰিব বুলিও জানিব পৰা গৈছে।

৩. নগাঁও মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় “অসমৰ বৰ্তমানৰ উচ্চ শিক্ষাৰ ব্যৱস্থা” শীৰ্ষক যজ্ঞেশ্বৰ শৰ্মা স্মাৰক বক্তৃতাৰ। বিশিষ্ট ইতিহাসবিদ ডঃ উদয়াদিত্য ভৰালীয়ে এই বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটোত ১৪খন মহাবিদ্যালয়ৰ শতাধিক অধ্যাপক অধ্যাপিকাই অংশগ্ৰহণ কৰে।

৪. নলবাৰী চহৰত ১৯৯০চনত স্থাপিত হোৱা নলবাৰী আৰবান বেংকৰ ৰূপালী জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰ কালি শুভাৰম্ভ হয়। বেংকৰ পদূলিত প্ৰাক্তন সঞ্চালকৰ সৈতে বৰ্তমানৰ পঁশিচ গৰাকী সঞ্চালকে ২৫খন পতাকা উত্তোলন কৰি বৰ্ষটোত পালন কৰিব লগা বিভিন্ন কাৰ্যসূচীবোৰৰ শুভাৰম্ভ কৰে বুলিও জানিব পৰা গৈছে।

৫. শিৱসাগৰ জিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত “৬০০বছৰীয়া ৰাজত্ব কালত অসমৰ সাংস্কৃতিক জগতলৈ আহোম সকলৰ অৱদান” শীৰ্ষক আলোচনা চক্ৰ শিৱসাগৰত অনুষ্ঠিত হয়। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আৰু বিশিষ্ট শিক্ষাবিদ ডঃ মহেন্দ্ৰ নাথ বুঢ়াগোহাঁইয়ে সাংস্কৃতিক সমন্বয় আৰু সকলো জনগোষ্ঠীকে যোগ্যতাৰ ভিত্তি বাব দিয়া আহোম শাসনকালৰ ধৰ্ম-নিৰপেক্ষ নীতিৰ বিষয়েও বাখ্যা আগবঢ়ায়।

৬. শ্বিলঙৰ বিষ্ণুপুৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত তিনি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ তিৰোভাৱ তিথি অহা ১৩-১৫ ছেপ্তেম্বৰলৈ আয়োজিত হৈছে। ধৰ্মালোচনা. নামকীৰ্তনৰ লগতে ১৫তাৰিখৰ সন্ধিয়া কেন্দ্ৰটোৰ শিল্পীসকলে ‘দুৰ্যোধনৰ উৰুভংগ’ নাচখন নামঘৰ প্ৰাংগণত মঞ্চস্থ কৰিব বুলিও জানিব পৰা গৈছে।

৭. সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত সোতৰ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা অহা ৩০অক্টোবৰৰ পৰা ৮নৱেম্বৰলৈ অনুষ্ঠিত হব। এই বছৰৰ গ্ৰন্থমেলাৰ মূল বিষয় ‘মেলডিজ অৱ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ’ বুলি ঘোষণা কৰাৰ লগতে মূলমঞ্চখন শিল্পী খগেন মহন্তৰ নামত উৰ্ছগা কৰা হব বুলি সংস্থাই প্ৰকাশ কৰিছে।

৮. পৰেশ বৈশ্য ফাউণ্ডেচনৰ উদ্যোগত তথা শৰাইঘাট জাৰ্নেলিজিম ফ’ৰামৰ সহযোগত অহা ১৫ ছেপ্তেম্বৰত ‘শিক্ষা-সাংবাদিকতাৰ দিন’ উদযাপনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত পৰেশ বৈশ্য সম্পাদিত ‘অসমীয়া আধুনিক অভিধান’ খন উন্মোচন কৰা হব। লেখক ভৱেশ মহন্তৰ বক্তৃতাৰ পাছতে সদৌ ভিত্তিত আয়োজিত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক ডঃ গুণাৰাম খনিকৰ বঁটা আৰু শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু নিকেতনক প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৯. বিশিষ্ট লেখক জীৱকান্ত গগৈৰ ‘গল্পগুল্ম’ শীৰ্ষক সংকলনটি কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ময়ূৰ বৰাৰ লগতে উন্মোচনীত অংশ লয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰফুল্ল কুমাৰ মহন্তয়ো।

১০. গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আজি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যুতিথি উপলক্ষত ‘শিল্পী-সামৰোহ দিৱস’ উদযাপিত হৈছে। অসম নাট্য সন্মিলনৰ মহানগৰ আঞ্চলিক শাখাৰ সৌদন্যত এই অনুষ্ঠান কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে।

No comments:

Post a Comment