সুখ-দুখৰ বতৰাঃ ১৩ ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৩ ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৩ ছেপ্তেম্বৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. ২০১৫চনৰ 'চাতক সন্মান' প্ৰদানৰ বাবে নিৰ্বাচন কৰা হৈছে বৰেণ্য চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু সংগীত শিল্পী ৰমেন বৰুৱাৰ নাম। তেজপুৰৰ সাংস্কৃতিক সংগঠন চাতকে অহা ২২নৱেম্বৰত বান থিয়েটাৰৰ প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিব।

২. গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ছিগেনচাৰ বঁটা প্ৰদান অনুষ্ঠান। ছিগনেচাৰ সৰ্বগুণসম্পন্না বঁটাৰে সন্মানিত হয় সংগীতা চৌহান। এই অনুষ্ঠানতে প্ৰদৰ্শিত হয় বিভিন্ন সাজ-পাৰ সমৃদ্ধ মডেলিঙে।

৩. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে। এই উপলক্ষত দ্বিতীয়গৰাকী অধ্যক্ষ নিৰছানন্দ দাসগুপ্তৰ সোঁৱৰণত কলেজৰ প্ৰেক্ষাগৃহত এক স্মাৰক বক্তৃতা যোৱা ৭ছেপ্তেম্বৰত অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰদান কৰে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ডঃ এ ডি সহস্ৰবুদ্ধেই।
 
 ৪. বামুনীমৈদামৰ কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল ছায়েঞ্চৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত এক বিনামূলীয়া ফিজিঅ’থেৰাপী শিবিৰ অনুষ্ঠিত কৰা হয়। ৫০জনৰো অধিক সংবাদসেৱীলৈ ইয়াৰে সেৱা আগবঢ়োৱা হয় বুলিও জানিব পৰা গৈছে।

৫. অসম নাট্য সন্মিলনৰ মহানগৰ আঞ্চলিক শাখাৰ উদ্যোগত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত কালি লক্ষ্মীৰাম বৰুৱা সদনত কেন্দ্ৰীয় শিল্পী সমাৰোহ দিৱস পালন কৰা হয়। অসমৰ নাট্য আন্দোলনৰ সহ-অভিনয়ৰ ইতিহাস আৰু ব্ৰজনাথ শৰ্মাৰ অৱদান শীৰ্ষক এটি বক্তৃতানুষ্ঠানো লগতে অনুষ্ঠিত হয়।

৬. আজিৰে পৰা অসম সাহিত্য সাহিত্য সভাই নগাঁৱৰ পৰা আৰম্ভ কৰিছে “সেতুবন্ধন-উজ্জীৱন” যাত্ৰা। খগেন মহন্ত প্ৰেক্ষাগৃহত অৰ্চনা চক্ৰৱৰ্তী ন্যাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত অৰ্থনীতি, সংস্কৃত আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু কোনো বিষয়ক উচ্চতৰ মাধ্যমিকৰ এশ শতাংশ লাভ কৰা শিক্ষাৰ্থীকো এই অনুষ্ঠানতে বঁটা প্ৰদান কৰা হব। সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই মত বিনিময়ত ভাগ লোৱাৰ লগতে এখনি কবি সন্মিলনো অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

৭. গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যায়লত ডঃ ভূপেন হাজৰিকাৰ নামত দুখন আসন প্ৰতিষ্ঠাৰ বাবে কাৰ্যকৰী ব্যৱস্থা কৰা হব। এই কথা অসমৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰাৰ লগতে অসম সাহিত্য সভাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যভাষা আইন প্ৰয়োগ আৰু জাতীয় সংগীত পৰিবেশনৰ বাবেও যাৱতীয় পদক্ষেপ লব বুলি সুখবৰ প্ৰকাশ পাইছে।

৮. শিশু আলোচনী ‘হিয়াৰ ৰামধেনু’ৰ উদ্যোগত আয়োজিত শিশু সাহিত্যৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ অঞ্জু দেৱী বেজবৰুৱা শিশু সাহিত্য বঁটা আৰু হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা গুৱাহাটী প্ৰেছ ক্লাৱত আজি প্ৰদান কৰা হব। লেখক গগণ চন্দ্ৰ অধিকাৰী, বন্দিতা ফুকন, তোষপ্ৰভা কলিতা আদি সুধীজনেও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

৯. জি.টিভিয়ে আয়োজন কৰা ডেন্স ইণ্ডিয়া ডেন্সত শীৰ্ষ দহোটা স্থানত নিজৰ প্ৰতিভা উজলাবলৈ সক্ষম হৈছে বাক্সা জিলাৰ প্ৰণীতা স্বৰ্গীয়াৰীয়ে। প্ৰণীতাই ঐশ্বৰ্য ৰায় আৰু ইৰফান খান অভিনীত ছবি ‘জজবা’ ছবিতো নৃত্য কৰাৰ লগতে ‘দেলহি টু বড়োলেণ্ড’ নামৰ বড়ো ভাষাৰ ছবিতো অভিনয় কৰিছে বুলি জানিব পৰা গৈছে।

১০. ডেৰাডুনত অনুষ্ঠিত অল ইণ্ডিয়া বেডমিণ্টনত অসমৰ অস্মিতা চলিহাই ছোৱালীৰ ১৭ অনুৰ্ধৰ শাখাত খিতাপ অৰ্জন কৰিছে। ইণ্ডোনেছিয়াত হব লগা এছিয়ান বেডমিণ্টনত অস্মিতাই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। সম্প্ৰতি অস্মিতা ১৭ অনুৰ্ধ শাখাত দেশৰ এক নম্বৰ খেলুৱৈ হিচাবে পৰিগণিত হৈছে।

No comments:

Post a Comment