জীৱনৰ অৰ্থনীতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


(প্ৰসংগঃচীট ফাণ্ড কোম্পানীৰ নতুন মুখা) 
শিথিল বিত্তীয় নিয়ন্ত্ৰকৰ সন্ধানত অসাধু চক্র
ভাস্কৰ জ্যোতি বৰুৱা
খবৰটো প্ৰায় আঢ়ৈ বছৰ পুৰণি৷ প্ৰকাশ পাইছিল অনলাইন বিত্ত বিষয়ক দৈনিক ‘লাইভ মিন্ট’ত ২০১৩ চনৰ ২১ মে’ত৷ বাতৰিটোৰ সাৰাংশ হ’ল - সাৰদা পতনৰ পিচত যিবিলাক সমগোত্ৰীয় কোম্পানীয়ে মাটি বিক্রীৰ অগ্ৰিম ধন অথবা হোটেল বুকিং আদি বিভিন্ন পন্থাৰে ‘মাছ নহয় জিজি’ হিচাপে ৰাইজৰ ধন সংগ্ৰহ কৰিছিল, তেওঁলোকে চেষ্টা কৰিছে বেলেগ নাম আৰু পৰিচয়েৰে কেন্দ্ৰ বা পশ্চিমবংগ চৰকাৰৰ পৰা সমবায় সংঘ অৰ্থাৎ কো-অপাৰেটিভ ছ’চাইটি হিচাপে পঞ্জীয়নভুক্ত হ’বলৈ৷ যদিওবা তেওঁলোকে কো-অপাৰেটিভ ছ’চাইটিৰ বাবে থকা নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হ’বলৈ বাধ্য হ’ব, তথাপি ইয়াৰ দ্বাৰা সেই কোম্পানীবোৰৰ বাবে নতুন জীৱন যেন হ’ব৷ কাৰণ তেওঁলোকে পুৰণি এজেন্ট আৰু কৰ্মীক ব্যৱহাৰ কৰি পুনৰ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিব৷ চতুৰ হিচাপ ৰক্ষণ পদ্ধতিৰে সমবায়ৰ ধন উলিয়াই নি পুৰণি আঁচনিৰ গ্ৰাহকক ধন ঘূৰাই দিবলৈ তেওঁলোক সক্ষম হ’ব বুলি বহু বিশেষজ্ঞই বিশ্বাস কৰে৷ ডি এন ঠাকুৰ নামৰ কেন্দ্ৰীয় কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ বিষয়া এগৰাকীৰ মতে তেওঁলোকে সন্দেহ কৰিছে যে ইতিমধ্যেই তেওঁলোকৰ হাতত থকা কিছুমান আবেদন পত্ৰ আহিছে অবৈধভাৱে ধন সংগ্ৰহ কৰা প্ৰতিষ্ঠানসমূহৰ পৰা৷

‘আম খাওক, গছ গণিবলৈ বাদ দিয়ক’ জাতীয় আশ্বাস কিয় বিনিয়োগৰ পৃথিৱীত বিপজ্জনক উপৰোক্ত বাতৰিটোৱে আকৌ এবাৰ সোঁৱৰাই দিয়ে৷ ভাৰতীয় ৰিজাৰ্ভ বেংক, ছেবিৰ নিচিনা সংস্থাবোৰৰ ভূমিকা বিত্তীয় নিয়ন্ত্ৰক হিচাপে কঠোৰ হৈ অহাৰ লগে লগে বহু প্ৰতিষ্ঠানে এই সংস্থা দুটাই ঢুকি নোপোৱাৰ দূৰত্বত থাকিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাটো পৰিলক্ষিত হৈছে৷ যদিহে কোনো সংস্থাই ‘ৰাইজৰ ধন জমা লোৱা’(পাব্লিক ডিপ’জিট)ৰ ব্যৱসায় কৰিব বিচাৰে, তেন্তে ৰিজাৰ্ভ বেংকৰ অধীনত আৰ এন বি চি (ৰেচিডুৱেৰী নন বেংকিং কোম্পানী) হিচাপে সেয়া কৰিব পাৰে৷ ছেবিৰ অধীনতো সমূহীয়া বিনিয়োগ আঁচনি (কালেক্‌টিভ ইনভেষ্টমেন্ট স্কীম) হিচাপে কোনো সংস্থাই ৰাইজৰ পৰা ধন জমা লৈ বিনিয়োগৰ ব্যৱসায় কৰিব পাৰে৷ কিন্তু দেখা গৈছে যে বৰ্তমান ৰাইজৰ ধন জমা লৈ ব্যৱসায় কৰিব খোজা বহুতৰে মনোভাব হৈছে- যদি নিয়ন্ত্ৰকৰ অধীনত থাকিবই লাগে, তেন্তে সেয়া কো-অপাৰেটিভ ছ’চাইটিৰ পঞ্জীয়ক হোৱা ভাল৷ যিবিলাক বিত্তীয় প্ৰতিষ্ঠানে কো-অপাৰেটিভ ছ’চাইটিৰ পোছাক পিন্ধি নিজৰ কাম-কাজ আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সমবায় আন্দোলনৰ লক্ষ্যৰ লগত কিমান খাপ খোৱা, তাক সন্দেহ কৰিবলৈ নিশিকাটোৱে আকৌ এবাৰ আপুনি প্ৰতাৰিত হোৱাৰ বাট মুকলি কৰিব পাৰে৷

কো-অপাৰেটিভ শব্দটোৰ মূল লেটিন শব্দটো হৈছে ‘কো-অপাৰাৰি’, য’ত ‘কো’ৰ অৰ্থ হৈছে ‘লগত’ আৰু ‘অপাৰাৰি’ৰ অৰ্থ হৈছে ‘কাম কৰিবলৈ’৷ অৰ্থাৎ কাম কৰিবলৈ একলগ হোৱা৷ কো-অপাৰেটিভ ছ’চাইটিবোৰৰ মূল উদ্দেশ্য ব্যৱসায়ৰ জৰিয়তে লাভ অৰ্জন নহয়৷ কো-অপাৰেটিভ ছ’চাইটি গঠনৰ জৰিয়তে এখিনি মানুহ সংঘবদ্ধ হয় তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্য সাধনৰ নিমিত্তে৷ উদাহৰণস্বৰূপে উপভোক্তা সমবায় সংঘ গঠনৰ জৰিয়তে সকলো সদস্যক কম দামত ভাল বস্তু ক্রয় কৰিবলৈ সুবিধা প্ৰদান কৰা হয়৷ কো-অপাৰেটিভ মাৰ্কেটিং ছ’চাইটিবোৰ গঠন কৰা হয় সদস্যসকলৰ উৎপাদিত সামগ্ৰীক বজাৰ এখন দিবৰ বাবে৷ যাতে সদস্যসকলে বজাৰৰ বাবে চিন্তা নকৰি উৎপাদনত মনোনিৱেশ কৰিব পাৰে৷ সেইদৰে কো-অপাৰেটিভ ক্রেডিট ছ’চাইটিবোৰ গঠন কৰাৰ মূল উদ্দেশ্য হ’ল সকলো সদস্যক সঞ্চয়ৰ সুবিধা দিয়া আৰু কম সুতত ঋণ পোৱাৰ ব্যৱস্থা কৰা৷ বিনিয়োগ যোগ্য অতিৰিক্ত ধন ছ’চাইটিখনৰ হাতত থাকিলে সদস্যসকলৰ বাহিৰেও বেলেগক টকা ধাৰলৈ দিব পাৰে৷ সুত হিচাপে যি লাভ অৰ্জন হ’ব, সেয়া ছ’চাইটিখনৰ খৰচৰ শেষত ৰৈ গ’লে প্ৰাথমিক সদস্যসকলৰ মাজত সমবিতৰণ হ’ব৷ এতিয়া কথা হ’ল ‘লাইভ মিন্ট’ত প্ৰকাশ পোৱাৰ দৰে অবৈধ আঁচনি চলোৱা প্ৰতিষ্ঠানসমূহৰ কৰ্ণধাৰসকলৰ কো-অপাৰেটিভ ক্রেডিট ছ’চাইটিলৈ প্ৰতিষ্ঠানটোক সলনি কৰা বা নতুনকৈ খোলাৰ প্ৰচেষ্টা সমবায় আন্দোলনৰ অংশীদাৰ হ’বলৈ কৰা সজ প্ৰচেষ্টা বুলি পতিয়ন যাব পাৰি জানো? যি ধন আপোনাৰ পৰা সংগ্ৰহ হ’ব সেয়া ছ’চাইটিখনৰ বাবে পুঁজি৷ যদিহে আপুনি সেই ছ’চাইটিখনৰ প্ৰাথমিক সদস্য তেন্তে সেই পুঁজিৰ পৰা প্ৰয়োজনত আপুনিও ঋণ পোৱাৰ লগতে লাভালাভৰো অংশীদাৰ হ’ব৷ একমাত্ৰ আপুনি জমা কৰিব বিচৰা ধনৰ বাবে অত্যধিক সুতৰ সপোন দেখুৱাই আপোনাৰ পৰা টকা লোৱাৰ স্বাৰ্থত কোনোবা অচিনাকি ছ’চাইটি এখনে আপোনাক সদস্য কৰিব খুজিছে নেকি? কথাবোৰ গুৰুত্বসহকাৰে আপুনি টকা জমা কৰাৰ আগতে ভবা উচিত৷ কো-অপাৰেটিভ ছ’চাইটি এখনে সদস্যসকলৰ পৰা সংগৃহীত ধন ক’ত ক’ত বিনিয়োগ কৰিব বা কৰিছে সেই বিষয়েও জানিবলৈ চেষ্টা কৰা ভাল৷ ছ’চাইটিখনে যদি সংঘৰ স্বেচ্ছামূলক নীতি-নিয়ম (বাই ল) অনুসৰি বিনিয়োগৰ বাবে অফুৰন্ত স্বাধীনতা নিজৰ হাতত ৰাখিছে, সেয়া সাধাৰণ সদস্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷

যিবোৰ ক্রেডিট ছ’চাইটিৰ সদস্য এখন ৰাজ্যতে সীমাবদ্ধ থাকে তেনে ছ’চাইটিবোৰক ৰাজ্যিক সমবায় সংঘ বোলা হয়৷ সেই ৰাজ্যৰ সমবায় পঞ্জীয়কে তেনে সংঘবোৰৰ নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰে৷ আনহাতে যিবোৰ ক্রেডিট কো-অপাৰেটিভ ছ’চাইটিৰ সদস্য একাধিক ৰাজ্যত বিয়পি থাকে তেনেবোৰ ছ’চাইটিক বহুৰাজ্যিক সমবায় সংঘ বা মাল্টিষ্টেট কো-অপাৰেটিভ ছ’চাইটি বোলা হয়৷ যাৰ নিয়ন্ত্ৰক হৈছে কেন্দ্ৰীয় কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় কো-অপাৰেটিভ ছ’চাইটিৰ পঞ্জীয়ক৷ লক্ষণীয় দিশটো হ’ল যে বিত্তীয় ভণ্ডামি ৰোধৰ বাবে কো-অপাৰেটিভ ছ’চাইটিৰ পঞ্জীয়কজনৰ হাতত থকা ব্যৱস্থাটো কিমান সক্ষম? প্ৰচলিত কো-অপাৰেটিভ ছ’চাইটিৰ বাবে থকা নীতি-নিৰ্দেশনাবোৰে এইক্ষেত্ৰত কিমান সহায় কৰে? দুৰ্ভাগ্যবশতঃ বিত্তীয় নিয়ন্ত্ৰকৰ ভূমিকাত কেন্দ্ৰীয় কৃষি আৰু সমবায় মন্ত্ৰ্যালয় ছেবি বা ৰিজাৰ্ভ বেংকৰ সমপৰ্যায়ৰ বুলি বহু বিশেষজ্ঞই বিশ্বাস নকৰে৷ সন্দেহজনক বুলি আখ্যা পোৱা বহুতৰে নতুনকৈ সমবায় প্ৰীতিয়ে যেন তাকেই প্ৰমাণ কৰে৷ হ’ব পাৰে ব্যক্তিগত লাভালাভৰ উদ্দেশ্যৰে পৰিচালিত নোহোৱা ব্যৱস্থা এটাক অতি কঠোৰ নীতি-নিয়মৰ আৱশ্যক হোৱা নাছিল কিজানি অতীতত৷ কিন্তু এতিয়া দিন-কাল সলনি হৈছে৷ সেয়ে যিসকলে মাত্ৰ সুৰুঙা বিচাৰি বা আন বেলেগ বিত্তীয় নিয়ন্ত্ৰকৰ চোকা দৃষ্টিত টিকিব নোৱাৰি কো-অপাৰেটিভ ছ’চাইটি হ’ব খুজিছে বা হৈছে তেওঁলোকৰ ফান্দত নপৰাকৈ থকাটো এজন বিনিয়োগকাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ একেদৰেই গুৰুত্বপূৰ্ণ আমাৰ চৰকাৰেও এই বিষয়ত সঠিক পদক্ষেপ গ্ৰহণ কৰাটো৷ যদি প্ৰৱঞ্চকে আইনৰ সুৰুঙা দেখা পাইছে, আইনৰ প্ৰণেতাসকলে সেই সুৰুঙা অতিশীঘ্ৰেই বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয়৷
দূৰভাষ-৯৯৫৪০৬২০৯৫ (অসমীয়া প্ৰতিদিন কাকতত ২০১৪ চনৰ ২৩ অক্টোবৰ তাৰিখে প্ৰকাশ পাইছিল)

No comments:

Post a Comment