সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) আজি সুধাকন্ঠ ভূপেন হাজৰিকা দে‌ৱৰ জন্মদিন। এই উপলক্ষে ৰাজ্যখনৰ সকলো ঠাইতে উলহ-মালহেৰে সুধাকন্ঠক সুঁ‌ৱৰি গীত-মাতৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ছাত্ৰ সন্থাৰ উদ্যোগত দীঘলী-পুখুৰীৰৰ পাৰত 'উদ্দীপন' নাম দি এটি অনুষ্ঠান পাতি হাজৰিকাদে‌ৱৰ গীতক নপ্ৰজন্মৰ মাজত জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা হাতত লো‌ৱা হৈছে। ইয়াৰোপৰি ৰাজ্য চৰকাৰে ১৯৮ টা উন্নয়ন খণ্ডত ভূপেন হাজৰিকা স্মৃতি মুকলি মঞ্চ-উদ্যান মুকলি কৰিছে।

২) বিশ্বনাথ চাৰিআলি, চৰাইদেউ, হোজাই ,দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলঙকে ধৰি ৫ খন নতুন জিলা গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে লো‌ৱা সিদ্ধান্তক কেবিনেটে মঞ্জুৰ কৰিছে। এই সভাতে কেবিনেটে গৃহৰক্ষী জো‌ৱানসকলৰ চাকৰিৰ কাৰ্যকাল ৫৫ বছৰ বয়সলৈকে বৃদ্ধি কৰিছে ।

৩) সদ্যহতে সামৰণি পৰা ড০ মহেশ্বৰ নেওগ জন্ম শতবাৰ্শিকীৰ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত এক সভাত বিশিষ্ট ভাষাবিদ গণেশ ডেভীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰু‌ৱাৰ পাছতে তৃতীয়জন শ্ৰেষ্ঠ অসমীয়া হ'ল ড০ মেহশ্বৰ নেওগ। শংকৰেদে‌ৱক আজি বিশ্ব-দৰবাৰত প্ৰতিষ্ঠিত কৰাত নেওগৰ অৰিহণা সৰ্বোতম বুলি তেওঁ উল্লেখ কৰে।

৪) গু‌ৱাহাটীৰ ফাঁচীবজাৰৰ হেম বৰু‌ৱা পথত কালি গু‌ৱাহাটী পৌৰনিগমে উচ্ছেদ কৰে ৪৫খন পদপথ ব্য‌ৱসায়ীৰ দোকান-গৃহ । ইয়াৰ ওপৰি ৰেল বিভাগে গান্ধীবস্তি বহুতো বেদখলকাৰী জুপুৰী ঘৰ উচ্ছেদ কৰে ।

৫) ভূপেন হাজৰিকাৰ জন্মদি‌ৱসৰ লগত সংগতি ৰাখি গাড়ীগা‌ৱঁৰ কুঁহি প্ৰতিভা বিকাশ কেন্দ্ৰৰ উদ্যোগত আজি এখনি শিশুনাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অসমৰ ভিন্ন ঠাইৰ কেইবাটাও নাট্যগোষ্ঠীয়ে নাট পৰি‌ৱেশন কৰিব ।

৬) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ তৰফৰপৰা ২০১৪ বৰ্ষৰ বাবে পৰামৰ্শদাতা বঁটা আগবঢ়ো‌ৱা হৈছে গু‌ৱাহাটীৰ পূ‌ৱ গীতানগৰত অ‌ৱস্থিত গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ বসন্ত কুমাৰ ভূঞাঁলৈ ।

৭) গু‌ৱাহাটীস্থিত খাদ্য প্ৰতিষ্ঠান জেবিজতো যো‌ৱা পাঁচ চেপ্তেম্বৰত শিক্ষক দি‌ৱস আয়োজন কৰা হয়। এই উপলক্ষে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা শিক্ষকতা বঁটা লাভ কৰা ৰাজ্যখনৰ মুঠ ৩৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনো‌ৱা হয়।

৮) কেন্দ্ৰীয় যু‌ৱ আৰু ক্ৰীড়া পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সো‌নো‌ৱালে জনায় যে কটন মহাবিদ্যালয়ত অতি শীঘ্ৰেই নিৰ্মাণ কৰি উলিও‌ৱা হ'ব এতি ভিন্ন সুবিধাৰে পৰিপূৰ্ণ ক্ৰীড়া প্ৰকল্প । মহাবিদ্যালয়খনত অনুষ্ঠিত হো‌ৱা মানিক চন্দ্ৰ বৰু‌ৱা স্মাৰক ৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শ্ৰী সোনো‌ৱালে এই বুলি প্ৰকাশ কৰে।


৯) বৈজ্ঞানিক পদ্ধতিৰে মাছৰ পোনা উৎপাদন আৰু বিক্ৰী কৰি আদৰ্শ দেখু‌ৱাইছে জামুগুৰীহাটৰ এৰাবাৰী গা‌ৱঁৰ কেশ‌ৱ ছেত্ৰী আৰু তেওঁৰ সুযোগ্য দুই পুত্ৰই। বৰ্তমানে এওঁলোকৰ উৎপাদিত মাছৰ পোনা সমগ্ৰ শোণিতপুৰ জিলাৰে মৎস ব্য‌ৱসায়ীসকলে ক্ৰয় কৰে । উল্লেখ্য যে ছেত্ৰীয়ে তেওঁৰ দুইজন পুত্ৰকে ৰহা আৰু তেজপুৰত বিজ্ঞানসন্মত মাছ পালনৰ প্ৰশিক্ষণ দিয়াই আনিছে।


১০)ভাৰতত আৰম্ভ হো‌ৱা নাহৰফুটুকী বাঘৰ পিয়লৰ কাম সদ্যহতে সমাপ্ত হৈছে। টাইমছ অ‌ৱ ইণ্ডিয়া কাকতখনে প্ৰকাশ কৰা বাতৰি অনুযায়ী দেশৰ ভিন ভিন ব্ৰাঘ্ৰ প্ৰকল্পসমূহত বৰ্তমানে জী‌ৱিত অ‌ৱস্থাত থকা মুঠ নাহৰফুটুকীৰ সংখ্যা হৈছে ৭৯১০ টা । কিন্তু সমগ্ৰ দেশতে সিঁচৰিত হৈ থকা এনে বাঘৰ সৰ্বমুঠ সংখ্যা ১২০০০ৰ পৰা ১৪০০০ পৰ্যন্ত হ'ব পাৰে বুলি অনুমান কৰা হৈছে ।
১১) মোদী ডাঙৰীয়াৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ ৰাজহু‌ৱা খণ্ডৰ সৰ্ববৃহৎ টেলিকম কোম্পানী বি.এচ.এন.এলে ইয়াৰ ব্ৰডবেণ্ড ইন্টাৰনেট সে‌ৱাৰ বেগ অহা ১ অক্টোবৰৰপৰা ২ এম.বি.প.এচ হাৰত প্ৰদান কৰিব। উল্লেখ্য যে এই সে‌ৱা গ্ৰাহকসকলে কোনো অতিৰিক্তি মাচুল নিদিয়াকৈয়ে লাভ কৰিব পাৰিব ।

No comments:

Post a Comment