হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ৰাখী সাৱন্তক ৰাখী বন্ধনৰ দিনা লগ পাইছিলনে নাই ৰসাল গগৈয়ে মনত পেলাব নোৱাৰাত এতিয়া মায়ঙৰ বেজ মাতিব লগা অৱস্থা হোৱা বুলি জানিব পৰা গৈছে! বিৰোধী দলে বিষয়টোত চিবিআই তদন্ত দাবী কৰাত গগৈচাৰো পদুম পাতৰ তলত আশ্ৰয় বিচাৰি যাবও পাৰে বুলিও জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে।

২. "গোপীনাথৰ আত্মগোপন" বুলি এখন নাট বকো নাট্যমঞ্চত প্ৰযোজনা হোৱা বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে "বনকৰা বালিকা" নামৰ নৃত্য নাটিকাখনতো নায়ক গোপীয়ে অংশ গ্ৰহণ কৰা বুলিও বাতৰি পোৱা গৈছে।

৩. অসমত চলি থকা লালটুপি চাকৰি বেহাত হাইকৰ্টে স্থগিতাদেশ জাৰি কৰাত ক্ষোভিত হৈ পৰিছে সদৌ অসম চাকৰি দালাল সন্থা। এই সন্থাৰ লগতে আগতীয়া বুকিং কৰা সকলেও এতিয়া অনিশ্চয়তাত ভোগাৰ পৰিপ্ৰেক্ষিতত জ্যোতিষী হিৰো ইয়ঙেও বতৰৰ ৰত্নৰ তাবিজ ৰেহাই মূল্যত মুকলি কৰিবলৈ ওলোৱা বুলিও গোপন খবৰ পোৱা গৈছে।

৪. ৰাণী হৈ থকাৰ অভিলেখ গঢ়িলে লণ্ডনৰ এলিজাবেথ মেডামে। বোৱাৰী ঠাইৰ এই বতৰা দেখি কনপোনা গগৈৰ মাকেও দেউতাকৰ ওচৰত জেদ ধৰাৰো গোপন খবৰ!

৫. "নৱৰতনৰ গেৰুৱাবৰণ" নামৰ ৰহস্যধৰ্মী নাটক এখনি অসম ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখি উলিয়াইছে অবিজিত ভট্টাচাৰ্যই! অমিত বৰশ্বাহৰ চৰাঘৰৰ পৰা উভতি আহি মুখৰ মাত হেৰুৱা বিসম্বাদীক লৈ 'নিমাতী বিধায়ক' নামৰ হাস্য-ব্যংগ নাটক লিখাৰ কথাও ভট্টই ভাবি থকা বুলি জানিব পৰা গৈছে।

৬. চৰকাৰী বীজ কিনি খেতি কৰাতকৈ লটাৰী টিকেট কিনি বহি থকাই ভাল বুলি প্ৰকাশ কৰিছে সদৌ অসম কৃষক গৱেষণা সংস্থাই। যোৰহাটৰ পাছত এইবাৰ চিৰাঙতো পতান উতপাদনত অসমৰ চৰকাৰী বীজে অভিলেখ গঢ়াৰ পাছতে এই মত প্ৰকাশ কৰিছে গৱেষণা সংস্থাটোৱে।

৭. কেন্দ্ৰ পৰা বান সাহাৰ্যৰ নামত ১৯৭কোটি টকা অহা বুলি অহাৰ বতৰাক আদৰণি জনাইছে সদৌ অসম লুটি খোৱা বিষয়াৰ পত্নী সন্থাই। এই বৰ্ষতে এই উপলক্ষত অ'ডি গাড়ী কিনাৰ সপোন সাৰ্থক কৰিবলৈ লাগিবই বুলি স্বামীক ইতিমধ্যেই তাগিদা দিয়াৰ বতৰাও বিয়নি-মেল সংবাদৰ পৰা পোৱা গৈছে।

৮. ধৰ্মপুৰত সুবিশাল পানী মেটেকাৰ মাজত সুধাকণ্ঠৰ স্মৃতিত মঞ্চ উন্মোচনৰ বাতৰি! দৰ্শকৰ বাবে নাঁৱৰ ব্যৱস্থা নকৰালৈ তাত গীত পৰিবেশন নকৰে বুলিও স্থানীয় শিল্পী সংঘই মত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

৯. দেশত পিঁয়াজে কন্দুৱাই থকাৰ পাছতো সেই চকুপানী মচি জী-হত্যাৰ বাতৰি চাবলৈ বাধ্য কৰোৱা বাবে সদৌ ভাৰত টিআৰপিৰে ৰাজহ ভক্ষণকাৰী সংস্থা সমূহে ইন্দ্ৰাণীলৈ ৰাজহুৱা কৃতজ্ঞতা প্ৰকাশ কৰিছে। অনাগত দিনত এনেকুৱা ৰাজহ দিয়া কোনো নতুন তথ্যৰ সম্ভেদ দিয়াজনলৈ এক লাখ টকা বঁটা ঘোষণাৰো ব্যৱস্থা হোৱা বুলিও খবৰ আহিছে!

১০. বানপানী উপলক্ষে গগৈ-সোনোৱালৰ মাজৰ বাক-যুঁজত বিৰিণা ৰূপী বানাক্ৰান্তৰ মৰণ হোৱাৰ বতৰা পোৱা গৈছে। এজনে কৈছে দিছে, এজনে বোলে নাই দিয়া!  এই মুখৰ খজুৱতি মৰাটো এৰি এতিয়া সাহাৰ্য সামগ্ৰীৰ টোপোলা বানাক্ৰান্তৰ কাষলৈ নপঠালে, দুয়োকে উচিত শিক্ষা দিয়া হব বুলিও মাথাউৰিত আশ্ৰয়লোৱা নাগৰিক সংঘই মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment