(১) ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৯৭ কোটি টকা মুকলি কৰি দিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই কথা টেলিফ’নযোগে মূখ্যমন্ত্ৰী তৰুণ গগৈক অৱগত কৰিছে৷
(২) স্বৰ্ণ মুদ্ৰাকৰণৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় চৰকাৰে এখন স্বৰ্ণ বীমা আৰু এখন মুদ্ৰাকৰণ আঁচনিত অনুমোদন জনাইছে৷ এই আঁচনিৰ জৰিয়তে ঘৰত অব্যৱহৃত হৈ পৰি থকা সোণ বেংকত জমা থৈও গ্ৰাহকে বৃহৎ পৰিমানৰ সুত লাভ কৰিব পাৰিব আৰু ধাতুৰ ৰূপত সোণ ক্ৰয় কৰাৰ পৰিৱৰ্তে কাগজৰ ব’ণ্ড আকাৰতো সোণ ক্ৰয় কৰিব পাৰিব৷
(৩) যোৰহাটৰ একাংশ মানৱদৰদী চিকিৎসক আৰু কেইজনমান সমাজ আৰু মানুহৰ প্ৰতি দায়ৱদ্ধ নাগৰিকে ২২ ছেপ্তেম্বৰত আৰম্ভ কৰিবলৈ আগবাঢ়িছে এক ব্যতিক্ৰমী অনুষ্ঠান – হচপিচ৷ যোৰহাটৰ বাঘচোং উপ স্বাস্থ্যকেন্দ্ৰৰ এটা সৰু কোৱাৰ্টাৰত আৰম্ভ কৰিবলৈ লোৱা অনুষ্ঠানটোত মৃত্যুৰ ক্ষণ গণি থকা আৰু পৰিয়াল পৰিজনৰ উপেক্ষিত হৈ জীৱনটোক অভিশাপ বুলি গণ্য কৰা কেন্সাৰ ৰোগীসকলৰ শাৰিৰীক আৰু মানসিকভাৱে পৰিচৰ্যা কৰা হ’ব৷
(৪) আজি ৮৩ বছৰত ভৰি দিছে 'গোলাপী জামুৰ লগ্ন'ৰ কবি নীলমনি ফুকনে৷ অসমীয়াৰ সুখ-দুখৰ ফালৰ পৰাও কবিজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।
(৫) ববী চাৰ্লটনৰ ৪৫ বছৰীয়া পুৰণি অভিলেখ ভংগ কৰি ইংলেণ্ডৰ ইতিহাসৰ সৰ্বাধিক গ’লদাতা হিচাপে পৰিণত হৈছে ৱেইন ৰুণী৷ যোৱা নিশা ইউৰোপীয়ান চেম্পিয়নশ্বিপৰ কোৱালিফাইং মেচৰ ৮৪ মিনিটত এটা পেনাল্টী কাৰ্যকৰী কৰি কেৰিয়াৰৰ ৫০ সংখ্যক আন্তৰ্জাতিক গ’লটো স্ক’ৰ কৰে৷
(৬) ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগীতাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি দুটা স্বৰ্ণসহ মুঠ ১১ টা পদক জয় কৰিছে অসমে৷ দেশৰ ২৯খন ৰাজ্যই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত স্বৰ্ণজয় কৰি গৌৰৱ কঢ়িয়াই আনিছে আব্দুলা আলী আৰু চয়নিকা গগৈয়ে৷
(৭) মেগী ভালপোৱাসকলৰ বাবে সুখবৰ৷ অহা অক্টোবৰ মাহৰ ভিতৰত নেছলেই ভাৰতৰ বজাৰত পুনৰ মেগী মুকলি কৰি দিব৷ যোৱা মে’ মাহত নিষিদ্ধ কৰা মেগীৰ সপক্ষে যোৱা মাহত আদালতে ৰায় দি ইয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰ কৰিছে৷
(৮) ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে যোৱাকালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ভাৰতীয় মহাকাশ গৱেষণা সংগঠনক (ইছৰ’) ২০১৪ চনৰ গান্ধী শান্তি বঁটা প্ৰদান কৰে৷ ইছৰ’ৰ অধ্যক্ষ এ এছ কিৰন কুমাৰে এই সন্মানীয় বঁটা গ্ৰহণ কৰে৷
(৯) ভাৰতৰ প্ৰথমটো অতি উচ্চ বিদ্যুৎ পৰিবাহী লাইন অসমৰ বিশ্বনাথ চাৰিআলিৰ পৰা উত্তৰ প্ৰদেশৰ আগ্ৰালৈকে নিৰ্মাণ কৰিছে পাৱাৰগ্ৰীড কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডে৷ই দেশৰ সবাটোকৈ বৃহৎ বিদ্যুৎ সৰবৰাহকাৰী লাইন বুলিও পৰিগণিত হৈছে৷
(১০) শীৰ্ষ বাচনিৰ ভাৰতৰ ছানিয়া মিৰ্জা আৰু ছুইজাৰলেণ্ডৰ মাৰ্টিনা হিংগিজে ইউ এচ অপেনৰ মহিলাৰ ডাবলছৰ চেমি ফাইনেলত প্ৰৱেশ কৰিছে৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকে নৱম বাছনিৰ হাউ চিং চান আৰু য়ুং মান চানক ৭-৬ , ৬-১ চেটত পৰাজিত কৰে ৷

যুগুতালেঃ বিপাশা বৰাই।
No comments:
Post a Comment