সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নলিনীধৰ ভট্টাচাৰ্য গ্ৰন্থ প্ৰকাশন সমিতিৰ দ্বাৰা প্ৰকাশিত ‘নলিনীধৰ ভট্টাচাৰ্যঃ ব্যক্তিত্বৰ বিৰল জেউতি’ গ্ৰন্থখন কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত উন্মোচিত হয়। উন্মোচক ৰূপে অংশ লয় কবি হীৰেন্দ্ৰ নাথ দত্ত, কীৰ্তিকমল ভূঞা আদিয়ে।

২. বিজেপি চৰকাৰে পাকিস্তান-বাংলাদেশত সংখ্যালঘু সকলক শৰণাৰ্থীৰ সংজ্ঞা দি বিদেশীক স্বদেশী কৰিবলৈ লোৱা পদক্ষেপৰ বিৰুদ্ধে কালি সন্মিলিত ভাৱে অসমৰ ৮টাকৈ ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰে। অগপ, চিপিআই, এআইইউডিএফ, গণমুক্তি সংগ্ৰাম সমিতি, চিপিআই(এম.এল), এল.ডি.পিকে ধৰি সংগঠন সমূহৰ কেইবাশ কৰ্মীয়ে ৰাজভৱনলৈ শোভাযাত্ৰা কৰি গৈ সমুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

৩. মুম্বাইত সংঘটিত শ্বিনা বৰা হত্যাকাণ্ডৰ তদন্ত এতিয়া চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে। দেশৰ শ্ৰেষ্ঠ অপৰাধ তদন্তকাৰী বিশেষজ্ঞৰ সহায় লৈ এই গোচৰৰ তদন্ত চলাবলৈকো সংস্থাটোৱে সিদ্ধান্ত লোৱাৰ কথাও প্ৰকাশ পাইছে।

৪. পৰেশ বৰুৱাৰ মাতৃলৈ অসম চৰকাৰৰ ফালৰ পৰা এক লাখ টকাৰ চিকিতসা সাহাৰ্য আগবঢ়োৱাৰ কথা জানিব পৰাৰ পাছত এই ধন লবলৈ পৰিয়ালৰ ফালৰ পৰা অস্বীকাৰ কৰা বুলিও বাতৰি প্ৰকাশ পাইছে। ইফালে মাতৃক চাবলৈ বৰুৱালৈ মুখ্যমন্ত্ৰীয়ে বিশেষ মুক্ত বিচৰণৰ প্ৰস্তাৱ দিয়াক লৈ, এতিয়া গগৈ কেন্দ্ৰীয় ৰাজ্য গৃহমন্ত্ৰী ৰিজিজুৰ সমালোচনাৰ সন্মুখীন হব লগা হোৱা বুলিও খবৰ প্ৰকাশ পাইছে।
৫. কাজলগাঁৱত অনুষ্ঠিত ইউনিফাইড কামাণ্ডৰ বিশেষ বৈঠকত এনডিএফবি(ছং)ক নিঃশেষ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈ অভিযান জোৰদাৰ ৰূপতে চলাই যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিও প্ৰকাশ পাইছে। আনফালে জেহাদী সংগঠনৰ কুচকাৱাজৰ বিপক্ষেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৬. সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত জনগোষ্ঠীয় স্বাৰ্থ সুৰক্ষা তথা ভোট বিভাজন ৰোধৰ বাবে অসমৰ বহুকেইটা জনগোষ্ঠীয় ৰাজনৈতিক সংগঠনে এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ কালি গঠন কৰিছে। ইউনাইটেড পিপুলচ ফ্ৰণ্ট নামৰ সমন্বয়ৰক্ষী ৰাজনৈতিক মঞ্চখন কালি হাগ্ৰামা মুহিলাৰীৰ নেতৃত্বত গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পতে গঠন হোৱাৰ বাতৰি।

৭. বৰমা সাগিত্ সভাই বৃহত্তৰ বৰমা অঞ্চলৰ নৱ-প্ৰজন্মৰ মাজত সাহিত্য চৰ্চাক উদগনি জনাবলৈ এখনি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত অসমীয়া গল্প প্ৰতিযোগিতাখনিৰ আয়োজন চলিছে আৰু সবিশেষ জানিবৰ বাবে ৯৮৫৪৩১৯২৭৫ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে।

৮. নলবাৰী শিক্ষা খণ্ডত শিক্ষা বিষয়া নিকুঞ্জ বৰ্মনৰ উদ্যোগত ঘৰে ঘৰে গৈ চৰকাৰী বিদ্যালয়ৰ সা-সুবিধা সমূহৰ বিষয়ে অৱগত কৰি অহা শিক্ষাবৰ্ষত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে আহ্বান জনাই অভিভাৱক সকলৰ মাজত এক বিশেষ অভিযান চলোৱাৰো সুখবৰ পোহৰলৈ আহিছে।

৯. কৃষি বিজ্ঞানী, গণ বিজ্ঞান সংগঠক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ ধীৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৮৯তম জন্মদিনটি গুৱাহাটীৰ প্ৰাগজ্যোতি কমিউনিকেচনছে চতুৰ্থ অসম কৃষি দিৱস ৰূপে অহা ২১ ছেপ্তেম্বৰত পালন কৰিব। উদ্যান শস্যক লৈ আগ্ৰহী এশ গৰাকী উদ্যমী কৃষকক লৈ উক্ত দিনা এখনি কৰ্মশালাৰো আয়োজন কৰা হৈছে।

১০. কবি মৌচুমী বৰিৰ ‘বৰষুণ এজাকলৈ চাই থকাৰ দৰে’ শীৰ্ষক কবিতাৰ সংকলটো কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে কবি অনুভৱ তুলসীয়ে।গ্ৰন্থখনৰ প্ৰকাশক পাঞ্চজন্যই লগতে আয়োজন কৰে “পঞ্চকণ্ঠ” শীৰ্ষক এটি কবিতা পাঠৰ অনুষ্ঠানো।

No comments:

Post a Comment