নাহিদলৈ ভোট নে বানাক্ৰান্তলৈ সাহাৰ্য?
ৰাজীৱ গগৈ
যি সময়ত সমগ্ৰ অসম বানত ককবকাই আছে,
সেই খিনি সময়ত চ'নি টিভিত চলি থকা ইণ্ডিয়ান আইডল জুনিয়ৰ প্ৰতিযোগিতাত নাহিদক
এচ.এম.এচ যোগে ভোট দি লাখ লাখ টকা মোবাইল
কোম্পানী মালিকৰ জেপত ভৰাই থকা প্ৰত্যক্ষ কৰিছো। প্ৰতিভাৰ ওপৰত লাভ কৰা ভোটৰ উপৰিও অসমীয়া বাবেই এনে এচএমএচ পঠাই কৰা ভোটদানৰ বাবে টিভি চেনেলকে ধৰি বিভিন্নজনে জোৱাৰ তুলিছে।
প্ৰশ্ন হৈছে, ইয়াৰ লাভ কি??? নাহিদে জিকি অসমৰ বাবে কি কৰিব? আজিলৈকে কেইটাই কি কৰিলে জিকি আহি? এতিয়া আমাৰে মাজৰ এজন বুলি উটি ভাঁহি ভোট দি, পিছত আকৌ বিহুৰ বতৰত চান্দা তুলি হিন্দী গীত গাবলৈ নিমন্ত্ৰণ দিব লাগিব এইখন অসমলৈকে।তাতকৈ অসমবাসীয়ে মেচেজ কৰা টকাতো বানাক্ৰান্ত লোকৰ বাবে দি সহায় কৰক। তাত বেছি আনন্দ আৰু আত্মসন্তুষ্টি লাভ কৰিব।
অসমবাসী ৰাইজ, মনৰ কথাটো ক'লো। কিবা ভুল ক'লো যদি ক্ষমা কৰিব। কাকো অাঘাত দিবলৈ লিখা নাই। অলপ ভাবি চাৱ।
No comments:
Post a Comment