মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আকাশবাণীৰ ফোন-ইন লাইভ অনুষ্ঠান 
বনাম ব্যৱসায়িক প্ৰচাৰ 
আবিদ আজাদ
অসমৰ অতি জনপ্ৰিয় এংকৰ অসীম কুমাৰ কাজিয়ে আঁত ধৰি থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱা ৯:১৫ বজাৰ বিবিধ ভাৰতীৰ ফোন-ইন লাইভ অনুষ্ঠানটি সম্পৰ্কে এগৰাকী শ্ৰোতা হিচাপে কিছু আপত্তি ব্যক্ত কৰিব বিচাৰিছোঁ। যোৱা ৯ ছেপ্তেম্বৰ ২০১৫ ত উক্ত অনুষ্ঠানটোত আমন্ত্ৰণ কৰা হৈছিল ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটীৰ ছিনিয়ৰ ডিভিজনেল মেনেজাৰ বি কে পাণ্ডাক। অনুষ্ঠানটো ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সম্প্ৰচাৰ কৰা বুলি প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰা হৈছিল যদিও শুনি থাকোতে অনুভৱ কৰিলো যে সেয়া আছিল যেন এক সম্পূৰ্ণ বিজ্ঞাপনমূলক অনুষ্ঠান হে।

গোটেই অনুষ্ঠানটোত কেৱল এল.আই.চি.আইৰ মুকলিকৈ গুণ-গান কৰা হ'ল। আন ইঞ্চুৰেঞ্চ কোম্পানীবোৰত প'লিচি খোলাতকৈ 'এলআইচিআই'ত প'লিচি খোলা হে বেছি নিৰ্ভৰযোগ্য আৰু লাভজনক বুলিও আওপকীয়াকৈ বাৰ্তা প্ৰেৰণ কৰা হ'ল। অনুষ্ঠানৰ এংকৰ সকলেও তাত হাত উজান দিয়া যেন লাগিল। পিছে 'ইঞ্চুৰেঞ্চ' সম্পৰ্কে এংকৰ সকলৰ ধাৰণা যে স্পষ্ট নাছিল সেয়া দেখিহে তবধ মানিব লগীয়া হ'লোঁ। এটা উদাহৰণ দিওঁ- অসমৰে যুৱতী এগৰাকীয়ে ফোন কৰি জানিব বিচাৰিছিল যে তেওঁৰ ককায়েক আমেৰিকাত থাকে, গতিকে ককায়েকৰ নামত ইঞ্চুৰেঞ্চ খুলিব পৰা যাব নে নাই। এল,আই,চি,ৰ বি কে পাণ্ডাই জনালে যে যুৱতী গৰাকীৰ ককায়েক যেতিয়া ভাৰতলৈ আহিব তেতিয়াহে খুলিবলৈ পাৰিব। ভাৰতত থকা নাগৰিকৰ নামতহে ইঞ্চুৰেঞ্চ কৰিব পৰা যায়।

কিন্তু অনুষ্ঠানৰ এংকৰ সকলে যুৱতী শ্ৰোতা গৰাকীক নিজাববীয়াকৈ উপদেশ দিলে যে – 'তেন্তে আপোনাৰ নামতেই ইঞ্চুৰেঞ্চ নকৰে কিয়? আপোনাৰ নামতো ইঞ্চুৰেঞ্চ খুলিব পাৰে দেখোন।' আচৰিত নহয়নে! প্ৰয়োজন অনুসাৰেহে মানুহে বীমা কৰে। 'ইঞ্চুৰেঞ্চ'ৰ প্ৰতি প্ৰাথমিক ধাৰণাও নথকা কোনো ব্যক্তিয়েহে তেনে পৰামৰ্শ দিব পাৰে। নতুবা নিজৰ কমিছনৰ কথা চিন্তা কৰি এনেকুৱা উপদেশ কিছুমান এজেন্টেহে দিয়ে। ইঞ্চুৰেঞ্চৰ এয়া একেবাৰে মৌলিক কথা যে যি ব্যক্তিৰ নিজস্ব উপাৰ্জন থাকে আৰু যাৰ ওপৰত পৰিয়ালৰ আন সদস্যই নিৰ্ভৰ কৰে তেওঁহে ইঞ্চুৰেঞ্চ কৰাৰ প্ৰয়োজন। উদ্দেশ্য হৈছে- উপাৰ্জন কৰোতাজনৰ অনাকাংক্ষিতভাৱে মৃত্যূ ঘটিলে পৰিয়ালৰ আন সদস্যসকলে যাতে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা বীমাৰ টকা খিনি পায়। ইঞ্চুৰেঞ্চ কৰিলে সেয়ে শকত অংকৰ পলিচি খুলিব লাগে আৰু পৰা পক্ষত টাৰ্ম ইঞ্চুৰেঞ্চ কৰিব লাগে। কিন্তু নিজা উপাৰ্জন নথকা, পৰনিৰ্ভলশীল ব্যক্তি এগৰাকীয়ে আনৰ পইচাৰে নিজৰ নামত ইঞ্চুৰেঞ্চ কৰিবলৈ যোৱাটো বিত্তীয় পৰিকল্পনা বা পৰিভাষাৰ দৃষ্টিৰে এটি একেবাৰে অপৈনত কথা। ইঞ্চুৰেঞ্চৰ 'মিছ-ছেলিঙো' এনেকৈয়ে চলি আছে গোটেই দেশজুৰি।

লাইভ-ইন অনুষ্ঠানটিত ইয়াৰ উপৰিও এংকৰ ডাঙৰীয়াই যুৱতী শ্ৰোতা গৰাকীৰ ব্যক্তিগত মোবাইল নম্বৰটোও বিচাৰিলে - যাতে এল,আই,চি,য়ে তেওঁক পৰৱৰ্তী সময়ত ইঞ্চুৰেঞ্চৰ পৰামৰ্শ দিব পাৰে। কিন্তু তেনে কৰোঁতে যে মহিলা গৰাকীৰ মোবাইল নম্বৰটো অনুষ্ঠানটি শুনি থকা সকলো শ্ৰোতায়ে গম পালে বা মহিলা গৰাকীৰ গোপনীয়তা তেওঁ ক'ব নোৱাৰাকৈয়ে যে ৰাষ্ট্ৰ হৈ পৰিল ভাবি চোৱা হ'ল নে? তেনেকৈ ৰাজহুৱাকৈ মহিলা এগৰাকীৰ মোবাইল নম্বৰ বিচৰা কাৰ্যটো ঠিক হৈছিল নে?

ইয়াৰ পূৰ্বেও এই একে অনুষ্ঠানতেই ছিগনেচাৰ ট্ৰেইনিং চেন্টাৰৰ মালিক তথা সৌন্দৰ্য বিশেষজ্ঞা মধুমিতা শইকীয়া, নাৰায়ন ছুপাৰস্পেচিয়েলিটি হাস্পতেলৰ স্বত্বাধিকাৰী আদিৰ দৰে ব্যক্তিক আমন্ত্ৰণ কৰি আনি 'ফোন ইন লাইভ' অনুষ্ঠানৰ নামত নিৰ্দিষ্ট প্ৰতিষ্ঠান বা কোম্পানীবিলাকৰ বিজ্ঞাপন বা ব্যৱসায়িক প্ৰসাৰতাৰ বাবেহে প্ৰচাৰ চলাই অহা কথাটো লক্ষ্য কৰিছো। এয়া মাথো কেইটিমান উদাহৰণ হে।

এইবোৰ প্ৰকৃততে ৰাজহুৱা সজাগতামূলক অনুষ্ঠান নে, বিজ্ঞাপন সম্প্ৰচাৰ নে প্ৰোমোশ্বনমূলক প্ৰগ্ৰাম নে কি হয় স্পষ্ট কৰা উচিত।
আকাশবাণীয়ে এনে অনুষ্ঠানৰ জড়িয়তে সঁচা অৰ্থতেই যদি ৰাইজক সজাগ কৰিব বিচাৰিছে তেন্তে 'কোম্পানী বা সংস্থা নিৰ্ভৰ কথা নোকোৱা' নিৰপেক্ষ ব্যক্তিকহে আমন্ত্ৰণ কৰা উচিত। ৰাইজৰ তেতিয়াহে উপকাৰ হ'ব।

নহ'লে বিজ্ঞাপনমূলক অনুষ্ঠান হয় বুলি খোলাখুলিকৈ প্ৰকাশ কৰিহে সম্প্ৰচাৰ কৰা উচিত। চৰকাৰী প্ৰতিষ্ঠান এটাই কোনোবা কোম্পানীৰ মালিকক মাতি আনি সেই কোম্পানীৰ দেখ দেখকৈ প্ৰচাৰ চলোৱাটো যুক্তি সংগত হোৱা বুলি কোনো পধ্যেই মানি ল'ব নোৱাৰি। ৰেডিঅ'ত ১০ ছেকেণ্ডৰ বিজ্ঞাপন এটাৰ মূল্য ৪০০ টকা। সেই অনুসৰি ১ ঘন্টাৰ বিজ্ঞাপনত কিমান টকা হ'ব পাৰে? ফোন-ইন লাইভ অনুষ্ঠানবোৰ যদি বিজ্ঞাপন অনুষ্ঠান হয়, তেন্তে সেই ধন
আকাশবাণীয়ে পাইছেনে? যদি বিজ্ঞাপন অনুষ্ঠান নহয় তেন্তে চৰকাৰী প্ৰতিষ্ঠান আকাশবাণীয়ে কোনো বিশেষ কোম্পানী বা প্ৰতিষ্ঠানৰ প্ৰচাৰ কিয় চলাই আছে? আকাশবাণীত সম্প্ৰচাৰিত অনুষ্ঠানৰ প্ৰতি অসমৰ শ্ৰোতা ৰাইজৰ সন্দেহাতীত আস্থা আৰু বিশ্বাস আছে। তাৰ সুযোগ লৈ কোনো কোম্পানীয়ে বা ব্যক্তি বিশেষে সজাগতাৰ নামত নিজৰ প্ৰচাৰ (বিজ্ঞাপন) চলোৱা কাৰ্য অবাঞ্চিত আৰু ৰাইজৰ পৰিপন্থী।

কিছুমান নিউজ চেনেলত প্ৰৱেশ কৰা 'পেইড নিউজ' নামৰ কু-প্ৰথাটোৰ লেখীয়াকৈ
আকাশবাণীৰ দৰে বিশ্বাসযোগ্য ৰাজহুৱা প্ৰতিষ্ঠানতো এনেধৰণৰ 'বস্তু' সোমোৱা যেন লাগিলে আমাৰ দৰে শ্ৰোতা-দৰ্শকবোৰৰ বা সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ব বাৰু? অসীম কুমাৰ কাজিৰ দৰে অভিজ্ঞ, অসমৰ সৰ্বজন সমাদৃত আৰু সৰ্বজন প্ৰিয় ব্যক্তি এগৰাকীৰ দ্বাৰা আঁত ধৰা অনুষ্ঠানত এনে হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। বিষয়টো আলোচনা আৰু সঠিক দিক-নিৰ্দেশনা তৈয়াৰ কৰাৰ বাবে ৰাজহুৱাকৈ আকাশবাণী কৰ্তৃপক্ষৰো দৃষ্টি আকৰ্ষণ কৰিলো।

No comments:

Post a Comment