সুখ-দুখৰ বতৰাঃ ৭ ছেপ্তেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৭ ছেপ্তেম্বৰ

সুখ-দুখৰ বতৰাঃ ৭ ছেপ্তেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ
(১) আদ্ৰিজাৰাণী চেতিয়া নামৰ মাথো ৪ বছৰ ৬ মাহত ভৰি দিয়া কণমানি এজনীয়ে জয়সাগৰ পুখুৰীত ইতিপূৰ্বে বিভিন্নজনে সাঁতোৰাৰ সকলো অভিলেখ ভংগ কৰি ১ ঘন্টা ৩৫ মিনিট ২৮ চেকেণ্ডত পুখুৰীটো সাঁতুৰি পাৰ কৰাৰ সুখবৰ৷

(২) অসমীয়া জীয়ৰী নাহিদ আফ্ৰিনে ইণ্ডিয়ান আইডল জুনিয়ৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰথম স্থান লাভ কৰে ওড়িশাৰ অনন্যা শ্ৰীতম নন্দাই৷ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা নাহিদৰ ভৱিষ্যত উজ্জ্বল হওক৷

(৩) দিল্লীৰ চেটেলাইট চিটী ফৰিদাবাদক ৰাজধানী চহৰখনৰ সৈতে সংযোগ কৰিবলগীয়া দিললী মেট্ৰ’ৰ বদৰপুৰ লাইনৰ এক্সটেনচন লাইনটো মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মেট্ৰ’ত ভ্ৰমণ কৰে৷ পুৱা ১০ বজাত তেওঁ জনপথ ষ্টেচনত উঠে আৰু ফৰিদাবাদৰ বাটা চ’ক ষ্টেচনত নামি সহযাত্ৰীৰ সতে বাৰ্তালাপটো অংশ গ্ৰহণ কৰে৷

(৪) অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” আৰু সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” গীত দুটা অনুমোদিত ৰূপত সাহিত্য সভাৰ উদ্যোগত আৰু ৰাজ্যৰ বিশিষ্ট শিল্পীসকলৰ ঐকান্তিক প্ৰচেষ্টাত বাণীৱদ্ধ ৰূপত অসমবাসীয়ে যাতে শুদ্ধকৈ পৰিৱেশন কৰিব পাৰে ,সেই উদ্দেশ্যে ৰাজহুৱাকৈ মুকলি কৰা হয়৷

(৫) বু্দ্ধ্যাংকৰ জোখত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন,ষ্টিফেন হকিংচ পিছ পেলালে ইংলেণ্ডৰ ভাৰতীয় মূলৰ ১২ বছৰীয়া কিশোৰী লিডিয়া চেবাষ্টিয়ানে৷ লিডিয়াই মেনছা বুদ্ধ্যাংক পৰীক্ষাত (আই কিউ) সম্ভৱপৰ সৰ্বোচ্চ ১৬২ নম্বৰ পাবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, আইনষ্টাইন আৰু হকিঙৰ বুদ্ধ্যাংক ১৬০৷ 
(৬) মুকলিত শৌচ কৰাৰ অভিশাপৰ পৰা নিজ গাঁৱক মুক্ত কৰাৰ বাবে আগবাঢ়ি আহিছে ১০২ বছৰীয়া এগৰাকী আইতা ৷ছত্তীশগড়ৰ কুৱাৰবাই যাদৱে নিজৰ ছাগলী বেছা ২২০০০ টকাৰে শৌচাগাৰ নিৰ্মাণ কৰি গাওঁখনৰ ৪৫০ গৰাকী বাসিন্দাক উৎসাহিত কৰিছে৷

(৭) ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বঙাইগাও কলেজৰ উদ্যোগত বঙাইগাৱৰ হাপাচৰাত বানসাহাৰ্য প্ৰদান কৰা হয়৷ জিলা প্ৰশাসনে পৰ্যাপ্ত খাদ্য আৰু ঔষধ যোগান ধৰিব নোৱাৰাত অনাহাৰে আৰু চিকিৎসাৰ অভাৱত ককবকাই থকা বানপীড়িত লোকসকলে ন্যাসৰ এই প্ৰচেষ্টাত উৎফুল্ল হৈ পৰাৰো বাতৰি৷

(৮) ৭২ সংখ্যক ভেনিচ চলচিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰিত হৈছে তামিলনাডুৰ এজন অট’চালক৷ ২০০৬ চনত এম চন্দ্ৰকুমাৰ নামৰ এই লোকজনে লিখা “লক আপ” নামৰ কিতাপখনৰ আধাৰত পৰিচালক ভেট্ৰি মাৰাণে নিৰ্মান কৰা “বিচৰণাই” নামৰ ছবিখন মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে৷ সেই সূত্ৰে নিমন্ত্ৰিত হৈছে এম চন্দ্ৰকুমাৰো৷

(৯) দৰঙী লোককৃষ্টিৰ সাধক, সুকন্নানী ওজা আৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপক কিনাৰাম নাথলৈ আগবঢ়োৱা হৈছে “দ্য টেলিগ্ৰাফ অসম শ্ৰেষ্ঠ ২০১৫ বঁটা”৷ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাধৰ আন দহগৰাকী ব্যক্তিৰ লগত কিনাৰাম নাথক এই বঁটা অহা ১২ ছেপ্তেম্বৰত গুৱাহাটীত এক বৰ্ণাঢ্য অনুষ্ঠানত প্ৰদান কৰা হ’ব৷ 
(১০) বিশ্বৰ শীৰ্ষস্থানৰ মহিলা ডাবলছ টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই ক্ৰমে ইউ এছ অপেনৰ মহিলা আৰু পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷

No comments:

Post a Comment