দিনটোৰ
কৰ্ম ব্যস্ততা শেষ কৰি অসমৰ পৰা আঁতৰত (মুম্বাইত নৌসেনাত) থকাৰ বাবে অসমৰ খা-খবৰবোৰ
লবলৈ সন্ধিয়া সময়ত ইন্টাৰনেটৰ যোগেদি অসমৰ প্রায় ৫ খন বাতৰি কাকত পঢ়াতো
এতিয়া প্রায় অভ্যাসত পৰিণত হৈছে। লগতে সম্পাদকীয় পৃষ্ঠাৰ লেখাকেইটাত
পঢ়াতোও এক নিয়ম হৈ পৰিছে। ১৩ ছেপ্তেম্বৰৰ দিনা অসমৰে এখন বাতৰি কাকতৰ
প্রথম পৃষ্ঠাত চকু ফুৰায়ে সঁচাই মনলৈ ক্ৰোধ আহিছে আৰু বেয়া লাগিছে। অসমৰ
কিছুমান বাতৰি কাকতত উপযুক্ত বাতৰিয়ে কিয় উপযুক্ত স্থান নাপায়? দুৰ্নীতি,
ভ্রষ্টাচাৰত পোত গৈ থকা ৰাজনৈতিক নেতাৰ পেট বিষালেও পিছদিনা বাতৰি
কাকতবোৰে ডাঙৰ ডাঙৰ আখৰে লিখি প্রথম পৃষ্ঠাত প্রকাশ কৰে, প্রায় এমাহ ধৰি
বিৰক্তিকৰ ভাৱে মাকে জীয়েকক হত্যা কৰিলে তাকে বাতৰি কাকতৰ প্রথম পৃষ্ঠাত
বৰ বৰ আখৰে প্রকাশ কৰি আছে, কাৰ পত্নীক কোনে পুৰুষে পলুৱাই নিলে, কাৰ
জীয়েক ক'ত বেয়া কাম কৰি থাকোতে ধৰা পৰিল, কাৰ ঘৰত ভগৱান ওলাইছে, এইবোৰ
বাতৰি কাকতৰ প্রথম পৃষ্ঠাত বৰ বৰ আখৰে প্রকাশ কৰে!
কিন্তু জম্মু-কাশ্মীৰ দৰে ভয়াবহ ঠাইত কৰ্মৰত অসমৰ সেনা জোৱান এজনক সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰিলে সেই বাতৰিটো বাতৰি কাকতখনৰ তলত চুক এটাত সৰুকৈ প্রকাশ কৰিছে। দুখন মান বাতৰি কাকতে বোলে সেইদিনা বাতৰিটো প্রকাশেই নকৰিলে। পিছদিনা শেষকৃত সম্পন্ন কৰা পাছত প্রকাশ কৰিছে। সেই একেখন বাতৰি কাকতেই আকৌ ইন্দ্রানী মুখাৰ্জী-শ্বিনা বৰা হত্যা ঘটনাটোক শ্বহীদ চিত্ৰ শইকীয়াৰ বাতৰিটোৰ ওপৰত ডাঙৰ ডাঙৰ আখৰে আকৰ্ষণীয় হেড লাইন দি প্রকাশ কৰিছে। মানে শ্বহীদ চিত্ৰ শইকীয়াৰ বাতৰিটোৰ গুৰুত্ব ইন্দ্রানী মুখাৰ্জী হত্যা বাতৰিটোৰ গুৰুত্বতকৈও কম নেকি?
দেশৰ বাবে এজন অসম সন্তানে প্রাণ দিলে এই বাতৰিটোক বাতৰি কাকতৰ চুক এটাত স্থান দিয়াৰ কাৰণ কি? এনে বাতৰিক মা-মচলা সানি সোৱাদ লগা কৰিব নোৱাৰি সেইবাবে এনে বাতৰিৰ স্থান বাতৰি কাকতখনৰ চুক এটাত নেকি? ১৫ আগষ্ট আৰু ২৬ জানুৱাৰী দিনা দুদিনীয়া দেশ প্রেম জগাই তিৰংগাৰ তিনি ৰঙৰ ফটো দি বাতৰি কাকতবোৰ দেখিব ধুনীয়া কৰিলেই দেশপ্ৰেম থকা নুবুজাই, Bordar, LOC Kargil চাই আৰ্মীক সন্মান জনালেই সেনাৰ প্রতি সন্মান থকাটো নুবুজায়। সন্ত্রাসবাদীৰ গুলীত প্রাণ বিসৰ্জন দিয়া শ্বহীদ চিত্ৰ শইকীয়াৰো এটা পৰিয়াল আছে, কোনো ফূৰ্তিত গৈ সেনাৰ কঠোৰ অনুশাসন মানি জম্মু-কাশ্মীৰৰ বৰফত, ৰাজস্থানৰ ধুলিময় মৰুভূমি, পাহাৰ-জংঘলত গৈ দেশক নিৰাপত্তা নিদিয়ে।
বন্দুকৰ গুলী কি, গুলী চলিলে কি পৰিৱেশৰ সৃষ্টি হয় তাক লিখি বা কৈ বুজাব নোৱাৰি। যাৰ অভিজ্ঞতা আছে তেওঁ বুজে ভালকৈ। লগতে শ্বহীদ চিত্ৰ শইকীয়াৰ মৃতদেহ গুৱাহাটী বিমান বন্দৰ পোৱা পাছত অসম চৰকাৰৰ ফালৰ পৰা তেওঁক অন্তিম শ্রদ্ধা জনাবলৈ কোনো নহাৰ খবৰটো পাই নিজে লজ্জিত অনুভৱ কৰিছো। দুৰ্নীতত পোত গৈ থকা ৰাজনৈতিক নেতা যেতিয়া বিমান বন্দৰত নামে তেতিয়া তেওঁক আদৰিবলৈ পথৰ দৰকাৰী গাড়ী মটৰ ৰখাই দলে বলে যায় কিন্তু দেশৰ বাবে প্রাণ আহুতি দিয়া শ্বহীদ এজনৰ মৃতদেহ নিজ মাতৃভূমিলৈ অনা হৈছে শেষ বাৰৰ বাবে কিন্তু তেওঁক আদৰিবলৈ ৰাজ্য চৰকাৰৰ কোনো চৰকাৰী বিষয়া নাই; ই সঁচাই দুখজনক ঘটনা। অসমী মাতৃৰে এজন সন্তান শত্ৰুৰ গুলীত শ্বহীদ হ'ল অইন সন্মান নিদিলেও বাতৰিটোকে সন্মান সহকাৰে বাতৰি কাকতখনৰ উপযুক্ত স্থানত স্থান দিব নালাগেনে?আজি আমাৰ অসমতো লেখাটি প্ৰকাশ পাইছে।

No comments:
Post a Comment