কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভূগোলৰ পাঠ্যক্রম 
ড° বুলজিৎ বুঢ়াগোহাঁই
ভূগোল বা জিঅ'গ্ৰাফি পঢ়িও ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ভূগোল এটা বিষয় হিচাপে লৈ উত্তীৰ্ণ হোৱা পিছত ভূগোলৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ভূগোলত স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রমত পঢ়াশুনা কৰিব পাৰি।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘ভূগোল’ বিষয়ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in) ত ‘ভূগোল’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩৮ খন , এম.ফিল. পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন আৰু ইয়াত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়(www.ccsu.ac.in) ত ‘ভূগোল’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন । ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in) ত ‘ভূগোল’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৪০ খন আৰু ইয়াত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।

‘ভূগোল’ বিষয়ৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান মহাবিদ্যালয় হ’ল - জগন্নাথ বৰুৱা মহাবিদ্যালয় (http://www.jbcollege.org.in)ত ‘ভূগোল’বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন। লক্ষীমপুৰ বালিকা মহাবিদ্যালয় (http://lgcollege.org )ত ‘ভূগোল’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন ।কটন মহাবিদ্যালয় (http://www.cottoncollege.org.in)ত ‘ভূগোল’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন। দৰং মহাবিদ্যালয় (http://www.darrangcollege.in)ত ‘ভূগোল’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা৫০ খন। ভোলানাথ বৰুৱা মহাবিদ্যালয় (http://www.bborooahcollege.co.in)ত ‘ভূগোল’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন। জাগীৰোড মহাবিদ্যালয় (http://www.jagiroadcollege.co.in), অভয়াপুৰী মহাবিদ্যালয় (http://www.abhayapuricollege.org), আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (http://www.aryavidyapeethcollege.org ), আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (http://adpcollege.in ) আদিত ‘ভূগোল’ বিষয়ৰত স্নাতক পাঠ্যক্রম পঢ়া সুবিধা আছে।

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – আলিগড় মুছলিম বিশ্ববিদ্যালয় ( www.amu.ac.in ), উৎকল বিশ্ববিদ্যালয় (www.utkaluniversity.ac.in ), এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in), এমিটি বিশ্ববিদ্যালয় (www.amity.edu),এলাহাবাদ বিশ্ববিদ্যালয় ( www.allduniv.ac.in ), কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), কুৰুক্ষেত্র বিশ্ববিদ্যালয় ( www.kuk.ac.in ), কৰ্ণাটক বিশ্ববিদ্যালয় (http://www.kud.ac.in/), কলকতা বিশ্ববিদ্যালয় ( www.caluniv.ac.in ), জামিয়া মিলিয়া ইছলামিয়া (http://jmi.ac.in), ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয় (http://www.dhsgsu.ac.in), দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in ), দেৱী অহল্যা বিশ্ববিদ্যালয় ( www.dauniv.ac.in), নগালেণ্ড বিশ্ববিদ্যালয় (www.nagauniv.org.in ), পুণে বিশ্ববিদ্যালয় ( http://www.unipune.ac.in/), বাঙ্গালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in ), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), ভাৰথিয়াৰ বিশ্ববিদ্যালয় (http://www.b-u.ac.in ),মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় (www.mkuniversity.org), মণিপুৰ বিশ্ববিদ্যালয় (http://en.manipuruniv.ac.in/), মহীশূৰ বিশ্ববিদ্যালয় ( www.uni-mysore.ac.in ), হিমাচল প্ৰদেশ বিশ্ববিদ্যালয় (www.hpuniv.nic.in ) আদি ।

এজন সফল ভূগোলবিদ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকাৰ দৰকাৰ, যেনে – ক্ষেত্র অধ্যয়ন আৰু পৰীক্ষাগাৰ কামৰ প্রতি আসক্তি থকা; ক্ষেত্র অধ্যয়নৰ বাবে শাৰীৰিকভাৱে সক্ষম; বিশ্লেষণাত্মক আৰু যুক্তিপূৰ্ণ চিন্তাধাৰা ; শৃংখলাৱদ্ধ , ধৈৰ্যশীলতা আৰু পদ্ধতিগত ভাবে কাম কৰা দক্ষতা; সুন্দৰ যোগাযোগ দক্ষতা থকা ; সুন্দৰ নিৰীক্ষণ ক্ষমতা, কষ্ট কৰাৰ মানসিকতা আদি গুণ থকা প্রয়োজন।

শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি ভূগোলবিদ সকলে চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ড( যেনে- Geographical Survey of India, Meteorological departments , planning and developmental commissions, forestry, environmental, disaster management departments , travel agencies, manufacturing firms, text book and map publishers, media agencies, Mobile companies, NGO আদি )ৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে, যেনে - Cartographer, Climatologist, Demographer, Drafter, Environmental Manager, GIS(Geographical Information System) specialist, Researcher, Science (Geography) writer, Surveyor, Teacher/Professor, Transportation manager, Urban and regional planner, Urban planner আদি ।

No comments:

Post a Comment