কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ চাকৰি  
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে নিম্নতম শিক্ষাগত অৰ্হতা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে। কিন্তু কিছুমান ফাৰ্মাচীউটিকেল (pharmaceutical) কোম্পানীয়ে এই চাকৰিৰ বাবে এম.বি.এ.(M.B.A.), বি.ফাৰ্ম.(B.Pharm.), বি.এচ.চি.(B.Sc.) ডিগ্রীধাৰী প্রাৰ্থী বিচাৰে।

এই চাকৰিৰ বাবে প্রাৰ্থীৰ বয়স সাধাৰণতে ২৬ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগে, কিন্তু কোম্পানীলৈ বয়সৰ সীমা বেলেগ বেলেগ হয়। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়। যেনে - “দি আছাম ট্রিবিউন (The Assam Tribune)”ৰ সাধাৰণতে দ্বিতীয় পৃষ্ঠাত প্রকাশ হয়। তাৰোপৰি মেডিচিনৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ ৰেষ্ট হাউচ্ আৰু মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি কৰি থকা সকলৰ পৰা এই চাকৰি তথ্য গোটাব পাৰে।

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে প্রাৰ্থীৰ বাচনি সাক্ষাৎকাৰৰ জৰিয়তে কৰে । এই চাকৰি কৰিব বিচৰা সকলৰ কিছুমান গুণ থাকিব লাগিব। যেনে -ইংৰাজী ভাষাত সুন্দৰ যোগাযোগ দক্ষতা থকা , ব্যক্তিত্ব আদি । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে - মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বাচনি কৰা পিছত ফাৰ্মাচী কোম্পানীবোৰে প্রাৰ্থীসকলক প্ৰশিক্ষণ দি ঔষধ বিক্ৰী কৰা কৌশলবোৰ শিকায় দিয়ে । এই চাকৰিত দৰমহাৰ ওপৰিও মৰগীয়া বানচ( D.A.), ভ্ৰমণ বানচ (T.A.), অতিৰিক্ত বানচ ( Extra Allowance ) আৰু বোনাচ (Incentive) পোৱা যায়। আমাৰ ৰাজ্যখনৰ যুৱক-যুৱতীসকলে মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ কেৰিয়াৰ কথা ভাবি চাব পাৰে।

No comments:

Post a Comment