সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১৷ আহোম সেনাপতি লাচিত বৰফুকনৰ পৰা কাৰ্গিলৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈলৈকে ৰাজ্যৰ প্ৰতিজন বীৰ যোদ্ধাক সন্মান প্ৰদৰ্শনেৰে দীঘলী পুখুৰীৰ পাৰত ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ে নিৰ্মাণ কৰিবলৈ লৈছে “ৱাৰ মেম’ৰিয়েল” অথবা “যুদ্ধৰ স্মাৰক”৷ ৭.৫কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা এই স্মাৰকক্ষেত্ৰৰ মূল বিষয়বস্তু “শৰাইঘাটৰ যুদ্ধ”।

২৷ ৭২ সংখ্যক ভেনিচ চলচিত্ৰ মহোৎসৱৰ “ক্লাছিক মুভিজ” শাখাত প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে গুৰু দত্তৰ 'প্যাসা'৷ বিশ্বৰ অন্য ২০ খন ক্লাছিক ছবিয়ে এই শাখাত প্ৰতিদ্বন্দিতা কৰিব৷

৩৷ অসমৰ ক্ৰীড়া ইতিহাসৰ বৰেণ্য এথলীট ভোগেশ্বৰ বৰুৱাই আজি ৮০ বছৰত ভৰি দিব৷ তেওঁৰ জন্মদিনটো সেয়ে অভিৰুচি গোষ্ঠীৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰূপে গুৱাহাটীৰ লগতে অসমৰ শতাধিক স্থানত পালন কৰা হ’ব৷

৪৷ অঞ্জুমন মিনহাজ-ই-ৰছুলৰ অধ্যক্ষ মৌলানা ছয়ীদ আথাৰ ডেহালভীয়ে পাক অধিকৃত কাশ্মীৰৰ জনতাৰ মনৰ ভাৱৰ বুজ লয়৷ তেওঁ সদৰি কৰামতে, এই লোকসকলে গণমতৰ পোষকতা কৰে যাতে তেওঁলোকে ভাৰতৰ অংশ হোৱাৰ বাবে ভোটদান কৰিব পাৰে৷ আনকি তেওঁলোকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবেও ইচ্ছুক৷ উল্লেখ্য যে, এই সংগঠনটোৱে পাক অধিকৃত কাশ্মীৰত শান্তি সম্প্ৰীতিৰ হকে কাম কৰি আহিছে৷

৫৷ ৰাজ্যৰ কলেজসমূহত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবে শেহতীয়াকৈ উচ্চ শিক্ষা বিভাগে তৎপৰতা আৰম্ভ কৰিছে৷ উচ্চ শিক্ষা সঞ্চালকে এক পত্ৰযোগে কলেজসমূহৰ অধ্যক্ষসকলক নিজ নিজ কলেজত খালী থকা শিক্ষকৰ পদৰ তথ্য দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশনা জাৰি কৰিছে৷

৬৷ এছিয়ান ব’ক্সিং চেম্পিয়নশ্বিপৰ চেমিফাইনেললৈ অগ্ৰগতি লাভ কৰি বিশ্ব ব’ক্সিং চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে অসমৰ শিৱ থাপাই৷ ভাৰতীয় দলৰ হৈ কৰা প্ৰদৰ্শনৰ বাবে বিকাশ কৃষাণেও বিশ্ব চেম্পিয়নশ্বিপত ঠাই নিশ্চিত কৰিছে৷

৭৷ শিশু আলোচনী “হিয়াৰ ৰামধেনুৰ” উদ্যোগত শিশু সাহিত্যৰ প্ৰতি লেখকসকলক উৎসাহিত কৰিবৰ বাবে “অঞ্জু দেৱী বেজবৰুৱা হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা” অংগনা চৌধুৰীলৈ “ৰামধেনুৰ বৰণীয়া দিনবোৰ”শীৰ্ষক উপন্যাস পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে৷ লগতে দিব্যলতা দত্ত ,প্ৰদীপ কুমাৰ শইকীয়া,মঞ্জু দত্ত,নিতুল কলিতা,অশোকা মেধি, ফুলনী ফুকনকো হিয়াৰ ৰামধেনু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷

৮ ৷ অসমকে আদি কৰি উত্তৰ পূৱৰ শিক্ষা, শক্তি, আন্ত:গাঁথনি, যোগাযোগ আদি খণ্ডত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আমেৰিকা ইচ্ছুক৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে ভাৰতস্থ আমেৰিকাৰ ৰাষ্ট্ৰদূত ৰিচাৰ্ড ৰাহুল বাৰ্মাৰ৷ তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ মাজেৰে দক্ষিণ পূৱ এছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়াতো আমেৰিকা আগ্ৰহী৷

৯৷ অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক সমাৱৰ্তন কাইলৈ বিশ্ববিদ্যালয়ৰ আজাৰা চৌহদত অনুষ্ঠিত হ’ব৷ অসমৰ ৰাজ্যপাল পি বি আচাৰ্য আৰু মূখ্যমন্ত্ৰী তৰুণ গগৈ সমাৱৰ্তনত উপস্থিত থাকিব বুলি উপাচাৰ্য ড0 ষ্টিফেন মাভেলিয়ে জনাইছে৷ পাঁচগৰাকী পি এইচ ডিকে ধৰি সৰ্বমুঠ ৫৩৫ গৰাকীক সমাৱৰ্তনত ডিগ্ৰী প্ৰদান কৰা হ’ব৷

১০৷ নতুন সুৰক্ষা মান আৰু অন্যান্য সুৰক্ষামূলক ব্যৱস্থাযুক্ত ১০০০ টকাৰ নোট শীঘ্ৰেই পৰচলন কৰিব আৰ বি আয়ে ৷এই নোটসমূহত টকাৰ চিহ্নৰ ভিতৰত ইংৰাজী এল আখৰটো থাকিব ৷নম্বৰ পেনেলত সৰু বৰ সংখ্যা থাকিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment