মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


বিদেশী/শৰণাৰ্থী প্ৰসংগত 'জাতীয় নেতা'ৰ ৰহস্যজনক নিৰৱতা কিয়?
দেৱব্ৰত গগৈ
বিদেশী বিদেশীয়েই, বিদেশীৰ কোনো জাত নাই, ভাষা নাই, ধৰ্ম নাই, সম্প্ৰদায় নাই, সিহঁতৰ এটাই চিনাকি, যে সিহঁত বিদেশী। যোৱা তিনিটা দশকে বিদেশী বিষয়টোৱে অসমৰ সমাজ-জীৱনত বিশেষভাবে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমৰ দৰে ক্ষুদ্ৰ মাটি-কালিৰ এখন ভূ-খণ্ডলৈ বিদেশীয়ে নিগাজীকৈ বসবাস কৰিবলৈ অহা মানেই ইয়াৰ থলগিৰিসকলৰ সমাজ , সংস্কৃতি ,পৰম্পৰাসমুহৰ অস্বিত্বলৈ ভাবুকি অহাটো নিশ্চিত আৰু এই আশংকাক অনুধাৱন কৰিয়েই যোৱা তিনিটা দশকে ধৰ্ম, ভাষা আৰু সম্প্ৰদায়ৰ উৰ্ধত গৈ অসমত অসমীয়াই বিদেশীৰ বিৰুদ্ধে এক নিৰবিচ্ছিন্ন প্ৰতিবাদী আন্দোলন কৰি আহিছে।

বিদেশী সমস্যাৰ লগত মানৱীয়তা বিষয়টোক টানি আনি ভাৰত চৰকাৰে অসমৰ দৰে বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য এখনক এক প্ৰকাৰৰ ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰিছে আৰু এই ব্লেক মেইলিংৰ বিৰুদ্ধে অসমৰ জাতীয়তাবাদী সংগঠনসমূহ সৰ্ম্পূণভাবে নিমাত হৈ থকা দেখি আমি আচৰিত হৈছো । অন্ততঃ সদৌ অসম ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে অসম আৰু অসমীয়াৰ প্ৰকৃত প্ৰতিনিধি বুলি দাবী কৰা সকল আজি কিয় নিমাত বুজাত অলপ অসুবিধা হৈছে। মানৱীয়তাৰ খাতিৰত বিদেশীক যদি আশ্ৰয় দিব লাগে, তেনেহ’লে ৮৫৫গৰাকী শ্বহীদৰ আহুতিক আমি কি বুলি ব্যাখ্যা কৰিম ? সততে অসম চুক্তি আখৰে আখৰে কাৰ্য্যকৰী কৰিব লাগে বুলি জনাই অহা দাবীবোৰক কি কৰিম ?

২০১৪ চনৰ নিৰ্বাচনৰ সময়ত আছুৱে দিল্লীত ৰাজনৈতিক পৰিৰ্বতন লাগে বুলি কৈ এক প্ৰকাৰ মুকলিকৈ বিজেপিক সৰ্মথন দিয়াটো আমি লক্ষ্য কৰিছিলো আৰু আজি সেই পৰিবৰ্তিত ৰাজনীতিয়ে মানবীয়তাৰ খাতিৰত হিন্দু বিদেশীক আশ্ৰয় দিয়াৰ বাট মুকলি কৰিলে। ৰাজনীতিৰ কি যে এক পৰিহাস!


সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ এজন সাধাৰণ অসমীয়া হিচাবে আমি আজিও বিশ্বাস কৰিছো যে আপোনালোকৰ নেতৃবৃন্দই ৰাষ্ট্ৰীয় স্ব্য়ং স্বেৱক সংঘৰ দৰে 'ধৰ্মীয় মৌলবাদী সংগঠন'ৰ আখ্যাপ্ৰাপ্ত সকলৰ লগত মিতিৰালি আৰম্ভ কৰা নাই , যদিহে কৰিছে সেয়া হব অসমীয়া জাতিটোৰ বাবে আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য! আৰু যদি কৰা নাই তেনেহ’লে বিজেপি চৰকাৰৰ শেহতীয়া যি হিন্দু বিদেশীক আশ্ৰয় দিযাৰ সিদ্ধান্ত তাক প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই অহাৰ সৎ সাহসকণ অসমৰ এই 'জাতীয় নেতা' সকলে ৰাইজক দেখুৱাওক।

সততে বিদেশীৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা অসমৰ বৌদ্ধিক সমাজো বিজেপি চৰকাৰৰ এই ভয়ানক সিদ্ধান্তৰ ওপৰত নিমাতে আছে, তেওঁলোককো আহ্বান জনাও যে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোকৰ স্থিতি অসমৰ ৰাইজক জনাওক। নহলে পৰিস্থিতিয়ে ভয়ংকৰ ৰুপ লোৱাটো অনিবাৰ্য।

আন সকলো দল সংগঠনৰ ভয়ংকৰ মৌনতাৰ বিপৰীতে একমাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ নেতা অখিল গগৈয়েহে এই চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে। সততে অখিল গগৈক তথাকথিত নেতা বুলি উপলুঙা কৰাসকলক কওঁ, প্ৰকৃত নেতা সেইজনহে যিজনে জাতিটোৰ সংকট কালত এষাৰ হলেও মাত মাতে আৰু সেইবাবেই অখিল গগৈ অসমীয়া জাতিটোৰ প্ৰকৃত নেতা বুলি কবলৈ কোনো কুণ্ঠাবোধ নকৰো, কাৰণ বাকী তথাকথিত জাতীয়তাবাদী নেতাসকল নিজৰ গাৰ ৰং গেৰুৱা কৰাত ব্যস্ত, আৰু কোনোবা বৃদ্ধ ছাত্ৰ নেতাৰ এইয়া মৌন ব্ৰতৰ সময়, কাৰণ তেওঁৰ বৰ্তমানৰ লক্ষ্য মাথোন ৰাজ্যসভাৰ আসন , বাকী অসমৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ কৰিবলৈ ইতিমধ্যে তেখেতে আৰ.এচ.এচক ঠিকা দি দিছে।

No comments:

Post a Comment