ৰূপালী পৰ্দাঃ অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ

ৰূপালী পৰ্দাঃ অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ

Share This
অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ, xukhdukh.com অসমীয়াৰ সুখ দুখ

অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে স্পেচিয়েল লকডাউন ফিল্ম শিতানত “শ্ৰেষ্ঠ অভিনেত্ৰী”ৰ প্ৰথম পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ১১ জুলাইত মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত অনুষ্ঠিত হোৱা ৰোচানি ইন্টানেচনেল চৰ্ট ফিল্ম ফেষ্টিভেলত অভিনেত্ৰী গৰাকীয়ে এই বঁটা লাভ কৰে। 

অসমীয়া ছুটি ছবি “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ভ্ৰান্তি মেধিলৈ, xukhdukh.com অসমীয়াৰ সুখ দুখ

চলিত বছৰৰ জুন মাহত অনুষ্ঠিত হোৱা ৰিপাব্লিক অৱ কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলতো এই ছবিখনে লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক”ৰ বঁটা। উক্ত ফিল্ম ফেষ্টিভেলখনে তেওঁলোকৰ পৰৱৰ্তী ফেষ্টিভেলৰ বাবে পৰিচালক কুলদীপ মেধিক “ইন্টাৰনেচনেল জুৰি”ৰ বাবে মনোনীত কৰে। আৰু যোৱা মে মাহত অনুষ্ঠিত হোৱা নাৱাডা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ছবিখনে লাভ কৰে “শ্ৰেষ্ঠ জুৰী”ৰ বঁটা। ইয়াৰোপৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰিষ্ট’ল ইন্টাৰফেষ্ট ২০২১; সংযুক্ত যুক্তৰাষ্ট্ৰ, গোল্ডেন ব্ৰিজ ইষ্টানবুল চৰ্ট ফিল্ম ফেষ্টিভেল ২০২১; তুৰ্কী, তৃতীয় বৈকল্পিক চলচ্চিত্ৰৰ আন্তৰ্জাতিক প্ৰদৰ্শনী মিকাম ২০২১; মেক্সিকোলৈ “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক” ছুটি ছবিখন নিৰ্বাচিত হয়।


এই ছুটি ছবিখনৰ জৰিয়তে পৰিচালক/কাহিনীকাৰ মেধিয়ে কোভিড মহামাৰী কালৰ লকডাউনৰ সময়ত এটি মধ্যবিত্ত পৰিয়ালৰ স্বনিয়োজিত এগৰাকী বিধৱাৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা, আশা-আকাংক্ষা, অভাৱ-অনাটনৰ কাহিনী দেখুওৱা হৈছে। প্ৰায় ৯ মিনিট ৫৮ চেকেণ্ডৰ এই ছুটি ছবিখনে যোৱাটো বছৰৰ পৰা বৰ্তমানলৈ ত্ৰাসৰ কাৰক হোৱা কৰোনাৰ বাবে আমাৰ সমাজৰ বহু সংখ্যক পৰিয়ালৰ আৰ্থিক দীনতাক চলচ্চিত্ৰৰ মাজেৰে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে, য’ত প্ৰকাশ পাইছে শিক্ষাৰ ক্ষেত্ৰত আহি পৰা বাধা, স্বাস্থ্যৰ ক্ষেত্ৰত আহি পৰা সংকট ইত্যাদি।


একেটা পৰিয়ালৰ তিনিগৰাকী ভিন্ন বয়সৰ নাৰীৰ হতাশা আৰু সংগ্ৰামক মূল হিচাবে লৈ “ডাৰ্থ …লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখন। ছবিখনৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে ভ্ৰান্তি মেধি, আন দুটি চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী ত্ৰিৱেণী বৰা আৰু শিশুশিল্পী ফাল্গুনী ভৈৰৱীয়ে। ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰণৱ হালৈ, সম্পাদনা ভৱেশ বৈশ্য, সংগীত অমিত চৌকাধৰা, ৰূপসজ্জা স্মৃতি দত্ত, ব্যৱস্থাপনা ভাগ্যশ্ৰী ডেকাৰ। ৰূপকোঁৱৰ চিনে প্ৰডাকচনৰ হৈ ছবিখন প্ৰযোজনা কৰিছে ক্ৰমে সুৰেন্দ্ৰ কুমাৰ মেধি, কৌশল্যা মেধি, শ্ৰুতিধাৰা মেধি, ৰাখী শইকীয়া আৰু উৎপল হাজৰিকাই।


বৰ্ণ বিদ্বেষক বিষয়-বস্তু হিচাবে লৈ ২০১৯ চনত নিৰ্মিত কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত আন এখন উল্লেখনীয় ছুটি ছবি “চাওলি”। এই ছবিখনেও ৩০খনতকৈ অধিক ৰাস্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ৭টা কৈ বঁটা লাভ কৰিছিল

No comments:

Post a Comment