এক.
একদম চিম্পল অংক এটা চাওক... এইযে CAB খন, তাৰ ওপৰত হৈ চৈ কৰি আচলতে একো লাভ নাই... কাৰণ এইখন কেতিয়াও আইন নহয়গৈ আৰু হলেও সেইখন আইনী প্ৰ্ক্ৰিয়াৰ মাজেৰেই বাতিল হ'ব... এইখিনি কথা আপুনি বা মই বা অন্দোলনকাৰী সকলে নুবুজিলেও যিসকলে হিন্দুত্ব আৰু ধৰ্মৰ নামত দালালী কৰি পেট প্ৰবৰ্তাই আছে বা ক্ষমতা দখলৰ সপোন দেখি এনেখন কৰি আছে তেওঁলোকে ঠিকেই বুজিছে... তেনেহলে কিয় এনে কৰিছে?
বাকী দেশৰ কথা বাদ দিলো... আমি নাদৰ ভেকুলী হিচাপে অসমৰ অংক দুটামান কৰো...
(১) আপোনালোকে যদি পাহৰা নাই, মনত পেলাওকছোন সেইযে দুবছৰমান আগতে সোঁৱে বাঁৱে বহুলাখ টকা চৰকাৰি ধনৰ অপচয় কৰি অসমত (গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত) এখন বিশাল মেলা হৈছিল, য'ত আমাক ঠগোৱা হৈছিল যে অসমত হেনো বিনিয়োগকাৰীৰ লাইন লাগিছে আৰু প্ৰায় ১ লাখ কোটি টকামানৰ বিনিয়োগ কৰিব বুলি বিয়াগোম বিয়াগোম উদ্যোগপতিসৱ ইয়াত ভিৰ কৰিছেহি... মনত আছে নিশ্চয় আপোনাৰ... !!! হে হে হে ... আপুনিও অলপ হিচাপ নিকাচ কৰকছোন এক লাখ কোটি টকাৰ কিমান টকা এতিয়ালৈ বিনিয়োগ হ'ল...
- গতিকে আপুনি যাতে এই হিচাপ নিকাচ বিচাৰি হৈ হাল্লা নকৰি CAB খনতে ব্যস্ত থাকে তেতিয়া কাৰ লাভ??
(২) ৬৫ মহলীয়া টাৱাৰটোযে?? হয় হয় ৬৫ মহলীয়া টাৱাৰ... যিটোৰ ওপৰত ঠিয় হলে আপুনি কি কি দেখিলেহেতেন ঠিক নাই... সেইটোৰ এটামানো খুটাৰ কাম আৰম্ভ হৈছে নেকি বুলি যদি আপুনি প্ৰ্শ্ন কৰে তেতিয়া কি হ'ব?
- গতিকে আপুনি যাতে এই হিচাপ নিকাচ বিচাৰি হৈ হাল্লা নকৰি CAB খনতে ব্যস্ত থাকে তেতিয়া কাৰ লাভ??
(৩) ব্ৰহ্মপুত্ৰ যে খন্দা কথা আছিল; মানে নমামী ব্ৰহ্মপুত্ৰ পাতি আপোনাক বুজোৱা হৈছিল.... লগতে যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ব্ৰহ্মপুত্ৰৰ পৰা খন্দা বালিৰে যে এক্সপ্ৰেছ হাইৱে এটা বনোৱা কথা অাছিল?? কি, আপুনি পাহৰিছে... ধেৎ তেৰি... !! কি কয়?? আপুনি যদি এতিয়া ইয়াৰ উত্তৰ বিচাৰে কি হ'ব তেতিয়া??
- গতিকে আপুনি যাতে এই হিচাপ নিকাচ বিচাৰি হৈ হাল্লা নকৰি CAB খনতে ব্যস্ত থাকে তেতিয়া কাৰ লাভ??
(৪) জনসংখ্যাৰ ভিত্তিত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশৰ ৮০% জনসংখ্যা হিন্দু... এয়া সমানুপাতিকভাৱে অতীজৰ পৰা চলি আহিছে... আলেক্সেণ্ডাৰেই হওক, মোগলেই হওক ব্ৰিটিছৰ ৰাজত্ব কালতে হওক, এই অনাহিন্দুৰ ৰাজত্ব কালত কোনোদিনেও কিন্তু দেশৰ ৮০% জনতাই নিজৰ ধৰ্মটোৰ প্ৰ্তি ভাবুকী আহিছে বুলি কেতিয়াও অনুভৱ কৰা নাছিল..... যদিহ আপুনি নিজাকৈ বুৰঞ্জী নিলিখি প্ৰ্খ্যাত বুৰঞ্জীবিদসকলৰ কথা বিশ্বাস কৰে... আনকি দেশে ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱাৰ ৬০ বছৰলৈও এনে ভাবুকি আহিছে বুলি কোনেও অনুভৱ কৰা নাছিল... তেন্তে আপুনি যদি এতিয়া প্ৰ্শ্ন কৰে যে হঠাৎ যোৱা ৫ বছৰত হিন্দুত্ববাদী সকলৰ শাসন কালতহে কিয় হিন্দুসকল ভাবুকিৰ সন্মুখীন হ'ল বুলি তেতিয়া কি হ'ব???
গতিকে আপুনি যাতে এনে 'অবান্তৰ' প্ৰ্শ্ন নকৰি আৰু অযথা হৈ হাল্লা নকৰি CAB খনতে ব্যস্ত থাকে তেতিয়া কাৰ লাভ??
তাৰোপৰি ক্ষমতাৰ লালসা, লুই বাৰ্জাৰ আদি অংকবোৰ আছেই... আপুনি ভাৱকছোন, এনে ঢেৰ অংক ওলাব... !! আপুনি মই যাতে সেই অংকবোৰ পাহৰি CAB খনতে লাগি থাকো তেতিয়া সকলোৰে কিমান লাভ?? বুজিলেনে??
খ.
ধেৎ তেৰি.. আগতে কেৱল শ্ৰী হীৰেণ গোঁহাই চাৰ আৰু অখিল গগৈ আছিল টাৰ্গেট.. এই দুজনকে বলে নোৱাৰিলে; এতিয়া ১৫০০ টকীয়া ভক্তগণৰ তাম্মাম বিপদ হৈছে কাৰণ একেলগে হাজাৰ লাখমান টাৰ্গেটক হেণ্ডল কৰিব লগা হৈছে...!! আৰে ভাই, মাহেকীয়া ভাত্তা লৈছে, কাম লাগিবই...!! কাক এৰিব কাক ধৰিব...!! একদম অভাৰটাইম কৰি কৰি... মাজত আছে মাত্র দুমাহ... দুমাহত ইমানসোপা মানুহক ব্ৰেইন ৱাচ কৰি বুজোৱা ধেমালি?? জমনি হৈছে কিন্তু খেলখন !! বেয়াও লাগে... চ' চেড ইউ ন'...!!
গ.
আমাৰ চকু টিপিয়াই থকা চাৰে কৈছে কলা পতাকা, ৰং দেখোৱা সকলক তেওঁ হেনো সুদাই নেৰে... মোৰ কলা ৰং তাম্মাম প্ৰিয়, কেইবাটাও কলা চাৰ্ট টি-চার্ট আছে...মোৰ প্ৰ্ফাইল পিক খনেই প্ৰ্মাণ... পিছে এতিয়া পিন্ধিবলৈ ভয়েই লাগিছেছোন... !! দেশদ্ৰোহী বুলি জেলত ভৰাই দিব পাৰে যে...!!
ভাল লাগে, এনজয় কৰো বহুত...!!
ঘ.
ৰাজনৈতিক নেতা পালিনেতাবোৰৰ মাজত তৰ্ক যুদ্ধ লাগি থাকোতে টক শ্ব, সংবাদমেল আদিত বহু ভিতৰুৱা কথা ওলায় পৰে... তাম্মাম জমনি...!! এইবোৰৰ ভিতৰত আমাৰ দৰে লোকে বহু কথাই জানো... কিন্তু সাংঘাটিক নজনা কথা এটা কালি গ'ম পালো.... তেখেত "উগ্ৰপন্থী" হৈ থাকোতে যেতিয়া পুলিছৰ ৰেইড পৰিল, তেখেতে হেনো এখন হাতত টকাৰ বেগটো আৰু আনখন হাতত পিষ্টল দুটা লৈ কোনোবা হোষ্টেলৰ কলগছৰ জোপোহাৰ আঁৰত ক্ষন্তেক লুকাই পিষ্টল দুটা তাতে দলিয়াই টকাৰ বেগটো লৈ পলাল.... !!
ঙ.
জিনিয়াচ... টকাৰ মূল্যযে কিমান তেখেতে তেতিয়াই অনুধাৱন কৰিছিল...!! ছাত্রনেতা, উগ্ৰপন্থী, বিধায়ক, মন্ত্ৰীত্ববোৰ আচলতে একো একোটা পোচাক... টকাই মেইন কথা... টকা থাকিলে ক্ষমতা আৰু ক্ষমতা থাকিলে যিতি কথা চকু টিপিয়াই, মুখ বেকা বেকি কৰি কৈ থাকিব পাৰি...!! তেখেতৰ বাবে সঁচা বা মিছা বুলি কোনো কথা নাই.. সেইটো আপেক্ষিক কথা... যি সময়ত যি কথা কৈ টকা, ক্ষমতা অৰ্জন কৰিব পাৰি সেই সময়ত সেইটোৱেই সঁচা কথা... বাকিবোৰ মিছা... সময়হে আচল... সময় গতিশীল... সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাহে মেইন... কোন দল, কোন সংগঠন, আগতে কি কৈছিল, এতিয়া কি কৈ আছে সেইবোৰ মূল্যহীন.... যেনে ধৰক এইযে ৮ লাখৰ হিচাপ্টো... অংক কৰি দেখোৱাই দিলে যে ৮ লাখ হৰণ ১৭ সমষ্টি...মাত্র ৪৭ হাজাৰ মানুহ..!!
কাৰণ তেখেতে জানে, এতিয়াও আমাৰ দেশত এনে বহু শ হাজাৰ মূৰ্খলোক আছে যি তেখেতে কোৱা কথাবোৰ সঁচা বুলি ভাবে...!! আৰু লগত আছে ১৫০০ টকীয়া ভক্তগণ... !! এয়াই হ'ল জিনিয়াচৰ লক্ষণ.... মিছা কলে কিডাল হ'ব, মই তেখেতৰ এই গুণটোৰ বাবে শ্ৰ্দ্ধা কৰো... যিকোনো মিছা কথা দ্বিধাহীনভাৱে কৈ যাব পাৰে... আপুনি মান্ক বা নামানক, এয়া কিন্তু এক সাংঘাটিক গুণ...!!
No comments:
Post a Comment