তাজাখবৰঃ CAB ৰ বিৰুদ্ধে জুবিন গাৰ্গ: শিল্পী দিৱসৰ পাছত সন্মিলিত প্ৰতিবাদ আছুৰ সৈতে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ CAB ৰ বিৰুদ্ধে জুবিন গাৰ্গ: শিল্পী দিৱসৰ পাছত সন্মিলিত প্ৰতিবাদ আছুৰ সৈতে

তাজাখবৰঃ CAB ৰ বিৰুদ্ধে জুবিন গাৰ্গ: শিল্পী দিৱসৰ পাছত সন্মিলিত প্ৰতিবাদ আছুৰ সৈতে

Share This
অসমৰ ৰাইজ, জাতীয় সংগঠন সমূহৰ প্ৰৱল প্ৰতিবাদকো নেওচি লোকসভাত বিজেপিয়ে পাছ কৰোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে শিল্পী জুবিন গাৰ্গ। পূৰ্বে মুখ্যমন্ত্ৰীলৈ লিখা ৰাজহুৱা মুকলি চিঠিত অসমৰ ৰাইজৰ দাবীৰ প্ৰতি চকু দিবলৈ সাত দিনৰ সময় ধৰি দি আহ্বান জনাইছিল জুবিন গাৰ্গে। 

এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো সৰ্বানন্দ সোনোৱালে সেই অনুৰোধ ৰক্ষা নকৰি কেৱল ক'লা পতাকা গণি থকা বুলি পুনৰ মন্তব্য কৰিবলৈ বাধ্য হয় শিল্পীজন। প্ৰতিবাদকল্পে, নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ গোৱা নিৰ্বাচনী প্ৰচাৰৰ গানৰ পাৰিশ্ৰমিক তেওঁ ঘূৰাই দিব বুলিও চ'চিয়েল মেডিয়াত পুনৰ সৰৱ হৈ পৰে জুবিন গাৰ্গ। লগতে তেওঁ তেওঁৰ কণ্ঠ ব্যৱহাৰ কৰি বিজেপিয়ে গোটোৱা ভোটো ঘূৰাই বিচাৰে।

অৱশেষত জুবিন গাৰ্গে পূৰ্বতে ঘোষণা কৰাৰ দৰেই এইবাৰ প্ৰতিবাদী কাৰ্যসূচীত নিজাববীয়াকৈ লাগিবলৈ ওলাই আহিল। কাইলৈ জুবিন গাৰ্গৰ আহ্বানত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ উদ্যোগত তেজপুৰত শিল্পী দিৱসত শিল্পীৰ প্ৰতিবাদ শীৰ্ষৰে সংকল্পৰ দিন পালন কৰা হব। ১৭ জানুৱাৰী বিয়লি ৩ বজাত তেজপুৰৰ কলেজিয়েট খেলপথাৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ হব। জুবিনৰ সকলো অনুৰাগীয়েই এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে শিল্পী গৰাকীৰ সৈতে থিয় দিবহি বুলি আশা প্ৰকাশ কৰা হৈছে।

আজি জুবিন গাৰ্গে এই প্ৰতিবাদক ধাৰাবাহিক ৰূপ দিয়াৰ বাবে আছু নেতৃবৃন্দৰ সৈতে মিলিত হয়। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যৰ লগতে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সৈতে আলোচনাত বহি অহা ২৩ জানুৱাৰীত পুনৰ গুৱাহাটীৰ লতাশিল খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰাৰো পৰিকল্পনা সদৰী কৰিছে। সন্মিলিত গণ-প্ৰতিবাদৰ বাবে জুবিন গাৰ্গে আছুৰ সৈতে হাত মিলোৱাৰ এই প্ৰচেষ্টাক অনুৰাগী সমাজে আদৰণি জনাইছে।

No comments:

Post a Comment