ভালখবৰঃ মুম্বাইত ইংৰাজী ভাষাত 'ৰাৱন বধ' ভাওনা মঞ্চস্থ:: বিশ্বমুখী উদ্যমৰ বাবে প্ৰশংসিত 'প্ৰজন্ম উন্মেষ' - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰঃ মুম্বাইত ইংৰাজী ভাষাত 'ৰাৱন বধ' ভাওনা মঞ্চস্থ:: বিশ্বমুখী উদ্যমৰ বাবে প্ৰশংসিত 'প্ৰজন্ম উন্মেষ'

ভালখবৰঃ মুম্বাইত ইংৰাজী ভাষাত 'ৰাৱন বধ' ভাওনা মঞ্চস্থ:: বিশ্বমুখী উদ্যমৰ বাবে প্ৰশংসিত 'প্ৰজন্ম উন্মেষ'

Share This
যোৱাকালি (১১/০১/২০১৯) মুম্বাইৰ CIDCO Exhibition Center, Vashi ত অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ 'প্ৰজন্ম উন্মেষ' নামৰ এটা সাংস্কৃতিক গোষ্ঠীয়ে গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি 'ৰাৱণ বধ' ভাওনা ইংৰাজী ভাষাত সফলভাবে মঞ্চস্থ কৰে। ভাওনাৰ মাধ্যমক বিশ্বমুখী কৰাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ লোৱাৰ বাবে সাংস্কৃতিক গোষ্ঠীটোক প্ৰশংসা কৰিছে অসমৰ সচেতন সমাজে।
গুৰুজনাৰ ভাওনা ব্ৰজাৱলী ভাষাত আৰু আজিকালি কিছু কিছু ঠাইত অসমীয়া ভাষাত অনুষ্ঠিত হৈ থাকে কিন্তু ইংৰাজী ভাষাত ভাওনা এইটো এটা নতুন আৰু আদৰণীয় প্ৰচেষ্টা। গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা অকল অসমতে যাতে সীমাবদ্ধ নাথাকে, অনা-অসমীয়া, বেলেগ ৰাজ্য, বেলেগ দেশৰ মানুহেও আমাৰ অসমীয়া জাতিৰ চিনাকি ভাওনা বুজি পাই, জানে, আমাৰ ভাওনা বিশ্বদৰবাৰলৈ লৈ যাব পাৰে তাৰ বাবে এই নতুন প্ৰচেষ্টা। তাৰ বাবে যোৱাকালি ভাওনাৰ পৰিচালক অৰূপ শইকীয়া, যুটীয়া সমন্বয়ক গিৰিমল্লিকা শইকীয়া আৰু গীতিমল্লিকা শইকীয়া লগতে 'প্ৰজন্ম উন্মেষ' গোষ্ঠীটোক ধন্যবাদ দিবয়ে লাগিব।

ব্ৰজাৱলী ভাষাৰ বচন সমুহ ইংৰাজী ভাষাত অনুবাদ কৰা আৰু বচন লিখি ভাওনাত প্ৰদান কৰা যথেষ্ট টান কাম। এনে এটা কামৰ বাবে চিন্তা কৰা আগবাঢ়ি অহা সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ।

ভাওনাত সকলোৰে অভিনয় সুন্দৰ আছিল আৰু পৰিচালক অৰূপ শইকীয়ায়ে নিজে ৰাৱণৰ ভাওত যি সুন্দৰ অভিনয় কৰিলে তাৰ প্রশংসা কৰিবয়ে লাগিব।

ভাওনাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল IAS বিষয়া Prajakta Lavangare Verma, Joint MD, CIDCO, অসম ভৱন মুম্বাইৰ আৱাসিক উপায়ুক্ত দেৱশীষ শৰ্মা, জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা, ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম, অসম এছচিয়েছন মুম্বাইৰ সভাপতি বিনোদ মুদিয়েৰ, সম্পাদক দীপাংকৰ বুঢ়াগোহাঁই, মুম্বাইৰ কেইবাটাও অসমীয়া সংঘৰ মুখ্য বিষয়া সমূহ, অসমৰ পৰা চিকিৎসাৰ বাবে মুম্বাই আৰু অসম ভৱন মুম্বাইত থকা অসমীয়া ৰাইজ আৰু প্ৰায় দুই শতাধিক মুম্বাইবাসী অসমীয়া, অনা-অসমীয়া ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে 'প্ৰজন্ম উন্মেষ' নামৰ সাংস্কৃতিক গোষ্ঠীটোয়ে ইয়াৰ পূর্বেও যোৱাবছৰ অৰ্থাৎ ২০১৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত দেশৰ ৰাজধানী দিল্লীত ইংৰাজী ভাষাত ভাওনা অনুষ্ঠিত কৰি বিশেষ সমাদৰ লাভ কৰিছিল। তেওঁলোকৰ এই মহৎ প্ৰচেষ্টা যাতে সফল হয় আৰু আমাৰ অসমীয়া জাতিৰ গৌৰৱ গুৰুজনাৰ ভাওনায়ে বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰে তাৰে কামনা কৰো।
প্ৰতিবেদকঃ লক্ষ্য জ্যোতি নাথ, মুম্বাই

No comments:

Post a Comment