মনৰ কথাঃ "ভাৰত-ৰত্ন" সন্মান আৰু সাম্প্ৰতিক ৰাজনীতি :: মস্তাক আহমদ চৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ  "ভাৰত-ৰত্ন" সন্মান আৰু সাম্প্ৰতিক ৰাজনীতি :: মস্তাক আহমদ চৌধুৰী

মনৰ কথাঃ "ভাৰত-ৰত্ন" সন্মান আৰু সাম্প্ৰতিক ৰাজনীতি :: মস্তাক আহমদ চৌধুৰী

Share This
২০১৯ বৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে তিনিগৰাকী কৃৰ্তিমান ভাৰতীয়ক কেন্দ্ৰৰ মোদী চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিলে ৷ তেওঁলোক হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু সংঘ পৰিয়ালৰ ঘনিষ্ঠ নানাজী দেশমুখ৷ সুধাকণ্ঠলৈ এই সন্মানে অসমৰ ৰাইজৰ মাজত অতিশয় আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে। মোদী চৰকাৰলৈ এই সিদ্ধান্তৰ বাবে ৰাইজে ধন্যবাদো জ্ঞাপন কৰিছে।

ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ দাবী অসমবাসীৰ ন্যাৰ্য্য দাবী আছিল৷ ভূপেন হাজৰিকা এনে এক বিৰল প্ৰতিভা যি ভাৰতৰত্নৰ বাহিৰে প্ৰায় শিল্পী হিচাবে সকলো আগশাৰীৰ বঁটা আজুৰি আনিছিল, অসম ৰত্নৰেও সন্মানি হৈছিল। ৮ ছেপ্টেম্বৰ ১৯২৬ চনত বৃটিছ শাসিত অসমৰ শদীয়াত জন্মলাভ কৰা ভূপেন হাজৰিকা এজন কবি, লেখক , গীতিকাৰ, সুৰকাৰ, গায়ক, প্ৰযোজক, সংগীতকাৰ, চিত্ৰনিৰ্মাতা, সমাজকৰ্মী, কি নাছিল তেওঁ৷ অসমীয়াৰ বাহিৰেও বাংলা, হিন্দি আদি বিভিন্ন ভাষাত তেওঁৰ সৃষ্টিৰাজি বিদ্যমান৷ তেওঁ পদ্ম, পদ্মভূষণ, পদ্মবিভূষণ বঁটাৰ বাহিৰেও সংগীত নাটক একাডেমী বঁটা, দাদাচাহেব ফাল্কে, ফিল্মফেয়াৰ, শ্ৰেষ্ঠ সংগীতকাৰৰ ৰাষ্ট্ৰীয় বঁটা আদি লাভ কৰিছিল ৷ সংগীতৰ জৰিয়তে মানৱতাৰ জয়গান গাই ভূপেন হাজৰিকা আন্তৰ্জাতিক জগতত সমাদৃত হৈ পৰিছিল৷ বিধায়কৰূপেও তেখেতে দায়িত্ব পালন কৰিছিল৷ ৫ নৱেম্বৰ, ২০১১ ইংৰাজীত ৮৫ বছৰ বয়সত তেখেতৰ মৃত্যু হয়৷ মৃত্যৰ পিছৰ পৰাই ড° হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ দাবী জোৰদাৰ হব ধৰে অসমবাসীৰ ন্যাৰ্য্য  এই দাবী মানি লোৱা হ'ল এনে এক সময়ত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ভূপেন হাজৰিকাৰ গৃহভূমিত চলি আছে তীব্ৰ আন্দোলন৷ সেয়ে এই চৰ্চাই স্থান লাভ কৰিছে যে নাগৰিকত্ব সংশোধনী  বিধেয়কৰ চোক কিছু কমাবলৈ এনে এক সিদ্ধান্তৰ প্ৰয়োজন আছে৷ অসমবাসী অধিক সুখী হ'লহেঁতেন যদি এনে পৰিস্থিতি সৃষ্টিৰ আগতেই এই সন্মান দিলেহেঁতেন আৰু পাইকাৰীভাৱে নিদি অকলে দিলেহেঁতেন। অন্ততঃ তেখেতৰ মৃত্যুৰ পাছতো পত্নী কিছুদিন জীয়াই আছিল, শেহতীয়াকৈ শেষ বয়সৰ সংগী কল্পনা লাজমীয়েও বিদায় মাগিলে। তেওঁলোকো দুয়ো গৰাকীয়ে অন্তত এই স্বীকৃতি লাভৰ খবৰটো পাই যোৱা হ'লেও চাগৈ ভূপেনদাক হেৰুৱাৰ সান্ত্বনা লভিব পাৰিলেহেতেন। এতিয়া অসমৰ ৰাইজে ভাৰত চৰকাৰক সুধাকণ্ঠলৈ ভাৰতৰত্ন প্ৰদানক আদৰণি জনাইছে যদিও সাম্প্ৰতিক প্ৰতিবাদৰ অগণি জ্বলি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত পিছে এয়া নিচুকনি বুলি গণ্য নকৰিবলৈ আৰু প্ৰতিবাদ চলি যাবই বুলিও স্পষ্ট ভাষাৰে জনাই দিছে। অন্য এগৰাকী অসমীয়া গোপীনাথ বৰদলৈকো বিজেপি চৰকাৰেই বাজপেয়ী চৰকাৰৰ দিনত ভাৰত-ৰত্ন দিছিল, তেতিয়াও হেনো অসমৰ ৰাজনৈতিক পৰিস্থিতিলৈ চাইহে এই ৰাজনৈতিক সিদ্ধান্ত লোৱা হৈছিল বুলিও আজি কেইবাগৰাকী নেতাই মত প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিৰ এজন আইকন, সমাজকৰ্মী নানাজী দেশমুখলৈ বিজেপি চৰকাৰে ভাৰতৰত্ন দিয়াটো প্ৰত্যাশিত ঘটনা৷ নানাজীৰ প্ৰকৃত নাম চন্দ্ৰিকাদাস অমৃতৰাও দেশমুখ৷ ১৯১৬ চনৰ ১১ অক্টোবৰত মহাৰাষ্ট্ৰৰ হিংগলত জন্মগ্ৰহণ কৰা দেশমুখ ভাৰতীয় জনসংঘৰ নেতা আছিল আৰু পিছলৈ ৰাজ্যসভা লৈ নিৰ্বাচিত হৈছিল৷ ২০১০ চনত মৃত্যুবৰণ কৰা এইজন ব্যক্তিয়ে শিক্ষা, স্বাস্থ্য আৰু গাঁও অঞ্চলৰ উন্নতিৰ বাবে কাম কৰিছিল৷ ১৯৯৯ চনত তেওঁক পদ্মবিভূষণ আগবঢ়োৱা হৈছিল৷ এই গৰাকী সমাজকৰ্মীকো মৰণোত্তৰ ভাৱে ভাৰতৰত্ন আগবঢ়োৱা হৈছে।

আনহাতে, আন এজন ভাৰতৰত্ন প্ৰাপক প্ৰণৱ মুখাৰ্জী হৈছে ভাৰতৰ সৰ্বকালৰ এজন দক্ষ ৰাজনীতিবিদ তথা প্ৰশাসক৷ ১৯৩৫ চনত জন্মলাভ কৰা মুখাৰ্জী য়ে ভাৰতৰ বিভিন্ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইন্দিৰা গান্ধীৰ পৰা মনমোহন সিঙলৈকে প্ৰায় সকলো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছিল তেওঁ আৰু অৱশেষত দেশৰ ১৩ তম ৰাষ্ট্ৰপতি ৰূপে দায়িত্বলৈ মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰ পৰিচালনাত সহায় কৰিছিল৷ কেইবাখনো অধ্য়াদেশ ঘূৰাই নপঠাই নিবিঘ্নে চহী কৰি  দিয়া বুলিও বাতৰি প্ৰকাশ হৈছিল। তেখেতে অৱসৰলৈয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মিটিঙলৈ মুখ্য অতিথিৰ ৰূপত সভা শুৱনি কৰিবলৈ যোৱাক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। 

প্ৰণৱ মুখাৰ্জীক এই সন্মান দিয়াটো কেবটাও দিশৰ পৰা ৰাজনৈতিক ভাৱে তাৎপৰ্যপুৰ্ণ বুলি বিবেচিত হৈছে৷ প্ৰথম কথা হৈছে পশ্চিমবংগ দখল কৰিবলৈ বিজেপিৰ বেংগলি চেন্টিমেন্ট জয়ৰ কৌশল বুলিও বহুতে অভিহিত কৰিছে৷ দ্বিতীয়তে ইয়াৰ দ্বাৰা প্ৰমান কৰা যে বিজেপিৰ অন্তৰ বহুত বহল, বিজেপিয়ে যোগ্যজনক সন্মান যাচিবলৈ দল-মতৰ বিচাৰ নকৰে৷ কংগ্ৰেছ নেতাকো প্ৰদান কৰিব পাৰে৷ ভূপেনদাক অসমৰে ৰাজ্য সভাৰ সদস্য প্ৰধানমন্ত্ৰী হৈ থাকোতে কিয় ভাৰতৰত্ন দিয়া নহ'ল, তাৰো এইবাৰৰ সিদ্ধান্ত এক ৰাজনৈতিক প্ৰত্যুত্তৰ বুলি বিবেচিত হৈছে।

তৃতীয়তে ভাৰতৰ ৰাজনৈতিক মহলত এই কথা প্ৰায় আলোচনা হয় যে প্ৰণৱ মুখাৰ্জীৰ দৰে লোক ভাৰতৰ প্ৰধানমন্ত্ৰী হব লাগিছিল৷ কোৱা হয় যে গান্ধী পৰিয়ালে সেই সুযোগ তেওঁক নিদিলে৷ এতিয়া তেখেতক সৰ্বোচ্চ সন্মান দি বিজেপিয়ে এনে বাৰ্তা দিব বিচাৰিছে যে, চাওক-- গান্ধী পৰিয়ালে injustice কৰা লোকৰ সৈতে আমি justice কৰিছো৷ ইয়াকে কয়, একেটা গুলিত কেবাটাও চিকাৰ৷

যিয়েই নহওক, ৰাষ্ট্ৰৰ পুৰস্কাৰ, সন্মান আদি সদায়েই ৰাজনৈতিক সিদ্ধান্ত। তাক ৰাজনীতিৰ পৰা আঁতৰাই চাব নিশ্চয়কৈ নোৱাৰি। ব্যক্তিগত ভাৱে ৰাজনৈতিক ব্যক্তিসকলক ভাৰতৰত্ন প্ৰদানৰ পৰম্পৰাক আমি ভাল নেদেখো৷ ই ভাৰতৰত্নৰ মৰ্যদা লাঘৱহে কৰে বুলি ভাৱো৷ শচীন তেণ্ডুলকাৰৰ খেলুৱৈ হিচাবে ভাৰতৰত্ন দিয়াৰো আমি বিৰোধিতা কৰিছিলো৷ তেওঁক খুব বেছি খেলৰত্ন বা ক্ৰিকেট ৰত্নহে দিব পৰা গৈছিল, কিন্তু তেখেতৰ বাবে নিয়ম বদলি কৰাও হ'ল, সেয়াও ৰাজনৈতিক সিদ্ধান্ত আছিল৷ ৰাইজৰ দৃষ্টিত পিছে এ পি জে আব্দুল কালামৰ দৰে লোকহে প্ৰকৃতাৰ্থত ভাৰতৰ ৰত্ন৷ অসমৰ যাদৱ পায়েঙো ভাৰতৰত্নৰ যোগ্য যেন লাগে৷ কেৱল ৰাজনীতি নহয়, কলা-বিজ্ঞান, অসামৰিক সেৱা, চিকিতসা সেৱা, অভিযন্তা, শিক্ষক, ক্ৰীড়া, সমাজ সংগঠক, সাহিত্যিক আদিৰো সামগ্ৰিক মূল্যায়ন কৰি ভাৰতৰত্নৰ বাবে বিবেচনা কৰাৰো আমি পক্ষপাতী। 

1 comment: