তাৰিখটো ঠিক মনত নাই৷ চনটো বোধকৰো ২০০৮ আছিল৷ মঞ্চত ভাষণ দি আছে ডাঃ ইলিয়াছ আলীয়ে৷ সভাত তিনিশমান মানুহ৷ বেছিভাগ মানুহ অশিক্ষিত, অৰ্ধশিক্ষিত মানুহবোৰ ডাঃ আলীৰ ভাষণ শুনাত ব্যস্ত৷ ঠিক তেনেকুৱাতে নাতি দূৰৈৰ পৰা ভাঁহি আহিল এজাক মানুহৰ চিঞৰ-বাখৰৰ শব্দ৷ কেইজনমান জোনাবজাতীয় মানুহ আহিছে- সভাখন বন্ধ কৰিব লাগে৷ কাৰণ? কাৰণ হ'ল- ডাঃ আলীয়ে ইছলামবিৰোধী কাম কৰি আছে৷
মই মঞ্চৰ তলত, একেবাৰে সন্মুখৰ শাৰীত বহি আছো৷ সভাখন আয়োজন কৰোৱাইছিলো ময়েই৷ গতিকে হুলস্তুল শুনি ডাঃ আলীয়ে মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই পঠিয়ালে৷ মই তেখেতক ইংগিতেৰে চিন্তা নকৰিবলৈ অভয় প্ৰদান কৰি হুলস্তুলটোৰ ফালে আগবাঢ়ি গ'লো৷
হুলস্তুলকাৰীকেইজন স্থানীয় মেথিগাওঁ মাদ্ৰাছাৰ ছাত্ৰ৷ তেওঁলোক আহিছে নীলবাগান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডাঃ আলীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত দি থকা ভাষণ শুনি৷ তেওঁলোকৰ মতে, ডাঃ আলীয়ে যিবোৰ কথা কৈ আছে, সেইবোৰ ইছলামত নাই৷ ইছলামে জন্ম নিয়ন্ত্ৰণৰ অনুমতি দিয়া নাই৷ গতিকে ডাঃ আলীৰ এই সভা ইছলামবিৰোধী৷ আমি তেওঁক ধৰিবলৈ আহিছো৷
মই মহা বিপদত পৰিলো৷ কাৰণ ইয়াৰ পূৰ্বে জন্মনিয়ন্ত্ৰণৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ অন্য ঠাইত আয়োজিত কেইবাখনো সভাত মই ভাগ লৈছিলো৷ সৰু-সুৰা দুই-এটা ঘটনাৰ বাহিৰে ক'তো এনে ধৰণৰ মুকলি বিৰোধ হোৱা নাছিল৷ নীলবাগান মোৰ নিজৰ ঠাই৷ ইয়াতে এনেকুৱা হ'ব লাগেনে৷
জোনাব কেইজনে সভাস্থলীৰ পৰা এশ মিটাৰমান দূৰত গোট খাই অন্য কেইজনমান প্ৰতিবাদকাৰী অহালৈ ৰৈ আছিল৷ সেইকেইজন জয়নগৰ মাদ্ৰাছাৰ পৰা বাছত অহাৰ কথা৷ বাকীকেইজন আহি পালে তেওঁলোকে সমদল কৰি সভাস্থলীলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোতেই মই গৈ সেইখিনি পালোগৈ৷ তাত গোট খাই একপ্ৰকাৰ গোঁজৰি থকা জোনাব কেইজনৰ মাজত এজন মোৰ চিনাকি ওলাই গ'ল৷ মই সেইজনক চালাম দি উঠি প্ৰায় সকলোৱে শুনাকৈ প্ৰশ্ন কৰিলো- জোনাব, আপোনালোকে যে প্ৰতিবাদ কৰিবলৈ আহিছে, আপোনালোকে ৰাগিবী চাহাবক সুধিছে নে নাই৷
ৰাগিবী চাহাব মানে যমুনামুখৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মৌলানা আব্দুল জলিল ৰাগিবী৷ তেখেত এগৰাকী পণ্ডিত প্ৰৱৰ ব্যক্তি আছিল৷ ইছলাম ধৰ্মৰ অগাধ জ্ঞান আৰু গৰিমাৰে সমৃদ্ধ ৰাগিবী চাহাব অসমীয়া আৰু উৰ্দু ভাষাৰ এগৰাকী মননশীল লেখক আছিল৷ দুয়োটা ভাষাত তেখেতৰ একুৰিৰো বেছি কিতাপ প্ৰকাশ পাইছে৷ হাদীছৰ শিক্ষক হিচাপে ৰাগিবী চাহাবৰ দেশজোৰা খ্যাতি আছে৷ সেই সূত্ৰে অসমৰ মৌলানা সমাজত ৰাগিবী চাহাব মুটামুটিকৈ এজন 'অথোৰিটী' (authority) হিচাপে বিবেচিত৷ সেয়ে স্বাভাৱিক কৰণতে ৰাগিবী চাহাবৰ নাম শুনাৰ লগে লগে তেওঁলোকে থতমত খাই গ'ল৷ এজনে অলপ বিৰক্তিৰে প্ৰশ্ন কৰিলে- ৰাগিবী চাহাবৰ কথা ইয়াত কিয় আহিল? "ৰাগিবী চাহাবেই আমাক ইয়াত সভা কৰিবলৈ অনুমতি দিছে৷ তেখেত অলপ পিছত ইয়ালৈ আহিব"- মই এনেই মিছাতে 'ব্লাফ' মাৰি দিলো৷
মোৰ এটা বিশ্বাস আছিল যে বাকী যি নহওক, ৰাগিবী চাহাবে অন্ততঃ এনে এটা প্ৰতিবাদী কাৰ্যসূচীৰ অনুমতি নিদিয়ে৷ কাৰণ ৰাগিবী চাহাব এগৰাকী প্ৰগতিশীল 'আলীম' (আলীম মানে ইছলাম ধৰ্মৰ বিদ্যান) হিচাপে পৰিচিত৷ ইছলাম ধৰ্মই প্ৰাকৃতিক উপায়েৰে পৰিয়াল নিয়ন্ত্ৰণ কৰাৰ উপায় দিয়াৰ বিষয়ে পূৰ্বে তেখেতে মোৰ আগত কোৱা মোৰ মনত আছে৷ তেওঁ এই বিষয়ে তেওঁৰ 'ইছলামৰ দৃষ্টিত মানৱ সন্তান' গ্ৰন্থত ব্যাখ্যা কৰিছে৷ গতিকে মোৰ কথা হ'ল, কিবা প্ৰকাৰে দলটোক ইয়াৰ পৰা আঁতৰাই পঠিয়াব পাৰিলেই মোৰ সভাখন সুকলমে পাৰ হৈ যাব৷ আৰু তেওঁলোক ৰাগিবী চাহাবৰ ওচৰলৈ যায় মানে মই পৰিস্থিতি চম্ভালি লব পাৰিম৷
কথা মতেই কাম৷ মোৰ মতলব ধৰিব নোৱাৰি তেওঁলোকে ৰাগিবী চাহাবৰ ঘৰলৈ যাওঁ বুলি সেই ফালে খোজ ধৰিবলৈ ললে৷ ময়ো সুযোগ বুজি ৰাগিবী চাহাবলৈ ফোন লগাই গোটেই কথাখিনি বিবৰি ক'লো৷ ৰাগিবী চাহাব এগৰাকী প্ৰগতিশীল ব্যক্তি আছিল৷ সাধাৰণতে মৌলানা-মৌলবীসকল ৰক্ষণশীল হয় বুলি সকলোৰে ধাৰণা৷ কিন্তু তেওঁলোকৰ মাজতো প্ৰগতিশীল চিন্তা কৰা লোক কম নহয়৷ ৰাগিবী চাহাব কথাই আৰু কামে প্ৰগতিশীল তথা আধুনিক মনৰ মৌলানা আছিল৷ তেওঁ যুগৰ অৱদানক গ্ৰহণ কৰাৰ পক্ষপাতী আছিল৷ ডাঃ ইলিয়াছ আলীৰ অভিযানৰ ওপৰত সমৰ্থন আছে নে তেৱোঁ তাৰ বিৰোধী সেই কথা মুখ খুলি নোকোৱাকৈ তেওঁ মোক ফোনতে এটা ডাঙৰ কথা ক'লে৷ তেওঁ কৈছিল- সমাজ পৰিৱৰ্তনৰ হকে কোনো কাম কৰিবলৈ ললে যিসকলে তোমাৰ বিৰোধিতা কৰিব পাৰে বুলি তোমাৰ ধাৰণা তেওঁলোকৰ নেতৃস্থানীয়সকলৰ সৈতে আলোচনা কৰি লব লাগে, তেওঁলোকৰ আস্থা অৰ্জন কৰি লব লাগে৷ তুমি কথাটো মোক আগতে জনাই থোৱা হ'লে ভাল আছিল৷ হ'ব দিয়া, মই ইহঁতক ৰখাম৷
প্ৰতিবাদী দলক ৰাগিবী চাহাবৰ ঘৰলৈ পঠিয়াই আৰু মই নিজে তেখেতৰ লগত কথা পাতি সভাস্থলী পাওঁ মানে ডাঃ আলীৰ ভাষণ শেষ হৈছিলেই৷ মই তেখেতক মঞ্চত গৈ কানে কানে ক'লো- ছাৰ, সমাধান হৈ গ'ল, আপুনি কাম আৰম্ভ কৰিব পাৰে৷
সেইদিনা নীলবাগান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডেৰশমান পুৰুষে এন এছ ভি (কটা-ছিঙা নকৰাকৈ পুৰুষৰ বন্ধ্যাকৰণ) কৰোৱাইছিল৷ নীলবাগানৰ নিচিনা ঠাইত, য'ত প্ৰতিবাদৰ উকমুকনি দেখি এই কাম সম্ভৱ নহ'ব বুলি অলপ সময় আগলৈকে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি প্ৰায় সকলো উদ্যোক্তাই ভয় খাই আছিল, তাত ইমান সংখ্যক লোক আগুৱাই অহাটো কম কথা নহয়৷ এয়া সম্ভৱ হৈছিল ডাঃ ইলিয়াছ আলীৰ সাৰগৰ্ভ বক্তৃতাৰ জোৰত৷ যোনে যেনেদৰে ক'লে বুজি পায়, তেখেতে তেনেদৰেই জনবিস্ফোৰণ প্ৰতিৰোধৰ হকে বক্তব্য আগবঢ়াইছিল৷ নীলবাগান যিহেতু মুছলিম অধ্যুষিত এলেকা, আৰু তাৰ মানুহবোৰ কোৰাণ-হাদিছৰ বক্তব্যৰ দ্বাৰা আকৃষ্ট হয়, সেয়ে কোৰাণ আৰু হাদীছত এই কথাবোৰ কেনেদৰে আছে, তাৰ তথ্যভিত্তিক বিশ্লেষণ আগবঢ়াই তেখেতে সাধাৰণ মানুহৰ অন্তৰ জিকিছিল৷ জনজাতীয় অঞ্চলবোৰত দেখিছো, সেই ঠাইৰ মানুহে যেনেদৰে ক'লে বুজি পায়, ডাঃ আলীয়ে তেনেদৰেই ৰাইজক বুজাইছিল৷ যোৱা দহটা বছৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে কমেও পাঁচ হাজাৰ জনসচেতনতামূলক সভা কৰিছিল৷ দুৰ্গম চৰ, পাৰ্বত্যৰ জনজাতীয় অঞ্চলৰ পৰা চাহ জনগোষ্ঠীবহূল এলেকা - সকলোতে তেখেতে এটা কথাই কৈছিল- আমি যদি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তেনেহ'লে অসম নাবাচে৷ অসম নাবাচিলে দেশ নাবাচে৷ আৰু দেশ নাবাচিলে আমিও নাবাচো৷ জনসংখ্যাৰ বোজা কমাব নোৱাৰিলে কংগো-চোমালিয়াৰ দৰে আমি এটা সময়ত গৃহযুদ্ধত লিপ্ত হৈ কটাকটা কৰি মৰিব লাগিব৷ গতিকে জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে যদি আমি দেশক বচোৱাৰ প্ৰচেষ্টাত নিজকে লিপ্ত কৰিব পাৰো, তেনেহ'লে সেয়াই হ'ব সৰ্বোৎকৃষ্ট দেশপ্ৰেম৷ চীনে তেওঁলোকৰ জনসংখ্যাক শক্তিলৈ ৰূপান্তৰিত কৰিছে৷ একে কাম কৰিব পাৰিলে আমি কম দিনতে চীনক চেৰ পেলাব পাৰো৷
আজি এটা দশকৰ মুৰত ডাঃ ইলিয়াছ আলীৰ নেতৃত্বত চলা অভিযানে পদ্মশ্ৰী সন্মানৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ এন এছ ভি এটা চৰকাৰী অভিযান নহয়; এটা সংগ্ৰাম, এটা বিপ্লৱ৷ প্ৰতিটো সফল বিপ্লৱৰ আৰম্ভণি এনেদৰে প্ৰতিবাদ আৰু প্ৰতিকুলতাৰ মাজেদিয়ে হয়৷ প্ৰতিবাদৰ ৰেহ দেখি সেইদিনা তেখেত ৰৈ দিয়া হ'লে আমি আজি প্ৰগতিশীলতাৰ বিজয় দেখা নাপালোহেতেন৷ ডাঃ ইলিয়াছ আলীৰ এই যে সাহস, আৰু তেখেতক সহযোগিতা আগবঢ়োৱা বাকীসকলৰ মনত তেখেতে সৃষ্টি কৰা যি প্ৰত্যয়, সেয়াই জনবিস্ফোৰণ প্ৰতিৰোধী সংগ্ৰামৰ মূল শক্তি৷ তেখেতলৈ ৰাষ্ট্ৰীয় স্বীকৃতিয়ে সেই শক্তিক অধিক বল দিলে৷
ডাঃ ইলিয়াছ আলীৰ অভিযান সম্পূৰ্ণ সফল হওক৷ তেখেতৰ জৰিয়তে আৰম্ভ হোৱা বিপ্লৱ অসমীয়া জাতিক সমৃদ্ধিশালী কৰাৰ এটা মাধ্যম হৈ উঠক৷ কথাৰ ফুলজাৰিৰে চীনক পৰাস্ত কৰাৰ সলনি আহক, জনবিস্ফোৰণ প্ৰতিৰোধেৰে আমাৰ জনসংখ্যাক শক্তি আৰু সম্পদলৈ ৰূপান্তৰিত কৰি সঁচা অৰ্থত চীনতকৈ সমৃদ্ধিশালীৰূপে আমাৰ দেশখনক গঢ়ি তোলাত আগভাগ লওঁ৷
প্ৰাসংগিক লেখাঃ
ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?
অজয় লাল দত্তৰ লেখাটি পঢ়িবলৈ ক্লিক কৰকঃ
No comments:
Post a Comment