সেয়া আছিল ২০১৪ চনৰ কথা৷ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ কৰিছে৷ তেওঁলোকৰ চাৰিওফালে জয় জয় ময় ময় দিন৷ কংগ্ৰেছৰ পৰা কিমান নেতা,পালি-নেতা ভাৰতীয় জনতা পাৰ্টিলৈ আহিছে, তাৰ সীমা, সংখ্যা নাই৷কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্য বৰ ভাল নহয়৷ পাৰ্টিৰ প্ৰায় সকলো দায়িত্ব ৰাহুল গান্ধীৰ কান্ধত৷ ৰাহুলক নিজৰ পাৰ্টিৰ খাচ মানুহখিনিৰ বাহিৰে সকলোৰে লেই লই ছেই ছেই৷ৰাইজৰ অভিমত-নৰেন্দ্ৰ মোদিৰ অগ্নিবৰ্ষা, আবেগিক ভাষণৰ আগত ৰাহুল কোন কুটা ৷ ৰাহুলক গালি,শপনি ক'ত কি তিৰস্কাৰ? এই গালি শপনি ঠাট্টা মস্কৰা যে বি জে পি আৰু বিজেপিৰ সমৰ্থক সকলৰ পৰাই আহিছিল তেনে নহয়, যিসকল বি জে পিৰ সমৰ্থক নাছিল, আৰু যিসকলে কংগ্ৰেছৰ নেতৃত্বত এটা বি জে পি বিৰোধী জোঁট গঠন হোৱাটো বিচাৰিছিল, তেওঁলোকেও ৰাহুলৰ গাত নেতৃত্বৰ লেখমানো লক্ষণ দেখা নাছিল৷মুঠৰ ওপৰত ৰাহুল গান্ধী কোনো ধৰ্তব্য মানুহেই নহয়, নেতাৰ নামত এক হাঁহিয়াতৰ পাত্ৰ মাথোন৷নৰেন্দ্ৰ মোদিৰ বাহ্যিক আচৰণ আছিল- এহ, ই বেটা সিহঁতৰ নেতা! মোৰ লগত ফেৰ মাৰিবলৈ আহে!
আজি কিমান দশক ধৰি মই ভাৰতৰ ৰাজনীতি, নিৰ্বাচনী ৰাজনীতি পৰ্য্যবেক্ষণ কৰি আহিছোঁ, উত্থান পতনৰ কত ইতিহাস চকুৰ আগৰে পাৰ হৈ গৈছে! বি জে পিৰ সমৰ্থক সকলে বা কংগ্ৰেছৰ বিপৰীত মেৰুত থকা সকলে ৰাহুল গান্ধীক সমালোচনা কৰাটো তেনেই স্বাভাবিক৷ কিন্তু বি জে পি বিৰোধী যুক্ত মৰ্চাৰ কথা কোৱা সকলে বা ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিত গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ কথা কোৱা সকলে তেওঁলোকৰ ৰাজনৈতিক বিশ্লেষণত পৰিস্থিতি আৰু ৰাজনৈতিক নেতাৰ সঠিক মূল্যায়ণ কৰিব নোৱাৰিলে কেনেকৈ হ’ব? কোনো এটা ঘটনা চকুৰ আগত জলজল পটপটকৈ নেদেখালৈকে সেই বিষয়ে একো ক’ব নোৱাৰাটো জানো সূক্ষ্মদৰ্শী পৰ্যবেক্ষকৰ লক্ষণ?
ৰাহুল গান্ধী ৰাজনীতিলৈ অহা কথাটো বহুতেই সহজভাবে ল’ব পৰা নাছিল৷পৰিয়ালতন্ত্ৰৰ কথা কোৱা হৈছিল৷হয়,এজন ব্যক্তিৰ কোনো সামৰ্থ্যই নাই, কেৱল ৰাজনীতিকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বাবেই তেওঁ ৰাজনীতিক হ’ব লাগিব বুলি কোনো কথা নাই৷ কিন্তু আমিতো কথাটো ওলোটাইও ক’ব পাৰোঁ৷উকীলৰ সন্তান যদি উকীল হ’ব পাৰে, অধ্যাপকৰ সন্তান যদি অধ্যাপক হ’ব পাৰে, ব্যৱসায়ীৰ সন্তান যদি ব্যৱসায়ী হ’ব পাৰে ৰাজনীতিকৰ সন্তান ৰাজনীতিক কিয় হ’ব নোৱাৰে? ৰাহুল গান্ধীৰ পৰিয়ালটো কি ? কথাটো অলপ ভাবকচোন? মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, ফিৰোজ গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী এইবোৰ সকলো পাৱত গজা ৰাজনীতিকেই আছিল নে?ধৰি ললোঁ মতিলাল নেহৰুতে আৰম্ভ হৈছিল এই গান্ধী পৰিয়ালৰ৷ভাৰতৰ স্বাধীনতা আন্দোলনত আমি মতিলাল নেহৰুৰ অৱদানৰ কথাই আলোচনা কৰিম নে জৱাহৰলাল নেহৰুৰ অৱদানৰ কথাই আলোচনা কৰিম? বা আলোচনা কৰাৰ কিবা প্ৰয়োজন আছে নে? হয়, আমি স্বাধীনতাৰ পিছত পোৱা ভাৰতবৰ্ষখনত বহু কিবা কিবি নাই, কিন্তু যিখিনি আছে তাৰ বাবে আমি কাৰ কথা ক’ম? হাজাৰ চেষ্টা কৰিলেও আমি জৱাহৰলাল নেহৰুৰ নাম মচি পেলাব পাৰিম নে? আৰু ভাৰতৰ পৰা মচিলেইতো নহ’ব! পৃথিৱীৰ পৰাই মচি পেলাব লাগিব৷ সেইটো জানো সম্ভৱ? ইন্দিৰা গান্ধী, সঁচা ইন্দিৰা কংগ্ৰেছ এসময়ত বহুতৰ কাৰণে, আমাৰ কাৰণেও এটা গালিৰ দৰে আছিল৷ তাৰ মূল কাৰণ আছিল জৰুৰীকালীন অৱস্থা৷ জৰুৰীকালীন অৱস্থা ভাৰতৰ ইতিহাসত সদায় এক কলংক হৈয়ে থাকিব৷ অৱেশ্যে এতিয়াহে বুজিছোঁ কি পৰিস্থিতিত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা জাৰি কৰিব লগা হৈছিল৷জয় প্ৰকাশ নাৰায়ণো ধোৱা তুলসীৰ পাত নাছিল৷ সি যিয়ে নহওক,এলাহাবাদ উচ্চ ন্যায়লায়ত ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ বৈধতা সম্পৰ্কে তৰা গোচৰত হৰাৰ পিছত, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ইন্দিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ত আপীল কৰিছিল৷তেতিয়ালেকে সকলো ঠিকে আছিল৷কিন্তু তাতে ক্ষান্ত নাথাকি, উচ্চতম ন্যায়লয়ৰ ৰায়লৈ অপেক্ষা নকৰাকৈ,তেওঁৰ তোষামোদকাৰী সকলৰ মন্ত্ৰণা মতে ইন্দিৰাই নিজৰ সুৰক্ষাৰ বাবে সংবিধানৰ ঊনচল্লিছতম সংশোধন অনাটো আছিল সম্পূৰ্ণৰূপে অবৈধ, অগণতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী কাৰ্য্য৷কিন্তু ইন্দিৰা গান্ধীৰ ব্যক্তিত্ব আছিল বৈচিত্ৰপূৰ্ণ৷জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ মাত্ৰ কেই সপ্তাহমান পিছত,সেই সময়ৰ ভাৰতত থকা অষ্ট্ৰেলিয়াৰ উচ্চ আয়ুক্তৰ আগত ইন্দিৰা গান্ধীয়ে ভাৰতৰ মানুহে, বিশেষকৈ লেখক, বুদ্ধিজীৱী সকলে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সৰব হৈ প্ৰতিবাদ নকৰাটোত আশ্চাৰ্য প্ৰকাশ কৰিছিল৷জৰুৰীকালীন অৱস্থা বেয়া আছিল৷ কিন্তু তাৰ আগতে ভাৰতৰ জনসাধাৰণৰ বাবে ইন্দিৰা গান্ধীয়ে কেতবোৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
সেইবোৰৰ ভিতৰত আছিল বেংক ৰাষ্ট্ৰীয়কৰণ, বাংলাদেশ যুদ্ধত লোৱা তেওঁৰ ভূমিকা আৰু ভাৰতৰ পৰা দৰিদ্ৰতা দূৰীকৰণৰ বাবে লোৱা কেতবোৰ ব্যৱস্থা৷ তাৰো আগতে, সেই সময়ৰ খাদ্য সংকটৰ জোৰা মাৰিবলৈ ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জনচনৰ লগত কিমান কি যে নকৰিবলগীয়া হৈছিল! এই বিষয়ে বি কে নেহৰুৰ আত্মজীৱনীNice Guys Finish Second ত সবিশেষ উল্লেখ আছে৷ তাৰ আগতে নেহৰু প্ৰধান মন্ত্ৰী হৈ থকা সময়ত, ভাৰত আৰু চীনৰ মাজত হোৱা যুদ্ধক লৈও বহু কাহিনী আছে৷ চীনা সৈন্য ভাৰতলৈ সোমাই আহোঁতে তেজপুৰ অঞ্চলৰ পৰা মানুহবোৰ পলাই গৈছিল l অমিয় কুমাৰ দাস আৰু তেওঁৰ পত্নী পুষ্পলতা দাস কিন্তু তেতিয়াও তেওঁলোকৰ ঢেকীয়াজুলীৰ ঘৰতে আছিল আৰু তেওঁলোকে বিপদৰ সময়ত গাঁৱে গাঁৱে ঘূৰি মানুহবোৰক নিৰ্ভয় দি ফুৰিছিল৷ এদিন ৰাতি ভালেমান পৰত তেওঁলোকৰ দুৱাৰত টোকৰ৷ দুৱাৰ খুলি দাস দম্পতীয় দেখে যে দুৱাৰ মুখত ইন্দিৰা গান্ধী, গুৱাহাটীৰ পৰা জীপ এখন লৈ ঢেকীয়াজুলীলৈ আহিছে দুগৰ্ত মানুহক সাহস দিবলৈ৷ এই ৰাতি তুমি? তুমি ক’ত থাকিবা? দেউতাই মোক কোনো চৰকাৰী আতিথ্য ল’বলৈ মানা কৰিছে৷ গতিকে মই আপোনালোকৰ লগতে আপোনালোকৰ ঘৰতে থাকিম৷ এই কথাখিনি মই নিজ কাণে পুষ্পলতা বাইদেউৰ মুখৰ পৰা শুনা কথা৷ইন্দিৰাৰ জীৱনত এনে আৰু বহু ঘটনা আছিল৷
আমাৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কয়৷ কিন্তু ভাৰতত ডিজিটেল আৰু টেলিকম বিপ্লৱৰ সূচনা কৰিছিল কোনে? ৰাজীৱ গান্ধীয়ে নহয় নে? ছোনীয়া গান্ধী ইচ্ছা কৰা হ’লে ২০০৪ আৰু ২০০৯ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব নোৱাৰিলেহেঁতেন নে? ৰাহুল গান্ধীক সমালোচনা কৰা আৰু কুকুৰে কাইট নোখোৱাকৈ গালিপৰা প্ৰায় আটাইবোৰে মানুহে এইবোৰ কথা পাহৰি যায়৷ এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাহুল গান্ধীৰ ৰাজনীতি কৰাৰ বা এটা দলক নেতৃত্ব দিয়াৰ অধিকাৰ নাইনে?এগৰাকী ৰাজনৈতিক নেতা হিচাপে ৰাহুল গান্ধীৰ সামাৰ্থ্য অসমাৰ্থ্যৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কেইটামান কথা বিচাৰ কৰি চোৱাটো উচিত আছিল৷ প্ৰথম কথা হ’ল ৰাহুলে কি সময়ত ৰাজনীতিৰ গুৰু দায়িত্ব ল’ব লগা হৈছিল? মনমোহন সিং চৰকাৰৰ শেষৰ কাৰ্যকালৰ সময়ছোৱাত চৰকাৰখনৰ বিৰুদ্ধে হোৱাই নোহোৱাই অভিযোগ আনি জনমানসত চৰকাৰখনক হেয় পতিপন্ন কৰি তোলা হৈছিল৷ কংগ্ৰেছ কৰ্মীসকলৰ সম্পূৰ্ণ দিশহাৰা অৱস্থা,সেই সময়ত ২০১৩ চনত ৰাহুলক কংগ্ৰেছ দলৰ উপ সভাপতি পাতি ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছিল৷তেতিয়া ভাৰতীয় জনতা পাৰ্টিত কি হৈছিল? গোৱাত অনুষ্ঠিত হোৱা তেওঁলোকৰ সভাত নৰেন্দ্ৰ মোদিক মূল নিৰ্বাচনী প্ৰচাৰকৰ দায়িত্ব দিয়া হ’ব নে নহয় সেই লৈ সিদ্ধান্ত নোহোৱা কাৰণে তেওঁ সন্মিলনলৈ আহিবই বিচৰা নাছিল৷শেষত যেনিবা, দলৰ বৰ্ষীয়ান নেতা আদৱানিক অসন্তুষ্ট কৰি সেই সিদ্ধান্ত লোৱা হ’ল আৰু তেৱোঁ গোৱালৈ আহিল৷ তাৰ পিছৰখিনি ইতিহাস৷কংগ্ৰেছৰ শোচনীয় পৰজয়ৰ বাবে সকলোৱে ৰাহুল গান্ধীলৈ শিলগুটি দলিয়াবলৈ ধৰিলে৷এতিয়া মোৰ প্ৰশ্ন হ’ল ২০১৪ চনৰ পৰা ২০১৮লৈ এই তিনিখন ৰাজ্যত নিৰ্বাচন জিকালৈ ৰাহুল গান্ধীয়ে কি কৰি আছিল? হাত সাৱটি বহি আছিল নে নিজৰ দলটোক সাংগঠনিকভাবে মজবুত কৰিবলৈ ভাৰতবৰ্ষৰ ইঠাইৰ পৰা সিঠাইলে গৈ অহোপুৰষাৰ্থ কৰিছিল? এই সময়ছোৱাত ৰাহুল গান্ধীয়ে কি নকৰিবলগা কাম কৰিছিল, কি নক’বলগা কথা কৈছিল? হয়, ৰাহুলৰ কথা কংগ্ৰেছৰ বাহিৰলৈ যোৱা নাছিল,সাধাৰণ মানুহৰ ওপৰত তেনে কোনো প্ৰভাৱ পৰা নাছিল৷ কিন্তু এই সময়ছোৱাত ৰাহুলে একো নক’ব লগা কথা কোৱা নাছিল, নকৰিবলগা কাম কৰা নাছিল৷ কেৱল সংসদত মোদিক গবা মাৰি ধৰা আৰু তাৰ পিছত চকু টিপ মৰা কামটো মোৰ পছন্দ হোৱা নাছিল৷ৰাজনৈতিক ঢৌও সাগৰৰ ঢৌৰ দৰে৷ঢৌ এটা তাৰ নাভীকেন্দ্ৰৰ পৰা সৃষ্টি হৈ পাৰ নোপোৱালৈ সি মাৰ নায়ায়৷
মোদি ঢৌৰ লহৰ যে দুৰ্ৱল হৈ আহিছিল তাৰ উমান পোৱা গৈছিল উত্তৰ প্ৰদেশ,পঞ্জাব,মণিপুৰ, উত্তৰাখণ্ড আৰু গোৱাত অনুষ্ঠিত হোৱা বিধান সভাৰ নিৰ্বাচনৰ সময়ত৷ কিয়নো, পঞ্জাৱততো কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠ লাভ কৰিছিলেই, গোৱা আৰু মণিপুৰতো ই একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল৷ কিন্তু এতিয়া, এই তিনিখন ৰাজ্যৰ নিৰ্বাচনে দেখুৱাই দিলে যে মাটি কামুৰি ৰাহুল গান্ধীয়ে চলোৱা সাংগঠনিক উদ্যোগে মূৰকত কাম দিলে৷ ৰাহুল গান্ধীৰ বিষয়ে এই কথাবোৰ মই আজি চাৰি বছৰে ব্যক্তিগতভাবে মোৰ বন্ধু-বান্ধবক কৈ আহিছিলোঁ৷ মোৰ বন্ধুবৰ্গৰ সকলোৱে এই কথা জানে৷ তেওঁলোকে মোৰ কথা মানি লোৱা নাছিল৷ কিন্তু মোৰ মতামত সমজুৱা কৰিবলৈ সাহস কৰা নাছিলোঁ৷ কিয়নো প্ৰবন্ধ এটা লিখাৰো সময় এটা থাকে৷ কথা হ’ল সাধাৰণ মানুহ কেতিয়াবা ঢৌত উটি যায়৷ আকৌ জীৱনৰ অভিজ্ঞতাৰে শিকি নিজৰ সিদ্ধান্ত সলনি কৰে৷ কিন্তু ৰাজনৈতিক ভাষ্যকাৰ বুলি পৰিচিত লোকসকলেও যদি ঢৌ চাই তেওঁলোকৰ টীকা-ভাষ্য সলনি কৰিব লগা হয়, তেন্তে সাধাৰণ মানুহ আৰু তেওঁলোকৰ মাজত পাৰ্থক্য থাকিল ক’ত!
No comments:
Post a Comment