তাজাখবৰঃ আছুৱে প্ৰত্যাখ্যান কৰা 'সাংবিধানিক সুৰক্ষা' সমিতিৰ কোনো অৰ্থ নাই :: অসম নাগৰিক সমাজ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ আছুৱে প্ৰত্যাখ্যান কৰা 'সাংবিধানিক সুৰক্ষা' সমিতিৰ কোনো অৰ্থ নাই :: অসম নাগৰিক সমাজ

তাজাখবৰঃ আছুৱে প্ৰত্যাখ্যান কৰা 'সাংবিধানিক সুৰক্ষা' সমিতিৰ কোনো অৰ্থ নাই :: অসম নাগৰিক সমাজ

Share This

অসম নাগৰিক সমাজে আজি এক সংবাদ মেলৰ আয়োজন কৰে গুৱাহাটী প্ৰেছ ক্লাৱত। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক সুৰক্ষাৰ বাবে গঠন কৰা 'শেহতীয়া ভেকোঁভাওনা'ৰ সমিতিৰ পৰা অসমীয়া সদস্য সকলে নিজৰ নাম ৰাজহুৱাকৈ উঠাই লবলৈ আহ্বান জনায়। অসম নাগৰিক সমাজে এক বিজ্ঞপ্তিযোগে এই প্ৰসংগত তলৰ কথাখিনি স্পষ্ট কৰিছে-
কালিৰ সৰ্বাত্মক বন্ধই আকৌ প্ৰমাণ কৰিলে মানুহ কেনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে৷ আজি প্ৰায় তিনি বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি ৰাজপথলৈ ওলাই আহিছিল৷এইটো অতি ক্ষোভৰ কথা যে অসমৰ মানুহৰ প্ৰতিবাদ, বিৰোধ ভৰিৰে মোহাৰি ৭ জানুৱাৰীৰ দিনা কেন্দ্ৰ চৰকাৰে লোকসভাত এই অসম বিৰোধী, ভাৰত বিৰোধী, সাম্প্ৰদায়িক আৰু অসংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিলে৷ ভাৰত স্বাধীন হোৱাৰ পিছত, গ্ৰুপিঙৰ সময়ত অসমৰ আকাশ যি ক’লা ডাৱৰে আগুৰি ধৰিছিল, আজিও ঠিক তেনে এটা অৱস্থাৰে সৃষ্টি হৈছে৷তেনে এক প্ৰতাৰণাৰে সন্মুখীন হৈছোঁ আমি৷ আমাৰ মন ক’লা হৈ গৈছে৷ তেতিয়াৰ সৰ্বভাৰতীয় দলটোৰ অসমৰ নেতৃত্বই অসমৰ ৰাইজৰ আশা আকাঙ্খ্যা বুজি,উপলব্ধি কৰি সাহসেৰে সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আৰু গান্ধীজীৰ আশীশধন্য হৈ অসম পাকিস্তানৰ অন্তৰ্ভুক্ত নোহোৱাকৈ ৰৈ গৈছিল৷ কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ কৰ্ণধাৰ সকলে, মুখ্যমন্ত্ৰীকে ধৰি, যিসকলৰ সৰহসংখ্যকে এসময়ত আঞ্চলিকতাবাদী আদৰ্শৰে ৰাজনীতিলৈ আহিছিল, সেই সাহস দেখুৱাব নোৱাৰিলে৷ তেওঁলোকে দিল্লীৰ লেমটৌ হৈ পৰিল৷ ইয়াতকৈ আৰু অসমৰ দুৰ্ভাগ্য কি হ’ব পাৰে!শেহতীয়াকৈ অসম গণ পৰিষদ দলে চৰকাৰৰ পৰা ওলাই আহি এক ঐতিহাসিক সিদ্ধান্ত লৈছে৷ আমি, অসম নাগৰিক সমাজৰ ফালৰ পৰা এই সিদ্ধান্তৰ বাবে তেওঁলোকক অভিনন্দন জনাইছোঁ৷ কিন্তু, এনে এক পৰিবেশত, কেৱল নিজৰ লজ্জা ঢাকিবলৈ আৰু সম্পূৰ্ণ নিৰ্বাচনী উদ্দেশ্য লৈ অসমক সাংবিধানিক সুৰক্ষা দিয়াৰ কথা কৈ অসমৰ মানুহক আভুৱা ভাঁৰিবলৈ চৰকাৰে অসমৰ কেইজনমান সন্মানীয় ব্যক্তিক লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে৷

প্ৰথমে আমাক আমাৰ সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চনা কৰি,এতিয়া আকৌ আমাক এওঁলোকে নতুনকৈ সাংবিধানিক সুৰক্ষাৰ কথা ক’বলৈ আহিছে৷ ৰাজনৈতিক সুবিধাবাদ আৰু ভণ্ডামিৰো এটা সীমা থকা উচিত৷ এই চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ তিনি কি চাৰি মাহ মাত্ৰ বাকী৷ এই সময়খিনিৰ ভিতৰত কেতিয়া এই সমিতি বহিব, কেতিয়া তেওঁলোকে মন্ত্ৰণা কৰিব, কেতিয়া ৰাইজৰ পৰামৰ্শ ল’ব, কেতিয়া তেওঁলোকৰ চুপাৰিচৰ ভিত্তিত চৰকাৰে ব্যৱস্থা ল’ব? ইয়াৰ আগতে সাংবিধানিক সুৰক্ষাৰ বাবে চৰকাৰে যিখন সমিতি কৰি দিছিল, সেইখন সমিতিৰ কি হ’ল, যিখন সমিতিত বৰ্তমানৰ মুখ্যমন্ত্ৰীও এজন সদস্য আছিল? এইটো স্পষ্ট যে এইখন এখন ভুৱা, প্ৰতাৰণা আৰু প্ৰবঞ্চনামূলক সমিতি৷ এই কথা অতি ভালদৰে উপলব্ধি কৰিয়ে সদৌ অসম ছাত্ৰ সন্থাই এই সমিতিখন প্ৰত্যাখ্যান কৰিছে৷ আমি অসম নাগৰিক সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু ছাত্ৰ সন্থাৰ দৰে অসমৰ সমূহ ৰাইজক এই সমিতিখন প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনাইছোঁ৷ অসমৰ যিসকল লোকক লৈ এই সমিতিখন গঠন কৰা হৈছে, তাৰ মাজত কেইজনমান অতি স্বনামধন্য লোকো আছে,তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ তেওঁলোকে যেন অতি শীঘ্ৰে ৰাজহুৱাকৈ এই সমিতিৰ পৰা তেওঁলোকৰ নাম উঠাই লয়৷

অসম নাগৰিক সমাজৰ হৈ  এই বিজ্ঞপ্তিত চহী কৰিছে, সৰ্বশ্ৰী হৰেকৃষ্ণ ডেকা, সভাপতি, অজিত কুমাৰ ভূঞা,কাৰ্যকৰী সভাপতি,প্ৰশান্ত ৰাজগুৰু, হাইদৰ হুছেইন,ধীৰেন্দ্ৰনাথ শইকীয়া,উপ সভাপতি, পৰেশ মালাকাৰ,সাধাৰণ সম্পাদক, অখিল ৰঞ্জন দত্ত,যুটীয়া সম্পাদক-অসম নাগৰিক সমাজ। 

No comments:

Post a Comment