মনৰ কথা: অগপ ক্ৰমাত অপ্ৰাসংগিকঃ বাচিবগৈনে অস্তিত্ব? ::সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথা: অগপ ক্ৰমাত অপ্ৰাসংগিকঃ বাচিবগৈনে অস্তিত্ব?   ::সঞ্জীত কুমাৰ বৰদলৈ

মনৰ কথা: অগপ ক্ৰমাত অপ্ৰাসংগিকঃ বাচিবগৈনে অস্তিত্ব? ::সঞ্জীত কুমাৰ বৰদলৈ

Share This
বৰ্তমান নেতৃত্বাধীন অসম গণ পৰিষদ দলটি নাথাকিলে অসমৰ ৰাইজৰ কিবা ক্ষয় ক্ষতি হ’ব নেকি? অধিক স্পষ্টকৈ ক’বলৈ হ’লে আজিৰ তাৰিখত অগপ কিমান প্ৰাসংগিক হৈ আছে? আমাৰ বোধেৰে অগপ দলটি বৰ্তমান সময়ত একেবাৰে গুৰুত্বহীন হৈ পৰিছে৷আমাৰ দৃঢ় বিশ্বাস আজিৰ তাৰিখত অগপ ৰ প্ৰতি অসমৰ বেছিভাগৰে কোনো বিশেষ অনুকম্পা নাই৷ আমাৰ এই ধাৰণা আজিৰ নহয়,বহু আগতেই আমি অগপ ক্ৰমাৎ অপ্ৰাসঙ্গিক হৈ পৰাৰ উমান পাইছিলো৷সেয়ে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত অগপ ৰ শোচনীয় পৰাজয় আমাৰ বাবে অপ্ৰত্যাশিত নাছিল৷ যি সকলে পঞ্চায়ত নিৰ্বাচনত অগপৰ লজ্জাজনক ফলাফলক সহজভাবে ল’বলৈ টান পাইছে সেইসকলে আচলতে অগপ ৰ প্ৰতি থকা নস্টালজিক মোহগ্ৰস্ততাৰ পৰা মুক্ত হ’ব পৰা নাই৷
ৰবীন্দ্ৰনাথে কৈছিল-’দেশ মাটিৰে তৈয়াৰী নহয়,দেশ মানুহেৰে গঠিত৷“একেদৰে একোখন ঘৰ ইটা-বালি-লোহা,চিমেণ্টেৰে তৈয়াৰী নহয়,ঘৰ গঢ়ি উঠে পৰিয়াল তথা মানুহক লৈহে৷ঠিক একেদৰে একো একোটা দল-সংগঠন গঢ়ি উঠে নেতা-সদস্যক লৈ৷ অসম গণ পৰিষদৰ বৰ্তমানৰ যিসকল নেতা আছে তেওঁলোকৰ বেছিভাগকেই কেইবা যুগ ধৰি অসমৰ সচেতন ৰাইজে নিৰীক্ষণ কৰি আহিছে৷ এইচাম নেতাই ইতিমধ্যে অসমৰ ৰাইজৰ মৰম-বিশ্বাস হেৰুৱাইছে৷ এতিয়া সেইচাম নেতাৰ প্ৰতি আমাৰ বেছিভাগৰে কোনো বিশেষ আগ্ৰহ বা অনুকম্পা নাই৷দুই এক কিছু ব্যতিক্ৰমৰ বাহিৰে অগপ ৰ বৰ্তমান নেতৃত্বৰ বেছিভাগেই একো একোজন ৰাজহাড় নাইকীয়া বিৱেকবুদ্ধিহীন সুবিধাবাদী হিচাপে পৰিগণিত হৈছে৷ এইচাম অসমৰ উঠিচামৰ বাবে আদৰ্শ হোৱাটো দুৰৰ কথা উঠিঅহা চামৰ দৃষ্টিত তেওঁলোক পুতৌৰ পাত্ৰহে হ’ব৷ নতুনত্বহীন,সময়ৰ পৰিবৰ্তনৰ স’তে খাপ খাপ নোৱাৰা সেইচামৰ বেছিভাগেই আজিৰ দিনত প্ৰায় আউডেটেত!এই ব্যৰ্থ আৰু সুবিধাবাদী তথাকথিত নেতাসকল অসমৰ জাতীয়জীৱনৰ বোজা স্বৰূপ হৈ পৰিছে৷ফেভিকলৰ আঠাৰ দৰে লাগি থকা, দলটোক নিজৰ পৈতৃক সম্পত্তিৰ দৰে খামোচমাৰি ধৰি এইচামে আঞ্চলিকতাবাদৰ নামত ঠিকাদাৰগিৰী কৰি আহিছে৷ইয়াৰ পৰিণতি স্বাভাৱিকতে প্ৰত্যাশিত কিন্ত নিসন্দেহে দুৰ্ভাগ্যজনক৷

অগপলৈ দক্ষ,প্ৰতিভাবান তথা উপযুক্ত নতুন নেতা অহাৰ বাটটো কোনে ৰুদ্ধ কৰি ৰাখিছে? বৰ্তমানৰ সেই আমনিদায়ক মুখকেইখনৰ বাহিৰে নতুন মুখক কিয় দেখিবলৈ পোৱা নাই?অসমৰ কেইগৰাকীমান সকলোৰে বিশ্বাসভাজন সাংবাদিক,বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিক দলটোৰ উপদেষ্টা হিচাপে আনি দলটোক কিছু গতিশীল কৰি গঢ়ি তোলাৰ ঠল আছিল৷ কিন্ত সুৰ্দীঘ সময় অতিবাহিত হ’ল অথচ দলটো পুনৰুজ্জীৱিত(Revive)কৰা কোনো প্ৰচেষ্টা হাতত লোৱা আমি দেখা নাই৷ এনে পৰিস্থিতিত কিহৰ ভিত্তিত অসমৰ ৰাইজে অগপৰ প্ৰতি আস্থা ৰাখিব? কি কাৰনে অগপৰ বৰ্তমানৰ নেতৃত্বক অসমৰ ৰাইজে বিশ্বাসত ল’ব লাগে?বিগত সময়চোৱাত অসম গণ পৰিষদে অসমৰ ৰাইজক কি দিলে?এনেবোৰ প্ৰশ্নৰে অগপৰ নেতৃত্বই আত্মসমালোচনা কৰিব বুলি আমাৰ মুঠেই বিশ্বাস নহয়৷

সমগ্ৰ দেশতে আঞ্চলিক শক্তিৰ প্ৰাসংগিকতা বৃদ্ধি পাব ধৰিছে৷অসমটো আঞ্চলিকতা বাদৰ প্ৰাসংগিকতাক কোনেও নুই কৰা নাই৷কিন্ত দুৰ্ভাগ্যজনক কথাটো হ’ল বৰ্তমানৰ অগপ অসমৰ আঞ্চলিকতাবাদৰ উপযুক্ত প্ৰতিনিধি হৈ থকা নাই তথা অসমৰ আঞ্চলিক শক্তি হিচাপে অসম গণ পৰিসদ আজিৰ তাৰিখত একেবাৰে দুৰ্বল৷সময়ৰ পৰীক্ষাত ফেইল কৰি অগপ এতিয়া আই চি ইউত আছে বুলি ক’লে নিশ্চয় বঢ়াই কোৱা ন’হব৷শক্তিশালী জাতীয়তাবাদী আৰু বাস্তৱ বুদ্ধি সম্পন্ন দক্ষ নেতৃত্ব অবিহনে আঞ্চলিকতাবাদ শক্তিশালী হ’ব নোৱাৰে৷বৰ্তমানৰ নেতৃত্বই অগপক পুনৰুজ্জীৱিত কৰিব নোৱাৰে,

সেইখিনি শক্তি সাম্যৰ্থ বৰ্তমানৰ নেতৃত্বৰ নাই৷গতিকে আমাক নতুন নেতা লাগিব৷এতিয়া কথা হৈছে বৰ্তমানৰ ব্যৰ্থ নায়ক সকলে নতুন নেতৃত্বক আদৰনী জনাবনে?আমাৰ কিন্ত মুঠেই বিশ্বাস নহয়৷এনে প্ৰেক্ষাপটত অগপৰ সম্পৰ্কত অসমৰ ৰাইজে নিশ্চয় দুটা আহ্বান জনাব-হয় অগপ ধংস হওক নতুবা নতুনকৈ উজ্জ্বীবিত হওক অৰ্থাৎ Do or Die..৷তাকে নকৰি মুংগৰি লালৰ হাসিন স্বপ্নত অগপৰ নেতৃত্বই আত্মবিভোৰ হৈ থাকিলে অগপ নস্টালজিয়া হ’বলৈ আৰু বেছি দিন লাগিব৷ পুৰণি প্ৰেমিকাৰ দৰে অগপ ক স্মৰণ কৰিব পৰা হয়তো হ’ব৷ দুই এক হুমুনিয়াহ কাঢ়ি পেনপেনীয়া কবিতাও লিখিব পৰা নিশ্চয় হ’ব কিন্ত ইতিহাস লিখা ন’হব৷

ৰাইজৰ তেজেৰে গঢ়া দলটিক নিজৰ ব্যক্তিগত,সংকীৰ্ণ স্বাৰ্থৰ বাৱে টেটু চেপি হত্যা কৰিলে অগপ ৰ আজিৰ নেতৃত্বক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে৷গতিকে অগপৰ বৰ্তমানৰ নেতৃত্বক আমি চিধা চিধিকৈ কওঁ-পাৰে যদি দলটোক ৰক্ষা কৰক অন্যথা পদত্যাগ কৰক৷

No comments:

Post a Comment