ভালখবৰ:: দৰঙৰ চমুৱাপাৰা দামোদৰ মন্দিৰলৈ ইছলামধৰ্মীৰ ভূমি দানঃ কলুষিত ৰাজনীতিৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰ:: দৰঙৰ চমুৱাপাৰা দামোদৰ মন্দিৰলৈ ইছলামধৰ্মীৰ ভূমি দানঃ কলুষিত ৰাজনীতিৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন

ভালখবৰ:: দৰঙৰ চমুৱাপাৰা দামোদৰ মন্দিৰলৈ ইছলামধৰ্মীৰ ভূমি দানঃ কলুষিত ৰাজনীতিৰ বিপৰীতে সম্প্ৰীতিৰ নিদৰ্শন

Share This
হিন্দুৰ মন্দিৰলৈ মুছলমান পৰিয়ালৰ ভূমিদানেৰে শংকৰ-আজানৰ দেশ হিচাপে বন্দিত অসমত আকৌ এবাৰ উজ্জীৱিত হ’ল সমন্বয়ৰ মহান বার্তা। দৰং আৰু কামৰূপ জিলাৰ সীমান্তৱর্তী দৰঙৰ চমুৱাপাৰাৰ উত্তৰ মান্দাকাটা অঞ্চলৰ হিন্দু সম্প্রদায়ৰ লােকৰ উপাসনা শ্রীশ্রীদামােদৰ মন্দিৰলৈ যােৱা পথৰ ভুমি দান হিচাপে আগবঢ়াইছে এটা পৰিয়ালে, চমুৱাপাৰা গাঁওখনৰ এটা পৰিয়ালৰ দুগৰাকী মুছলমান সম্প্রদায়ৰ লােক হবিবৰ ৰহমান আৰু নুৰুদ্দিন আহমেদে। 

পিতৃ মহুম নবি শেখৰ সোঁৱৰণত এই মুছলমান পৰিয়ালটোৱে স্থানীয় মাজাৰ শ্বৰীফৰ পৰা দামােদৰ মন্দিৰলৈ যােৱা পথৰ প্রায় ডেৰ বিঘা ভূমি দান হিচাপে আগবঢ়াই বদান্যতা প্রকাশ কৰাৰ লগতে সমন্বয়ৰ এক মহান নিদর্শন দাঙি ধৰি হিন্দু-মুছলমানৰ মাজত থকা যাউতিযুগীয়া ভ্রাতৃত্ববােধ প্রকাশ কৰিলে। ইয়াৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে দাতা মুছলমান পৰিয়ালটোক যথাযােগ্য সন্মান আগবঢ়ায়। 

মন্দিৰ সন্মুখত এখন স্থায়ীভাৱে ফলক লগাই বিশিষ্ট সমাজকর্মী নবী শ্বেখৰ স্মৃতি উজলাই ৰখাৰ প্রয়াস কৰাৰ লগতে দাতা হবিৰ ৰহমান আৰু নুরুদ্দিন আহমেদৰ নামাে ফলকত সন্নিৱিষ্ট কৰে। উল্লেখযােগ্য যে পৰম্পৰাগত ধর্মীয় অনুষ্ঠানসমূহতাে অঞ্চলটোৰ মুছলমান লােকসকল জড়িত হৈ অহাৰ লগতে মন্দিৰলৈ পর্যাপ্ত দানবৰঙণি আদি দি আহিছে। এই পৌৰাণিক ঐতিহ্যমণ্ডিত দামােদৰ মন্দিৰত কালি দিনজোৰা কার্যসূচীৰে ভাগৱত পাঠ সম্পন্ন কৰা হয়। কালি পুৱা ৭ বজাত ভাগৱত পাঠ উদ্যাপন সমিতিৰ সভাপতি অৰবিন্দ দাসে ধর্মধ্বজা উত্তোলন কৰাৰ পিছত স্মৃতি তর্পণ কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ চন্দ্র চৌধুৰীয়ে। ইয়াৰ পিছত অনুষ্ঠিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ লয় ক্রমে কৰ বিষয়া ৰঞ্জিত নাথ, গণেশ কুঁৱৰী গাঁও পঞ্চায়তৰ সভানেত্রী তুলিকা ৰাজবংশী, মান্দাকাটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য বীৰেন বৈশ্য, মালাৰা গাঁৱৰ গাঁওবুঢ়া লক্ষ্যধৰ চৌধুৰী, শিক্ষক অৰুণ দাস, গণেশ কুঁৱৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনালিছা দাস, সমাজকর্মী কুমাৰজিৎ দাস আৰু মন্দিৰ পৰিচালনা সমিতিৰ উপ- সভাপতি ফুলেশ্বৰ নাথে। বৰনৈ সনাতন ভাগৱত চক্র সম্পাদক তৰণীকান্ত নাথে ভাগৱত স্থাপন কৰে আৰু ইয়াত সহযােগ কৰে দেউৰী গােলােক দাস আৰু গৰেণ নাথে। পূজাভাগ ৰূপায়ণ কৰে আনন্দ দেৱ নাথ, জিতেন্দ্র চৌধুৰী দেৱ নাথ, কমল চন্দ্র দেৱ নাথ আৰু মহেন্দ্র নাথে। ভাগৱত অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী শিশু ভূএই। ভাগৱত পাঠ উদ্বোধন কৰে প্রাক্তন গাঁওবুঢ়া মহিৰাম দাস, আচার্য ৰজনী কান্ত নাথ আৰু শিল্পী ৰুক্ম নাথে। দিনৰ ১১ বজাত সমূহীয়া প্রার্থনা আৰু নাগাৰা নাম প্রদর্শন কৰা হয়। লক্ষ্যণীয় যে এই ভাগৱত পাঠ অনুষ্ঠানলৈ অঞ্চলটোৰ কেইবাজনাে মুছলমান সম্প্রদায়ৰ লােকে আর্থিক বৰঙণি দিয়াৰ লগতে উদ্যাপন সমিতিতে জড়িত হৈ অনুষ্ঠান সফল কৰি তােলাত বিশেষ সহযােগিতা আগবঢ়ায়। 

একেদৰে ভূমিদাতাৰ পৰিয়ালে উক্ত ভাগৱত পাঠ উদ্যাপন সমিতিত জড়িত থাকি অন্তঃকৰণেৰে নিজৰ দায়িত্ব পালন কৰে। আনহাতে, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বৰআঠিয়াবাৰীতাে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লােকৰ উপাসনাৰ প্রাণকেন্দ্র ঐতিহাসিক জুম্মা মছজিদ নির্মাণৰ বাবে ইয়াৰ বিশিষ্ট সমাজকর্মী ভােগ নাৰায়ণ কেঁৱৰৰ সোঁৱৰণত তেওঁৰ পুত্ৰ দেৱেন্দ্ৰ নাৰায়ণ কোঁৱৰ, ধৰণী নাৰায়ণ কেঁৱৰ আৰু প্রেম নাৰায়ণ কোঁৱৰে এক বিঘা ভূমি দান হিচাপে আগবঢ়োৱাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ছােটোআঠিয়াবাৰীত হিন্দুৰ মন্দিৰ স্থাপনৰকাৰণে মুছলমান সম্প্রদায়ৰ তিনিটা পৰিয়ালে ভূমিদান দিছিল। উল্লেখ্য যে দূৰ অতীতৰে পৰা হিন্দুমুছলমান উভয় সম্প্রদায়ৰ লােকে সম্প্রীতিৰ এনাজৰীৰে বসবাস কৰি অহা ছােটোআঠিয়াবাৰীত থকা হিন্দুৰ মন্দিৰত ভক্ত তথা জনসাধাৰণৰ আগমন বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ লগত জড়িত ৰাইজে মন্দিৰটো ডাঙৰকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও প্রয়ােজনীয় ভূমিক লৈ থমকি ৰ'বলগীয়া হৈছিল। এইক্ষেত্ৰত তিনিটাকৈ ইছলাম ধৰ্মাৱলম্বী লােকৰ পৰিয়ালে মন্দিৰৰ দাঁতিত থকা তেওঁলােকৰ ভূমিদান সূত্রে প্রদান কৰি মন্দিৰ সম্প্ৰসাৰণৰ পথ সুচল কৰি দিয়াৰ লগতে উজ্জ্বলাই তুলিছিল সম্প্রীতিৰ অপূর্ব চানেকি। গাঁওখনৰ মনিৰুদ্দিন আলী, ৰৌচান আলী আৰু এছৰাফ আলীৰ পৰিয়ালে মুক্তহস্তে এই মন্দিৰ সম্প্ৰসাৰণৰ কাৰণে নিজৰ নামত থকা ভূমি দান ৰূপে আগবঢ়ায়। এই মন্দিৰত বিভিন্ন উৎসৱ-পার্বণ অনুষ্ঠিত হৈ আহিছে।
উতস সৌজন্যঃ আমাৰ অসম

No comments:

Post a Comment