অসমীয়া জাতীয় জীৱনৰ এই সন্ধিক্ষণত অসমৰ ৰাইজে দুটা কথা স্পষ্ট হৈ থকাটো ভালঃ
১. বঙালী হিন্দুৰ বিৰোধিতা কৰা নাই অসমীয়া জনতাই, বাংলাদেশী হিন্দুৰ কৰিছে।
২. বাংলাদেশী মুছলিমৰ বহিস্কাৰৰ পোষকতা কৰিছে অসমীয়া জনতাই, পূৱ-পাকিস্তানী মুছলিমৰ কৰা নাই!
১৯৭১চনত বাংলাদেশ গঠনৰ পূৰ্বে কোনো বাংলাদেশী নাছিল, আছিল কেৱল পূৱ পাকিস্তানী। ডকুমেণ্ট থকা পূৱ-পাকিস্তানী যি কোনো ধৰ্মৰেই লোকে ভাৰতীয় হৈ অসমত থকাত অসমীয়া মানুহে আপত্তি নকৰে। সেয়া অসমীয়া ভাষা অফিচিয়েলি গ্ৰহণ কৰা পূৱ-পাকিস্তানী মুছলিম তথা সতি-সন্তনি আৰু বঙালী ভাষা-সংস্কৃতিকে ধৰি লৈ জীৱন যাপন কৰা বঙালী ভাষী হিন্দু পূৱ-পাকিস্তানী। কিন্তু 'অসম চুক্তি'ক নস্যাত কৰি ২০১৪ চন পৰ্যন্ত অহা 'বাংলাদেশী'ৰ পৰা বাচি বাচি, অনা-মুছলিম বুলি ঘোষণা কৰিলেই 'ভাৰতীয় নাগৰিকত্ব লৈ অসমত দপদপাব বিচৰা' লোক সকলক “সহজ নাগৰিকত্বৰ উপহাৰেৰে” বৰণ কৰিব বিচৰা কোনো বিধেয়ক মানি লবলৈহে অসমবাসী কোনো পধ্যেই প্ৰস্তুত নহয়।
চিলাৰায়-নৰনাৰায়ণৰ ৰাজ্যৰ অংশ থকা একালৰ ধুবুৰীত, যদি ডকুমেণ্টে বৰ্তমানৰ সাংসদ গৰাকীক ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিছে, তেন্তে সেই ব্যক্তি মুছলিম হলেও কোনেও আপত্তি কৰিব লগা একো নাই। এটা দলৰ ৰাজ্যিক সভাপতিয়ে কেৱল ৰাজনৈতিক ন্যস্তস্বাৰ্থৰ তাড়ণাত সাম্প্ৰদায়িক দৃষ্টিৰে 'পূৱ-পাকিস্তানী মূলৰ মুছলিম' হ'লে বা ন'হলেও কেৱল 'মুছলিম' হোৱা বাবেই অৰাজক মন্তব্য কৰি নিজৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় নিশ্চয়কৈ দিব পাৰে বা দিছে, কিন্তু আইনগত ভাৱে একো কৰিব নোৱাৰে। অসমত ভৱিষ্যতে মুছলিম মুখ্যমন্ত্ৰী হোৱাক লৈ শংকা আৰু সন্দেহৰ বীজ বিলাব খোজা সকলক এই কথাও আঙুলিয়াই দিয়া ভাল যে, হিন্দু-মুছলিমৰ ব্যক্তিগত জীৱনৰ 'পাৰ্চনেল ল' হে বেলেগ বেলেগ। কিন্তু ইণ্ডিয়ান পেনেল কোড সকলোৰে বাবে একেই! মুছলিম মুখ্যমন্ত্ৰী হ'লেই যে বিশেষ সম্প্ৰদায়ে হত্যা-লুণ্ঠনেৰে অসমৰ সমাজ-ব্যৱস্থা তহচ-নহচ কৰি দিব বুলি ভৱিষ্যশংকাৰ যি বিজানুও বিয়পাই দিব বিচৰা হৈছে, সেয়াও অতিশয় ঘৃণনীয় আৰু সাম্প্ৰদায়িক। অসমৰ ৰাইজে এই কথা মনত পেলোৱা ভাল যে, এই ৰাজ্যত পূৰ্বতেও দুজনকৈ মুছলিম মুখ্যমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি গৈছে। ছাৰ চাদুল্লা আৰু মহিলা মুখ্যমন্ত্ৰীৰূপে আনোৱাৰা টাইমূৰৰ কাৰ্যকাল অসমৰ ৰাইজে দেখিছে। যদিহে কোনো এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে মুখ্যমন্ত্ৰী হ'লে, অসমৰ মানুহক সেই বিশেষ সম্প্ৰদায়ে হেঁচা মাৰি ধৰিব বুলি ভ্ৰান্ত ধাৰণা দিয়া হৈছে। তেনেকুৱা হ'লে কি অসমত পুলিচ-প্ৰশাসন, ন্যায়ালয় নাইনে! তাৰো অধিক আইন-শৃংখলা বিঘ্নিত হ'লে সামৰিক বাহিনী নমায়ো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতা ৰাষ্ট্ৰৰ আছে। আৰু ইণ্ডিয়ান পেনেল কোডে ধৰ্ম-জাতৰ বিচাৰ নকৰাকৈ দোষী শাস্তি নিশ্চয়কৈ বিহিব। আৰু ভাৰতীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা আজিলৈকে এনেকুৱা থুনুকা নহয় যে, মুখ্যমন্ত্ৰীৰ ধৰ্ম বা জাতিয়ে ৰাজ্য বা ৰাষ্ট্ৰলৈ ভাবুকি আনিছে। আৰু এনেকুৱা পৰিস্থিতি হ'লে তাক লেকাম লগাবলৈ সংবিধানে পৰ্যাপ্ত শক্তি ৰাষ্ট্ৰক প্ৰদান কৰি থৈছে। গতিকে, এয়া এই ভৱিষ্য শংকা বিলোৱাৰ ৰাজনীতি, ঘৃণাৰ খেতিৰ বাহিৰে আন একো নহয়।
সংবিধানে দেশত ধৰ্মীয়-ভাষিক সংখ্যালঘু জনগোষ্ঠী সমূহক সাংবিধানিক সুৰক্ষা দিবৰ বাবে অনুচ্চেদ ২৯(১), ৩০, ৩৪৭, ৩৫০ মতে ব্যৱস্থা কৰিছে। জন্মস্থান, জাত-পাত-ধৰ্ম আদিৰ ভিত্তিত ডিচক্ৰিমিচনৰ বিৰুদ্ধে সুৰক্ষিত কৰিবলৈ অনুচ্চেদ ১৫(১,২) আৰু ১৬(১,২)ত ব্যৱস্থা ৰাখিছে। নিজা নিজা ধৰ্মীয় অনুষ্ঠান স্থাপন ও ব্যৱস্থাপনাৰ বাবে অনুচ্ছেদ ২৬ত অধিকাৰ দিয়া হৈছে, নিজা নিজা ধৰ্ম-চৰ্চাৰ বাবে অনুচ্ছেদ-২৮ মতে ব্যৱস্থা কৰা হৈছে। সংখ্যলঘুকে ধৰি সৰু-বৰ জাতি-জনগোষ্ঠীকো নিজা নিজা ধৰ্ম-ভাষা আৰু পাৰম্পৰিক ঐতিহ্যৰে ভাৰতীয় বহুত্ববাদী সত্তাত ভাতৃত্ববোধেৰে জীয়াই থকাৰ বাবে অনুচ্ছেদ ৫১(ক)ত দিহা দিছে। কিন্তু, সংবিধানৰ এই মৌলিক ব্যৱস্থা সমূহকে কিছুমান 'আজি আইন প্ৰণয়নকাৰী'ৰ ভূমিকাত থকা ৰাজনৈতিক নেতাই নিজৰ ভাষণ ও প্ৰচাৰৰ যোগেদি ধ্বংস কৰিবলৈ মনসা প্ৰকাশ কৰিছে। যিটো দেশৰ সংবিধানৰ ওপৰতে পোনপটীয়া আক্ৰমণ বুলিও আখ্যা দিব পাৰি। দেশৰ এই বহুত্ববাদী ৰামধেনু সদৃশ সমাজক এক ধৰ্ম-এক দেশ-এক সংস্কৃতিৰ কৰি তুলিবলৈ সামাজিক সম্পৰীক্ষা ভিন্ন স্তৰত সংগঠিত ৰূপত বহুদিনৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই চলাই আহিছে। এই সম্পৰীক্ষণৰ এটা ৰাজনৈতিক কৌশল এই ধৰ্ম-ভিত্তিক ভাৰতীয় নাগৰিকত্বৰ বাবে নাগৰিকত্বৰ সংশোধনী বিধেয়ক।
অসমৰ মুখ্যমন্ত্ৰীয়ে সমজুৱা গৰিহণাৰ সন্মুখীন হৈ স্পষ্টীকৰণ দিছে বোলে বাংলাদেশী ২০১৪ পৰ্যন্ত যি সকল আহিছিল, তেওঁলোকৰ অনা-মুছলিম সকলে নিজৰ দেশত ধৰ্মীয় ভিত্তিত নিৰ্যাতনৰ প্ৰমাণ দিলেহে ভাৰতীয় নাগৰিকত্ব পাব। কোনোবাই দেশান্তৰিত হোৱাৰ সময়ত এনে প্ৰমাণপত্ৰ কোনোবা বিশেষ অফিচৰ পৰা লৈ আহিছে জানো, বা কোন অফিচে দিয়ে ৰাইজে উলিয়াবৰ বাবে উপায় আছে জানো? নাই। কিন্তু উপায় আছে, এই কথা জনাৰ যে, এই সংশোধনী বিধেয়কৰ যোগেদি কোনো ডকুমেণ্ট নোহোৱা শৰণাৰ্থীকো নাগৰিকত্বৰ প্ৰস্তাৱহে লোৱা হৈছে। জাতিৰ প্ৰমাণ পত্ৰ থাকে, ধৰ্মৰ থাকেনে, নাথাকে! গতিকে ভাৰতত অনা-মুছলিম বুলি শপতনামাই হৈ পৰিব ১৯৭১ৰ পাছত অহা সকলো বাংলাদেশীক ভাৰতীয়কৰণৰ সহজতম উপায়। যিটো বৰ্তমানৰ শাসকে কৰিছে। ইয়াৰ দ্বাৰা দুটা বাট কাটিব বিচাৰিছে, ১. ভাৰতক হিন্দুৰ স্বাভাৱিক আশ্ৰয়স্থল (ইজৰাইল ইহুদিৰ টাইপত) হিচাবে প্ৰতিষ্ঠা কৰা ২. মুছলিম সম্প্ৰদায়ৰ লোকৰ ওপৰত মনেসজা গোচৰ জাপি দি, ন্যায়িক-মানসিক নিৰ্যাতনৰ বলি কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰা। যিটো তেওঁলোকৰ দৰে সাম্প্ৰদায়িক শক্তিক দীৰ্ঘদিনৰ বাবে পুষ্টি দিবলৈ অতি সাৰুৱা উপায়।
এইখিনিতে এটা কথা উল্লেখ কৰাটো ভাল হব, যিটো দলে কাশ্মীৰত পণ্ডিত সকলক স-সন্মানে পুনৰাস্থাপিত কৰিব বুলি কৈছিল, কিন্তু বাস্তৱত কৰিলে বিচ্ছিন্নতাবাদী পূৰ্ব-উগ্ৰপন্থীৰ সৈতে ৰাজনৈতিক মিত্ৰতা। কৈছিল, কাশ্মীৰিক সাংবিধানিক সুৰক্ষা দিয়া ৩৭০ অনুচ্ছেদ বাতিল কৰি ন্যায় কৰিব, কিন্তু সেই উপত্যাকাত ৰাজ্য চৰকাৰ চলোৱাত বিফল হৈ আইন-শৃংখলা চম্ভালিব নোৱাৰিলে, ফলত ৰাজ্য এতিয়া ৰাষ্ট্ৰপতি শাসনৰ অধীনত। একেই ৰাজনৈতিক দলে, কাশ্মীৰত সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থাৰ শিপা চিঙাৰ কথা কয় আৰু অসমৰ ৰাইজক প্ৰলোভন দিয়ে সাংবিধানিক সুৰঙাৰ! এনে দুতলীয়াৰ স্বৰূপটো অসমৰ ৰাইজে চিনি লোৱাটো ভাল। আৰু সত্ৰৰ মাটি বেদখলৰ বিষয়টো এটা চিভিল কৰ্টৰ বিষয়হে, তাক মাটিবাৰীৰ কাগজ-পাতি, দলিল, মেপ, মণ্ডলৰ ৰিপৰ্ট আদিৰেহে নিষ্পত্তি কৰাটো সম্ভৱ। সংবাদমেলত উত্তেজক ভাষণ দি বেদখলকাৰী অমুক সম্প্ৰদায়ৰ বুলি দি নিশ্চয় নহয। ভাষণ দিয়া ৰাজনৈতিক নেতাজন যেতিয়া দলবাগৰিও বিগত প্ৰায় ১৮টা বছৰ অসমৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পদবীত আছিল, তেতিয়াও ‘এতিয়া সদিচ্ছা’ জন্মা বিষয়টোত ‘ৰাজনীতি’ কৰিবলৈ পুহি নাৰাখি তাক যোৱা ১৮ বছৰে প্ৰশাসনিক ভাৱে কিয় সমাধা নকৰিলে, তাৰ উত্তৰ কিন্তু তেখেতে নিদিয়ে। প্ৰচাৰ কৰিব, উদ্দেশ্যপ্ৰণোদিত সাম্প্ৰদায়িক ভৱিষ্য-শংকাহে!
এই ভিন্ন দিশবোৰলৈ পৰ্যবেক্ষণ কৰি এই ক্ষণত অসমৰ ৰাইজে বিশেষকৈ কেইটামান কথাত দৃঢ়তা ৰখাটো ভাল। এক. ভাৰতীয় সংবিধানৰ ওপৰত দৃঢ় বিশ্বাস ৰখা। দুই. এই সংবিধানৰ গণ্ডীত শান্তিপূৰ্ণ-সাম্প্ৰদায়িক সৌদাৰ্যপূৰ্ণ পৰিবেশ বিঘ্নিত হবলৈ নিদিয়া। তিনি. খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰি সাংবিধানিক সুৰক্ষা নিশ্চিত কৰা। চাৰি. নাগৰিকপঞ্জীৰ ভিত্তিত বিদেশী বহিস্কাৰৰ দাবীত অটল থকা। পাঁচ. অসমক শক্তিশালী আৰু বিকশিত অংগৰাজ্য কৰাৰ বাবে নতুন-প্ৰজন্মৰ নেতাৰে আঞ্চলিক ৰাজনৈতিক শক্তিৰ পুনৰোত্থান ঘটোৱা। ছয়. ধৰ্মৰ নামত হিন্দু-মুছলিম আৰু ভাষাৰ নামত অসমীয়া-বঙালী আনি বিভ্ৰান্ত কৰিব বিচাৰিলেও অসম চুক্তিক খামুচি থকা। সাত. সত্ৰৰ মাটি বেদখলকে ধৰি ভিন্ন সমস্যাবোৰ চিভিল কৰ্টৰ বিষয়, সেইবোৰৰ আইনী ৰূপৰ দ্ৰুত নিষ্পত্তি কৰাৰ ব্যৱস্থা। আঠ. এই সন্ধিক্ষণত অসমীয়াৰ পক্ষত থিয় নোহোৱা সকলক চিনাক্ত কৰি ৰাজনৈতিক ক্ষেত্ৰৰ পৰা স-সন্মানে বিদায় দিয়াৰ ব্যৱস্থা কৰা। এতিয়া অনাহক ৰাজনীতিৰ সময় নহয়, বাস্তৱিকতাক বুজি সমস্যাবোৰ যুক্তিপূৰ্ণ ভাৱে সমাধান কৰাৰহে সময় আহিল। সেয়ে প্ৰতিবাদৰ বাবে ওলাই অহা শিল্পী জুবিন গাৰ্গৰ ভাষাৰেই আমিও কও, পলিটিক্স নকৰিব বন্ধু, হাতে হাত ধৰা, কথাবোৰ জানি-বুজি সমাধানমুখী কৰো। সজাই তোলো অসমৰ ভৱিষ্যত, শক্তিশালী-সমৃদ্ধিশালী অংগৰাজ্যৰ ৰূপত।
লেখকৰ নিজা ফেচবুক পেজ লাইক কৰিবলৈ লিংকঃ https://www.facebook.com/ajoylalduttaPAGE/
লেখকৰ নিজা ফেচবুক পেজ লাইক কৰিবলৈ লিংকঃ https://www.facebook.com/ajoylalduttaPAGE/
No comments:
Post a Comment