ভাল খবৰঃ তিনি অসমীয়ালৈ এইবৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটাঃ সংস্কৃত, অসমীয়া আৰু বড়ো ভাষাৰ সৃষ্টিৰাজিৰ বাবে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ তিনি অসমীয়ালৈ এইবৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটাঃ সংস্কৃত, অসমীয়া আৰু বড়ো ভাষাৰ সৃষ্টিৰাজিৰ বাবে

ভাল খবৰঃ তিনি অসমীয়ালৈ এইবৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটাঃ সংস্কৃত, অসমীয়া আৰু বড়ো ভাষাৰ সৃষ্টিৰাজিৰ বাবে

Share This
সংস্কৃত ভাষালৈ অসমৰ ৬৫ গৰাকী কবিৰ নিৰ্বাচিত ১০০ কবিতাৰ অনুবাদ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ সংস্কৃত অনুবাদ বঁটা-২০১৮ আগবঢ়োৱা হৈছে ৰাজ্যৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° দীপক কুমাৰ শৰ্মালৈ। এই বৰ্ষৰ বাবে অনুবাদ বঁটা অসমীয়া ভাষাত পার্থপ্রতিম হাজৰিকা আৰু বড়াে ভাষাত নবীন চন্দ্র ব্রহ্মলৈ এই সন্মান আগবঢ়োৱা হৈছে। 

কালি সাহিত্য অকাডেমীৰ সভাপতি ড” চন্দ্রশেখৰ কাম্বাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হােৱা অকাডেমীৰ কার্যনির্বাহক কমিটীৰ বৈঠকত ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ পুৰস্কাৰসমূহ ঘােষণা কৰা হয়। ২০১২ চনৰ পহিলা জানুৱাৰীৰ পৰা ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রথম প্রকাশ হােৱা অনুবাদ পুথিৰ মাজৰ পৰা অনুবাদ পুৰস্কাৰৰ পুথি বাছনি কৰা হৈছে। এই পুৰস্কাৰত ৫০ হেজাৰ টকাৰ লগতে এখন তাম্রফলক  প্ৰদান কৰা হ'ব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। মুঠ ২৪ টা ভাষাত এই অনুবাদ পুৰস্কাৰ আগবঢ়োৱা হৈছে।

ভােলানাথ দাসৰ পৰা আৰম্ভ কৰি এম কামালুদ্দিন আহমেদলৈ ৬৫ গৰাকী অসমীয়া কবিৰ নির্বাচিত এশটা কবিতাৰ সংস্কৃত অনুবাদ ‘অসমা বাঙমঞ্জৰী’ শীর্ষক অনুবাদ পুথিৰ বাবে ৰাষ্ট্রীয় সম্মান বুটলিবলৈ সক্ষম হােৱা বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীয়ে ইয়াৰ বাবে আনন্দ প্রকাশ কৰে। দুবছৰ ধৰি নিৰলসভাৱে কৰা কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে সৃষ্ট অনুবাদ কার্যৰ উক্ত সাফল্যই তেওঁক যথেষ্ট আহ্লাদিত কৰাৰ লগতে উৎসাহিত কৰাৰ কথাও প্রকাশ কৰি ড° শৰ্মাই কয় যে আধুনিক কথাও যে সংস্কৃতৰ দৰে ধ্রুপদী ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি, সেই কথা উক্ত কিতাপখনৰ সাফল্যই প্রতিফলিত কৰিছে। এই কার্যৰ জৰিয়তে তেওঁ মাতৃভাষাৰ সমান্তৰালভাৱে সংস্কৃত ভাষাৰ প্রতিও কিঞ্চিৎ সেৱা আগবঢ়োৱাৰ কথা তেওঁ প্ৰকাশ কৰে।

আনহাতে প্রথিতযশা সাহিত্যিক মামণি ৰয়ছম গােস্বামীৰ নিবন্ধ পুথি, ৰামায়ণ ও ফ্রম গংগা টু ব্ৰহ্মপুত্ৰৰ অসমীয়া অনুবাদেৰে পার্থপ্রতিম হাজৰিকাই লাভ কৰে অকাডেমীৰ অসমীয়াৰ অনুবাদ বঁটা। তেওঁৰ পুথিখনৰ নাম হৈছে। ৰামায়ণ ও গংগাৰ পৰা ব্ৰহ্মপুত্ৰ লৈ। সাহিত্য অকাডেমীৰ অনুবাদ বঁটাৰ বাবে নির্বাচিত হােৱা ‘দা আছাম ট্রিবিউন’ৰ সহকাৰী সম্পাদক পার্থপ্রতিম হাজৰিকাই এই সন্মানৰ বাবে সন্তোষ প্রকাশ কৰে। জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক মামণি ৰয়ছম গােস্বামীৰ দৰে অসামান্য লেখিকাগৰাকীৰ ইংৰাজীত লিখা সৃষ্টিৰাজিৰ সুবাস অসমৰ সৰ্বসাধাৰণ পাঠকক দিয়াৰ উদ্দেশ্যে তেওঁ কৰা অনুবাদ কার্যৰ বাবেই এই স্বীকৃতি লাভ কৰা বাবে গৌৰৱান্বিত বুলি ব্যক্ত কৰি হাজৰিকাই বৰণীয় সাহিত্যিকগৰাকীৰ গুৰুত্বপূৰ্ণ পুথিখন মাতৃভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত ‘দক্ষিণ-পূর্ব এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ পৰা লাভ কৰা সহযােগ-সমর্থনৰ কথা কৃতজ্ঞতাৰে প্ৰকাশ কৰে। দুই দশকৰাে অধিক কালজুৰি ইংৰাজী দৈনিক কাকতত কাম কৰিও খগেন মহন্তঃ অসাধাৰণ শিল্পী, সাধাৰণ মানুহৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি, চিনেমা, নাটক, সাহিত্য সম্পর্কীয় বিষয়সমূহক লৈ যথেষ্ট লেখা প্রকাশ কৰিছে। ‘দা আছাম ট্রিবিউন : ৭৫ ইয়ার্ড অ ৰেচিলিয়েন্স এণ্ড জার্নেলিজম' শীর্ষক পুথিখন তেওঁৰ সৃষ্টি কৰ্মৰ অন্যতম সংযােজন। 

আনহাতে বড়াে ভাষাত নবীন চন্দ্র ব্রহ্মক ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ পুৰস্কাৰ আগবঢ়োৱা হৈছে। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ বাংলা ভাষাৰ উপন্যাস ‘চোখেৰ বালি'ৰ অনুবাদৰ বাবে বড়াে ভাষালৈ অনুবাদ কৰা এই পুথিৰ নাম হৈছে ‘বিনােদিনী'। আনহাতে বড়াে ভাষাত সাহিত্য অকাডেমীৰ বঁটা বিজয়ী নবীন চন্দ্র ব্রহ্ময়াে উল্লিখিত সন্মানীয় বঁটা লাভ কৰি ইয়ে তেওঁক ভৱিষ্যতে অধিক কিতাপ লিখিবলৈ প্ৰেৰণা যােগাব বুলি মত প্রকাশ কৰে। সাহিত্য অকাডেমীৰ দৰে সন্মানীয় বঁটাৰ বাবে নির্বাচিত হ'ব বুলি তেওঁ কোনাে দিনে ভবাই নাছিল বুলিও ব্রহ্মই কয়। গুৱাহাটীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্রকাশন নিগমৰ অনুবাদ পদত অস্থায়ীভারে চাকৰি কৰা বঁটা বিজয়ী নবীন চন্দ্র ব্রহ্মই ছাত্র জীৱনৰ পৰাই কবিতা, গল্প আদি লিখাবােৰ বড়াে আলােচনীবােৰত প্ৰকাশ পাইছিল যদিও ২০০৫ চনৰ পৰাই বাংলা গ্রন্থ বড়াে ভাষালৈ অনুবাদ কৰা আৰম্ভ কৰে। তেওঁ শােণিতপুৰ জিলাৰ জৰপুখুৰী গাঁৱৰ ৰাজেন্দ্ৰ ব্ৰহ্ম আৰু উর্মিলা ব্ৰহ্মৰ পুত্র।

No comments:

Post a Comment