কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাম্প্ৰদায়িক, অসাংবিধানিক তথা অসমীয়াৰ অস্ত্বিত্বৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ লোকসভাত পাছ কৰোৱাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্যসূচী ঘোষণা কৰিছে। তাৰ পাছতে তেজপুৰ বিশ্ববিদ্যালয়েও প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ বাতৰি আহিছে।
এইবাৰ প্ৰতিবাদমুখৰ হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাও৷ জাতিধ্বংসী বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি বিবৃৰ্তি জাৰি কৰিছে। আনহাতে, বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহকো শ্ৰেণী বৰ্জনৰ আহ্বান জনাইছে৷ লগতে কোনো ৰাজনৈতিক নেতা-পালিনেতাক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশতো বাধা-নিষেধ আৰোপ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই৷
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক মৃদুল গগৈয়ে নিজৰ বক্তব্য আগবঢ়ালে এইদৰে-
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক মৃদুল গগৈয়ে নিজৰ বক্তব্য আগবঢ়ালে এইদৰে-
No comments:
Post a Comment