মনৰ কথাঃ প্ৰবাসত বাংলাদেশীৰ সান্নিধ্য আৰু শিকিব লগা বহু কথা:: ডা০ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ প্ৰবাসত বাংলাদেশীৰ সান্নিধ্য আৰু  শিকিব লগা বহু কথা:: ডা০ ভূপেন শইকীয়া

মনৰ কথাঃ প্ৰবাসত বাংলাদেশীৰ সান্নিধ্য আৰু শিকিব লগা বহু কথা:: ডা০ ভূপেন শইকীয়া

Share This
এনে এটা বিষয়ে কাহানিবা আলোচনা কৰিবলগীয়া হব বুলি মই কাহানিও ভবা নাছিলোঁ৷ সাধাৰণতে 'বাংলাদেশী' বুলিলে আমাৰ চকুৰ আগত ভাঁহি অহা ছবিখন হ'ল এনেকুৱা - ৰঙচঙীয়া শাৰী পিন্ধা কোলাত নহলে কাষত এপাল ল'ৰা-ছোৱালীৰ সৈতে মহিলাৰ জাক, দাঢ়ি-টুপীৰে লুঙি পিন্ধা কিছুমান পুৰুষ, সাধাৰণতে সৰুসুৰা কাম-বন বা হাজিৰা কৰা লোক, গৰু চোৰ,সীমান্তত কিচিম কিচিম অনৈতিক বেহা-বেপাৰ কৰা লোক, টালি-টোপোলা আৰু লাম-লাকুটি সাঙুৰি ভাৰতত প্ৰবেশ কৰিবলৈ সুযোগৰ অপেক্ষাত থকা এজাক লোক৷ কিন্তু প্ৰবাসত কৰ্মৰত হৈ দেখা বিপৰীতমুখী ছবি এখনৰ সৈতে অসমৰ লোকক পৰিচয় কৰাই দিয়া ভাল হব বুলি মোৰ মনে ক'লে৷
২০০২চনত লিবিয়াত প্ৰবাসী জীৱনৰ সূত্ৰপাত কৰিবলৈ লওঁতে ৰোগী হিচাবে পালোঁ ৰাজধানী চহৰ ট্ৰিপলিৰ এখন কলেজত অধ্যাপনা কৰা এজন কম্পিউটাৰ বিষয়ৰ বাংলাদেশী ব্যক্তিক৷ বিগত পাঁচ বছৰৰ পৰা তেখেত সপৰিয়ালে লিবিয়াত বসবাস কৰি আছিল৷ মোৰ সহায়কাৰী পাকিস্তানী মে’ল নাৰ্চজনৰ সৈতে তেওঁলোকৰ অন্তৰংগ সম্পৰ্কত মই বিমোহিত হৈছিলোঁ৷

আৰু শেহতীয়াকৈ পৰিচয় ঘটিল প্ৰায় এবছৰমানৰ আগতে অসুখ দেখুৱাৰ সূত্ৰে মোৰ কাষ চপা আন এজন আঢ্যবন্ত প্ৰতিষ্ঠিত বাংলাদেশী ব্যৱসায়ী ব্যক্তিৰ সৈতে, যিজনে যোৱা তিনিটা দশক ধৰি কাটাৰত একেৰাহে থাকি নিজৰ অধ্যৱসায়ৰ বলত দোপতদোপে উন্নতি কৰি আজিৰ অৱস্থানত উপনীত হৈছেহি৷ ব্যৱসায়ৰ সূত্ৰে তেওঁ ইউৰোপৰ বিভিন্ন দেশলৈ ২৷৩মাহৰ ব্যৱধানত যাত্ৰা কৰি থাকে৷ ডোহাৰ এক ব্যস্ত এলেকা অল চাডত আছে তেওঁৰ ৰেডিমেড বস্ত্ৰ আৰু আন আনুসংগিক সামগ্ৰীৰ সম্ভ্ৰান্ত বিপনি৷ তেওঁৰ তিনিটি সন্তানৰ ডাঙৰটি পুত্ৰই লণ্ডনত বিজনেছ মেনেজমেন্ট পঢ়ি আছে৷ সৰু জীয়েকে কাটাৰৰ স্কুলীয়া শিক্ষা সাং কৰি ইংলেণ্ডৰ কলেজত ডাক্তৰী পঢ়িবলৈ সাজু হৈছে৷ বিদেশৰ শিক্ষা শেষ কৰি ডাঙৰ ছোৱালীৰ বিবাহ সম্পন্ন হ'ল যোৱা কেইমাহমানৰ আগতে বিলাত-নিবাসী আন এটি বাংলাদেশী আঢ্যবন্ত পৰিয়ালৰ উচ্চ শিক্ষিত পুত্ৰৰ সৈতে৷ বৰ জীয়েকৰ বিবাহৰ আয়োজন কৰা হৈছিল ডোহাৰ বিখ্যাত ৰিজেঞ্চী হলত৷ কইনাৰ দেউতাকে নিজে আহি আমন্ত্ৰণ কৰাত পৰিবাৰৰ সৈতে মই সেই ৰাজকীয় বিবাহ অনুষ্ঠান প্ৰত্যক্ষ কৰিছিলোঁ৷ কোটি টকাৰো অধিক ব্যয় কৰা সেই বিবাহত বাংলাদেশ, কাটাৰৰ ওপৰিও ইউৰোপিয়ানদেশৰো একাধিক অতিথিৰ সমাগম হৈছিল৷ ধৰ্মীয় নীতি-নিয়মমতে নিকাহ সম্পন্ন হোৱাৰ পিছৰ পৰ্ব আছিল বলিউডৰ হিন্দী চিনেমাৰ আদব-কায়দাৰ৷ কাটাৰী অভ্যাগতে বৰ-বধুৰ ওপৰত ৫০০ৰিয়ালৰ নোটৰ বৃষ্টিপাত কৰাও স্বচক্ষুৰ আগত দৃষ্টিগোচৰ হ'ল৷ অতিথি অভ্যৰ্থনা, সাজসজ্জা আৰু বিলাসী ভোজনৰ আয়োজন আদিৰ কথা বহলাই নিলিখিলেও পাঠকে নিজে অনুমান কৰি লব পাৰিব৷ 

এতিয়া আহোঁ মোৰ বৰ্তমানৰ ক্লিনিকৰ বাংলাদেশী ৰোগীৰ কথালৈ৷ থোৰতে এই সকলক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ প্ৰথম ভাগ হ'ল কাৰিকৰী অৰ্হতা থকা মেকানিক, জুনিয়ৰ ইঞ্জিনীয়াৰ, টেকনিচিয়ান, ইলেকট্ৰিচিয়ান, চেফটি অফিচাৰ আদি আৰু দ্বিতীয় বিধ হ'ল সাধাৰণ শ্ৰমিক৷ বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত এই শ্ৰমিক সকলে সকলো ধৰণৰ হাঁড় ভঙা কাম কৰিব লাগে৷ মাহৰ মূৰত বেতন পায় এহেজাৰ ৰিয়ালৰ কম৷ অভাৰ টাইম ডিউটি কৰিলে আৰু দুশ বা তিনিশ ৰিয়াল অতিৰিক্ত যোগ হয়৷ আনহাতে প্ৰথম ভাগ লোকৰ বেতন ৫ৰ পৰা ৬হেজাৰ ৰিয়াল মাহিলি৷ উল্লেখযোগ্যযে এক ৰিয়াল ২৩ বাংলাদেশী টকাৰ সমকক্ষ৷

এই দুটা শ্ৰেণীৰ ওপৰিও দিন হাজিৰা কৰা বাংলাদেশীলোকো আছে৷ তেওঁলোক গাড়ীৰ চাফাই,দৰ্জি,মালী,দোকানৰ বস্তু বেচা আদিত নিয়োজিত৷ সকলো বাংলাদেশীৰ কেইটামান কথাই মোক মুগ্ধ কৰে৷ তেওঁলোকৰ নি:স্বাৰ্থ স্বদেশ প্ৰেম,হিন্দু-মুছলমানৰ মাজৰ সদ্ভাৱ বা মিলা প্ৰীতি আৰু মাতৃভাষা বাংলাৰ প্ৰতি থকা গভীৰ মোহ৷ ৩৷৪খন বাংলাদেশী দৈনিক আৰু সাপ্তাহিক পত্ৰিকা ডোহাৰ চুপাৰ মাৰ্কেট আৰু মলসমূহত উপলব্ধ৷ দেশৰ ক্ৰিকেটৰ খবৰ, নিৰ্বাচনৰ খবৰ, সংৰক্ষন উঠি যোৱাৰ খবৰ, ইয়াত ৰিয়ালৰ সময়ে সময়ে উঠা নমা হোৱাৰ খবৰ মোক সেই বাংলাভাই সকলে কৈ শুনায়৷ হিন্দু বাংলাদেশী লোকৰ মাজত পোৱা উপাধি কিছুমান হ'ল - ভূঞা, বৰভূঞা, চৌধুৰী, বৰ্মন, সূত্ৰধাৰ, নাথ,দেবনাথ, তালুকদাৰ, মজুমদাৰ, ভৌমিক ৷ প্ৰবাসত ইমান আন্তৰিকতাৰে একেলগে থকা বাংলাদেশী হিন্দুসকলে সেই দেশত অত্যাচাৰ উৎপীড়নৰ বলি হৈছে বুলি মোৰ মনে নধৰে৷ হয়তো সেয়া একাংশ ভাৰতীয় ৰাজনৈতিক নেতাৰ ভোট আৰ্জনৰ বাবে কৰা কুটিল চক্ৰান্তৰ হেতু হোৱা অপপ্ৰচাৰহে৷ বাংলাদেশৰ শেহতীয়া নিৰ্বাচনত ১৮জন হিন্দু সাংসদ নিৰ্বাচিত হৈছে আৰু তাৰে দুজনক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছে৷ তদুপৰি দেশখনৰ প্ৰশাসনৰ মুৰব্বীৰ পদত কেইবাজনো হিন্দু অধিষ্ঠিত৷ এয়া দেশখনৰ ধৰ্ম নিৰপেক্ষতাৰেই পৰিচায়ক আৰু দেশখনৰ সুস্থিৰতাক সূচায় ৷

কাটাৰত হোটেলৰ ব্যৱসায় কৰা সকলে দোকানৰ নাম ৰাখে দুই বন্ধু ৰেষ্ট্ৰৰা, ঢাকা হোটেল,ভূঞা ৰেষ্ট্ৰৰেন্ট আদি৷ আৰবী,ইংৰাজীৰ ওপৰিও বাংলাত চাইনবোৰ্ড লিখে৷ এনে হোটেলত সোমালে আপুনি বেৰত দেখা পাব বাংলা ভাষাত লিখা জাননী ফলক আৰু বিজ্ঞাপন আদি৷ বাংলা দৈনিক বাতৰি কাকত এখন অৱশ্যই তাত থাকিব৷

ডোহাৰ আবু হামুৰত থকা শাক পাচলি আৰু ফলমূলৰ পাইকাৰী বিক্ৰী কেন্দ্ৰ আৰু পুৰণি ব্যৱসায় কেন্দ্ৰ নাজমাত থকা ৮০শতাংশ সৰু বৰ দোকানীয়েই হ'ল বাংলাদেশী৷ তদুপৰি কাটাৰলৈ নিয়মীয়াকৈ ৰপ্তানি হয় ইলিচ মাছ আৰু পটল, ভাত কেৰেলা, কলডিল,কাচ কল,জলকীয়া আদি শাক পাচলি আৰু চানাচুৰ ,মূড়ি, ডালমুট আদি ৷ শেহতীয়া জনগণণা অনুসৰি কাটাৰ হ'ল দুই লাখ আশী হেজাৰ বাংলদেশীলোকৰ বসতিস্থল৷ কাটাৰৰ মুঠ জনসংখ্যাৰ ই হ'ল ১১শতাংশ৷ ডোহাত ঢাকাৰ বৰ্ড অৱ চেকেন্দৰী এডুকেশ্বনৰ অধীন হায়াৰচেকেন্দৰী স্কুল আছে৷ বাংলাদেশৰ পৰা ডোহালৈ 'বিমান' এয়াৰলাইনচৰ দৈনিক সেৱাও উপলব্ধ৷

মুখবন্ধ - সামৰণিত কবলগীয়া এয়াই যে মই বাংলাদেশীৰ অসম আগমনৰ স্বাগত কৰিবলৈ আগ্ৰহী কদাচিতো নহয়৷ কিন্তু বাংলাদেশীৰ পৰাও আমি কিছু কথা শিকিবলগীয়া হয়তো নথকা নহয়
ডোহা, কাটাৰৰ পৰা, ১৬ জানুৱাৰী ২০১৯, যোগাযোগ : ৱাটচএপ- ০৯৭৪৩৩৭৩৮৭২২, ইমেইল- drbksaikia@gmail.com, ৱেবচাইট- www.drbhupensaikia.com

No comments:

Post a Comment