ভাল খবৰঃ বগীবিল দলঙে মুকলি কৰা পৰ্যটনৰ দ্বাৰেদি আহক চিমেন ৰিভাৰ ফেষ্টিভেললৈ: ৩১ জানুৱাৰী- ৩ফেব্ৰুৱাৰীলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ  বগীবিল দলঙে মুকলি কৰা পৰ্যটনৰ দ্বাৰেদি আহক  চিমেন ৰিভাৰ ফেষ্টিভেললৈ: ৩১ জানুৱাৰী- ৩ফেব্ৰুৱাৰীলৈ

ভাল খবৰঃ বগীবিল দলঙে মুকলি কৰা পৰ্যটনৰ দ্বাৰেদি আহক চিমেন ৰিভাৰ ফেষ্টিভেললৈ: ৩১ জানুৱাৰী- ৩ফেব্ৰুৱাৰীলৈ

Share This
বগীবিল দলঙে খুলি দিলে বহু সম্ভাৱনাৰ দুৱাৰ। তাৰে ভিতৰত লুইতৰ উত্তৰ পাৰৰ অৰুণাচলৰ পাদদেশৰ মনোমোহা ঠাই সমূহ উপভোগ কৰাৰ বাবে পৰ্যটনৰ বিশাল ক্ষেত্ৰখনো অন্যতম। চিমেন চাপৰিৰ চিমেন নৈৰ নদীৰ দলঙৰ সমীপতে পৰ্যটন বিকাশৰ উদ্দেশ্যে এইবাৰ আয়োজিত হব 'চিমেন ৰিভাৰ ফেষ্টিভেল'। 
চাৰিদিনীয়া এই কাৰ্যসূচী চলিব অহা ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰী পৰ্যন্ত। এই নদী মহোতসৱৰ বাবে 'মিছন চাইনা' খ্যাত দীপলিনা ডেকাই ব্ৰেণ্ড এম্বেছাডৰ হিচাবে সহযোগ কৰিছে। এই ৰিভাৰ ফেষ্টিভেলৰ প্ৰচাৰৰ বাবে এক প্ৰমোচনেল মাৰাথানৰো আয়োজন কৰা হৈছে অহা ২৬জানুৱাৰীৰ পুৱা ছয় বজাত, ৰাষ্ট্ৰীয় ঘাইপথ-১৫ত থকা চিমেন  নৈৰ দলঙৰ পৰা। চৈধ্য বছৰৰ উৰ্ধৰ সকলো ব্যক্তিয়ে অংশ লব পৰা মাৰাথানটোত ৰখা হৈছে প্ৰাইজমানিও। উক্ত দিনাই প্ৰচাৰৰ বাবে বাইক ৰেলীও ধেমাজিৰ পৰা আয়োজন কৰা হৈছে। ২৬ জানুৱাৰীৰ দিনাই অনুষ্ঠানটোৰ বাবে লাইখুঁটাও পোতা হব বুলিও আয়োজকে জনাইছে। 

এই ফেষ্টিভেলৰ স্থান বগীবিল পাৰ হৈ ধেমাজিৰ ফালে ঘাইপথত লগ হোৱাৰ ঠাই কুলাজানৰ পৰা কেৱল ৩০ কিলমিটাৰ দূৰত্বতহে। মাইহাং ৰেষ্টুৰেষ্ট পাৰ হৈ সোঁফালে ৰাষ্ট্ৰীয় ঘাইপথেদি গলেই এই স্থানত উপনীত হব পাৰিব আৰু ৰাষ্টাৰ কনণ্ডিচনো অতি উন্নত আৰু কেৱল আধা ঘণ্টাতে সেই স্থানত উপনীত হব পাৰি।  
গুগোল মেপত পথ নিৰ্দেশনা
৩১ জানুৱাৰী তাৰিখৰ পৰা মূল কাৰ্যসূচীৰ অংশ হিচাবে ৰাইডাৰ্ছ মিট, চাইক্লিং স্পৰ্টছ, এলিফেণ্ট ছাফাৰী, নাওখেল, পাৰাগ্লাইডিং, ৰিভাৰ ৰাফটিং, গৰম বতাহৰ বেলুন, বৰশী বোৱা প্ৰতিযোগিতা, চাইট কেম্পিং, বনফায়াৰ, আৰ্চাৰী, টাৰ্গেট শ্বুটিং, চিলা উৰুওৱা প্ৰতিযোগিতা আদি ভিন্ন ৰঙী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লগতে স্থানীয় জনজাতীয় লোক সকলৰ জৈৱিক খাদ্য মেলা, জৈৱিক বজাৰ, হস্ত-তাঁত বস্ত্ৰ শিল্প মেলা আৰু ফেশ্বন শ্ব তথা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। 

উত্তৰ-পাৰৰ নৈসৰ্গিক সৌন্দৰ্যৰ মাজত অৰুণাচলৰ পাদদেশৰ চিমেন নৈৰ বুকুত এই ৰিভাৰ ফেষ্টিভেলে উজনিৰ উত্তৰ পাৰক পৰ্যটনৰ ক্ষেত্ৰত এক জোৱাৰ দিব পাৰিব বুলিও স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে। সবিশেষ জানিবলৈ আয়োজকৰ ফোন নম্বৰঃ 91010-36609 নম্বৰত আগ্ৰহী পৰ্যটকে যোগাযোগ কৰিলে সুবিধা হব বুলিও আয়োজক সমিতিয়ে জনাইছে।

2 comments: