স্বাস্থ্য-চৰ্চাঃ ক্ৰনিক কিডনী ৰোগীৰ বাবে আহাৰ :: ডা০ ব্ৰিন্সি বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্য-চৰ্চাঃ ক্ৰনিক কিডনী ৰোগীৰ বাবে আহাৰ :: ডা০ ব্ৰিন্সি বৰুৱা

স্বাস্থ্য-চৰ্চাঃ ক্ৰনিক কিডনী ৰোগীৰ বাবে আহাৰ :: ডা০ ব্ৰিন্সি বৰুৱা

Share This
দীৰ্ঘদিন ধৰি কিডনীৰ ৰোগত আক্ৰান্ত লোক সকলৰ বাবেই এই লেখাটিত কিছু প্ৰয়োজনীয় কথাৰ অৱতাৰণা কৰিবলৈ লোৱা হৈছে।কাৰণ, জীৰ্ণ বৃক্ক ৰোগীৰ এজনৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন ব্যৱহাৰ কৰা খাদ্য বস্তুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৃক্ক যোৰ হৈছে আমাৰ শৰীৰৰ প্ৰধান চালিকা আংগ। বৃক্কই আমাৰ শৰীৰৰ বাবে অলাগতিয়াল দ্ৰব্য সমূহৰ পেছাবৰ লগত শৰীৰৰ পৰা নিষ্কাষিত কৰে।কিন্তু জীৰ্ণ বৃক্ক ৰোগীৰ ক্ষেত্ৰত বৃক্কৰ কাৰ্য্য ক্ষমতা কমি যায় ফলত শৰীৰত কিছুমান পদাৰ্থ অতিৰিক্ত পৰিমাণে জমা হয় যি সময়ত প্ৰাণঘাতকো হব আৰু এই পদাৰ্থ সমূহ আমি খোৱা খাদ্যৰ পৰাই আহে।তেনে ক্ষেত্ৰত জীৰ্ণ বৃক্ক ৰোগী ( Chronic kidney disease ) এজনে কোনো বিশেষ উপাদান বেছিকৈ থকা খাদ্য বেছিকৈ খালে বিপদত পৰিব পাৰে । সেয়ে জীৰ্ণ বৃক্ক ৰোগীএজনে খাদ্য নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা গ্ৰহন কৰিব লাগে।

● বৃক্কৰ কাৰ্য্য- চমুকৈ কবলৈ গলে বৃক্কৰ আকৃতি ৰাজমাহ সদৃশ, ওজন পুৰুষৰ ক্ষেত্ৰত 150 গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত প্ৰায় 135 গ্ৰাম আৰু আকাৰ 10-12×5-7×2-3cm হয়, অবশ্যে Chronic Kidney Disease ৰোগীৰ কিডনিৰ আকাৰ সৰু হয়। কিডনিৰ প্ৰধান কাৰ্য্য -

১) প্ৰটিন জাতীয় খাদ্যৰ বিপাকীয় ক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰত উৎপন্ন হোৱা urea আৰু ammonia পেছাবৰ লগত বাহিৰ কৰা

২) খনিজ দ্ৰব্য যেনে Na+, K+, Ca+, PO4-, HCO3- ইত্যাদি ৰ ভাৰসাম্য ৰক্ষা কৰে।

৩) শৰীৰৰ ক্ষাৰ অম্লৰ সাম্যতা নিয়ন্ত্ৰণ কৰি ৰাখে। Chronic Kidney Disease ৰোগীৰ ক্ষেত্ৰত * Renal tubular Acidosis হোৱা দেখা যায়, যাৰ ফলত ৰোগীৰ অবস্থা সংকটজনক হব পাৰে।

৪) ৰক্ত কণিকা গঠনৰ বাবে প্ৰয়োজনীয় হৰমণ Erythopoietin উৎপাদন কৰে। Chronic Kidney Disease ৰোগীৰ বৃক্কৰ Erythropoietin উৎপাদন ক্ষমতা কমি যোৱাৰ ফলত ৰক্তহীনতাত ( Anaemia ) ভূগা দেখা যায়। যাক ঠিক কৰিবৰ বাবে বাহিৰৰ পৰা Erythopoietin দিব লগীয়া অবস্থা হয়।

৫) Renin - Angiotensin - Aldosterone প্ৰক্ৰিয়াৰে ৰক্ত চাপ নিয়ন্ত্ৰণ কৰে।

৬) বিভিন্ন হৰমণ যেনে - Calcitriol, Vitamin - D সক্ৰিয় কৰে।

◆ ক্ৰনিক কিডনী ৰোগীৰ ক্ষেত্ৰত বৃক্ক ই যেতিয়া সঠিক ৰূপত কাম কৰিব নোৱাৰে তেতিয়া আমাৰ শৰীৰত চডিয়াম ( Na+ ), পটাচিয়াম (K+), ফচফৰাচ (P) , ইউৰিয়া( urea ) , এমনিয়া ( ammonia ) ইত্যাদি বৃদ্ধি পাব পাৰে। তাৰ ফলত ক্ৰনিক বৃক্ক ৰোগত আক্রান্ত ৰোগী জনৰ অৱস্থা সংকট জনক হব পাৰে। ইউৰিয়া আৰু এমনিয়া হৈছে প্ৰটিন ৰ বিপাকীয় ক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰত উৎপন্ন বৰ্জ্য পদাৰ্থ। এই পদাৰ্থ সমূহৰ পৰিমান খাদ্য বিশেষে বেলেগ বেলেগ থাকে, কিছুমান খাদ্যত অধিক পৰিমাণে থাকে আৰু কিছুমান খাদ্যত কম পৰিমাণে থাকে।গতিকে এই খাদ্য সমূহৰ বিষয়ে বিতংকৈ জনাতো এজন জীৰ্ণ বৃক্ক ৰোগীৰ ( Chronic Kidney Disease ) বাবে অতি প্ৰয়োজনীয়। এই খাদ্য উপাদান আৰু খাদ্য বিশেষে তুলনামূলক পৰিমাণ তলত উল্লেখ কৰা হল-

★★(i) চডিয়াম ( Na+) যুক্ত আহাৰ :- 
=====================
চডিয়াম হৈছে নিমখৰ এটা অংশ।আমি খোৱা নিমখৰ ৰসায়নিক সংকেত হৈছে NaCl । স্বাভাৱিক ৰূপে কাৰ্য্যক্ষম বৃক্কই আমাৰ শৰীৰৰ পৰা অতিৰিক্ত চডিয়াম পেচাবত বাহিৰ কৰে। কিন্তু জীৰ্ণ বৃক্ক ৰোগীৰ ক্ষেত্ৰত বৃক্কৰ কাৰ্য্যক্ষমতা কমি যোৱাৰ বাবে অতিৰিক্ত চডিয়াম ভাগ বাহিৰ কৰিব নোৱাৰে।ফলত অতিৰিক্ত চডিয়ামৰ বাবে আমাৰ শৰীৰত জলীয় অংশ বেছিকৈ জমা হয় আৰু ৰক্তচাপ বৃদ্ধি কৰাৰ উপৰিও ভৰি আৰু মুখমণ্ডল ফুলি উঠে।সেয়েহে জীৰ্ণ বৃক্ক ৰোগীৰ ক্ষেত্ৰত দৈনিক চডিয়াম ৰ মাত্ৰা 2300 মিলি গ্ৰামত কৈ কমকৈ ব্যৱহাৰ কৰিব লাগে। চডিয়ামৰ তেজত স্বাভাৱিক মাত্ৰা 136-145 mmol/ L. বৰ্দ্ধিত চডিয়াম ৰ বাবে ৰক্তচাপবৃদ্ধি কৰে ফলস্বৰূপে কিডনী আৰু বেছি বেয়া হয়। আমি সচৰাচৰ ব্যৱহাৰ কৰা নিমখৰ উপৰিও কিছুমান প্ৰছেছদ ফুদ, ফাষ্ট ফুদ, পেকেট ফুদ আৰু কেনদ ফুদত অধিক পৰিমাণে চডিয়াম থাকে।

◆ তুলনামূলকভাৱে কম চডিয়াম থকা খাদ্য-
------------–---------------------――――----------
১) সতেজ শাকপাচলি, ফল মূল
২) চাউল, নুদুলচ্
৩) নিমখ নিদিয়াকৈ সিজোৱা গোমধান, ঘেহু ইত্যাদি।
৪) সতেজ মাংস, হাঁহ- কুকুৰা , ইত্যাদি
৫) কম চৰ্বি যুক্ত আৰু কম চডিয়াম থকা ছীজ
৬) নিমখ নিদিয়া বাদাম ইত্যাদি।

◆ তুলনামূলকভাৱে বেছি চডিয়াম থকা খাদ্য-
---------------------------------------------------------
১) নিমখ দি শুকুৱাই ৰখা মাংস যেনে- Bacon, Corned beef, Ham
২) মাংস নাইবা শাকপাচলিৰ চুপ
৩) হেমবাৰগাৰ ( পাউৰুটীৰে তৈয়াৰী এক প্ৰকাৰৰ বেকাৰী খাদ্য) , পানকেক মিক্স
৪) Canned bean, কেনদ্ মাছ মাংস হাহঁ কুকুৰা মংস।
৫) টেমাত অহা বিলাহীৰ খাদ্য সামগ্ৰী , টমেট চচ্
৬) আচাৰ
৭) নিমখ মিক্স কৰা ফ্ৰযেন খাদ্য
৮) পনীৰ, Cottage cheese
৯) জলফাই, আচাৰ
১০) চিপচ্ , কুৰকুৰে, নিমখ দিয়া বাদাম, নিমখ দিয়া বিস্কুট।
১১) চয়া চচ্ ।

তাৰোপৰি বহুতো পেকেট খাদ্য ত চডিয়াম মিহলাই থোৱা থাকে।সেয়ে পেকেট খাদ্য সমূহ খোৱাৰ আগতে তাত থকা চডিয়াম ৰ পৰিমাণ নিৰিক্ষণ কৰি লব লাগে। বেছি পৰিমাণে চডিয়াম থকা খাদ্য পৰিহাৰ কৰিব লাগে।পেকেট ত যদি Sodium Daily value (DV ) 5% বা কম হলে চডিয়াম কম পৰিমাণে থাকে আৰু DV 20% ত কৈ বেছি হলে চডিয়াম বেছি পৰিমাণে থাকে।

★★(ii)পটেচিয়াম যুক্ত আহাৰ ( Potassium ) 
============================

পটেচিয়াম এক প্ৰকাৰৰ খনিজ পদাৰ্থ যি আমাৰ শৰীৰৰ স্নায়ু আৰু মাংস পেশী সমূহে সূচাৰু ৰূপে কাম কৰাত সহায় কৰে। তেজত পটাচিয়ামৰ স্বাভাৱিক মাত্ৰ 3.5 -5 mmol/L । ক্ৰনিক কিডনী ৰোগীৰ ক্ষেত্ৰত অতিৰিক্ত পটাচিয়াম কিডনীয়ে বাহিৰ কৰিব নোৱাৰে।তেনে ক্ষেত্ৰত ৰোগীজনে Hyperkalemia ত ভূগিব পাৰে যি সময়ত ঘাতক ৰূপ লব পাৰে। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে এদিনত 4.7 গ্ৰাম পটাচিয়াম পৰ্যাপ্ত বুলি ধৰা হয়।

★Hyperkalemia এক মেডিকেল ইমাৰ্জেঞ্চি যাক অনতিপলমে চিকিৎসা নকৰিলে হৃদযন্ত্ৰ স্তব্ধ ( Cardiac Arrest ) হব পাৰে।Hyperkalemia ৰ বাবে আৰু হব পাৰে - Sinus Bradycardia, Sinus Arrest, Slow Idioventricular rhythms, Ventricular tachycardia, Ventricular fibrillation , Asystole . এই পৰিৱৰ্তন সমূহ ECG ত সহজেই ধৰা পৰে।

তাৰোপৰি বৰ্ধিত পটাচিয়াময়ে জীৰ্ণ বৃক্ক ৰোগীৰ ক্ষেত্ৰত * Metabolic Acidosis * সৃষ্টি হোৱাত বৰঙনি যোগায়। যাৰ ফলত ৰোগীৰ অৱস্থা অধিক সংকটজনক হয় । সেয়েহে জীৰ্ণ বৃক্ক ৰোগত আক্ৰান্ত ৰোগীয়ে পটাচিয়াম বেছি থকা খাদ্য এৰাই চলিব লাগে।
তুলনামূলকভাৱে কম পটাচিয়াম আৰু বেছি পটাচিয়াম থকা খাদ্য বস্তুৰ তালিকা তলত দিয়া হৈছে।

◆ পটাচিয়াম কম পৰিমাণে থকা ফলমূল - শাকপাচলি ( 200 mg or less / serving )
---------------------------------------------------------------
● ফলমূল:- আপেল, এপ্ৰিকট ( canned) , জামুন, barries, ক্ৰেনবেৰি, আঙুৰ, নেমু, মৌচুমী, আম, অমিতা, প্লাম, নাচপতি, নৰাবগৰী, মাটিকঠাল, সুমঠিৰা, তৰমুজ, rhubarb, tangerines 
● শাকপাচলি :- বাহঁ গাজ, বন্ধাকবি, গাজৰ, ফুলকবি, পিয়াঁজ, celery, alfalfa sprouts, মাকৈ, তিয়হ, বেঙেনা,Kale/ leaf cabbage, চালাদ পাত, ভেণ্দী , summer squash/ zucchini. |

◆পটাচিয়াম বেছি পৰিমাণে থকা ফলমূল - শাকপাচলি ( 200 mg or more / serving )
----------------------------------------------------------
● ফলমূল :- সতেজ এপ্ৰিকট, কল, খেজুৰ, কিৱি, কিচমিচ, কমলা, cantaloupe ( এক প্ৰকাৰৰ সৰু তৰমুজ, nectrines, prunes
● শাকপাচলি :- বিন , বীট, ব্ৰকলি ( সিজোৱা) , এভকডা, corn and butternut squash, brussels spourts cooked, জলকীয়া, মাচৰুম ( সিজোৱা) , আলু, ৰঙালাও, পালেং, বাকলি গুচোৱা মটৰ, মচুৰ দালি, মিঠা আলু, শিমলু আলু, বিলাহী।

★★ (iii) ফচফৰাচ যুক্ত খাদ্য :- 
""""""""""""""""""""""""""""'
ফচফৰাচে আমাৰ শৰীৰৰ হাড় সমূহ সুস্থ সবল কৰি ৰাখে তাৰোপৰি ৰক্ত নলিকা আৰু মাংস পেশী সমূহ সূচাৰু ৰূপে কাম কৰাত সহায় কৰে। কিন্তু জীৰ্ণ বৃক্ক ৰোগীৰ ক্ষেত্ৰত বৃক্ক ই অজৈৱ ফচফেট সঠিকভাৱে নিষ্কাষিত কৰিব নোৱাৰে ফলত তেজত অজৈৱিক ফচফেট ৰ ( PO4^3- ) বৃদ্ধি পায়। এই বৰ্দ্ধিত ফচফেট য়ে হাইপাৰপেৰাথাইৰইডিজিম আৰু হাইপকেলচিমিয়া ( Hypocalcemia - খাদ্যৰ কেলচিয়াম শোষণ কৰিব নোৱাৰি তেজত কেলচিয়াম কম হোৱা এক অৱস্থা) । ইয়াৰ ফলত Osteitis fibrosa cystica, Osteomalacia, অথবা Adynamic bone Disease উৎপন্ন হব পাৰে। তাৰোপৰি বৰ্দ্ধিত ফচফৰাচৰ বাবে খজুৱতি আৰু গাঠিৰ বিষ হব পাৰে। সেয়ে জীৰ্ণ বৃক্ক ৰোগীয়ে কম পৰিমাণে ফচফৰাচ থকা খাদ্য গ্ৰহণ কৰিব লাগে। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে এদিনত 700 মিলি গ্ৰাম ফচফৰাচ পৰ্যাপ্ত বুলি ধৰা হয়। তেজত ফচফৰাচ ৰ স্বাভাৱিক মাত্ৰ 2.4- 4.1 mg /dl । 
তুলনামূলকভাৱে কম ফচফৰাচ আৰু বেছি ফচফৰাচ থকা খাদ্য বস্তুৰ তালিকা তলত দিয়া হৈছে।

◆ ফচফৰাচ কম পৰিমাণে থকা খাদ্য :- 
-----------------------------------------------------
১) সতেজ ফল, আৰু শাকপাচলি
২) ব্ৰেদ, পাচতা , চাউল
৩) মাকৈ

◆ ফচফৰাচ বেছি পৰিমাণে থকা খাদ্য :- 
-----------------------------------------------------
১) মাংস , মাছ, হাহঁ- কুকুৰা
২) গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী
৩) বিন, দালি, বাদাম
৪) Oatmeal, Bran Cereals
৫) কলা, শীতল পনীয়া
তাৰোপৰি বহুতো পেকেট খাদ্য ত ফচফৰাচ থাকে।সেয়ে পেকেট খাদ্য সমূহ খোৱাৰ আগতে তাত থকা ফচফৰাচ ৰ পৰিমাণ নিৰিক্ষণ কৰি লব লাগে।

★★ প্ৰটিন যুক্ত আহাৰ :-
=============
প্ৰটিন ৰ বিপাকীয় ক্ৰিয়া ৰ ফলত urea আৰু ammonia উৎপন্ন হয় । জীৰ্ণ বৃক্ক ৰোগীৰ কিডনিৰ য়ে এই urea আৰু ammonia নিষ্কাষিত কৰিব নোৱাৰে ফলত Azotemia ত ভূগিব পাৰে ।প্ৰটিন হৈছে আমাৰ খাদ্যৰ পোষক তত্ত্ব ৰ এক অপৰিহাৰ্য্য অংশ | এই প্ৰটিন সমূহ কিছুমান সূক্ষ্ম এককেৰে গঠিত যাক এমাইনো এচিড বুলি কোৱা হয়। মানুহৰ শৰীৰৰ বাবে মুঠ 24 এমাইনো এচিডৰ প্ৰয়োজন আৰু তাৰে মুঠ 9 বিধ এমাইনো এচিড আমি কেৱল খাদ্যৰপৰা পাও বাকী কেইবিধ এমাইনো এচিড আমাৰ শৰীৰে উৎপাদন কৰে | এই 9 বিধ এমাইনো এচিড ক Essential Amino Acid বোলা হয় কাৰণ এই কেইবিধ আমি কেৱল খাদ্যৰপৰা হে পাও | প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষক তত্ত্ব | প্ৰটিন ৰ দ্বাৰা শৰীৰৰ গঠন হোৱা ৰ উপৰিও, অচমটিক প্ৰেছাৰ সন্তুলন কৰে আৰু শৰীৰৰ এণ্টিবডি, হিমগ্লবিন, এনজাইম, হৰমণ, তেজ গোট মৰা তত্ব ( Coagulation factor) ইত্যাদি গঠনৰ বাবে প্ৰটিনৰ আৱশ্যক। সাধাৰণতে এজন সুস্থ মানুহৰ বাবে দৈনিক প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে 1গ্ৰাম প্ৰটিনৰ প্ৰয়োজন |

যদিও প্ৰটিন আমাৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয় পোষক দ্ৰব্য তথাপিও জীৰ্ণ কিডনি ৰোগীৰ ক্ষেত্ৰত পৰিমাণতকৈ অধিক প্ৰটিন জাতীয় খাদ্য গ্ৰহণ কৰিলে তাৰ পৰা শৰীৰৰ ক্ষতি হোৱাৰ হে দেখা যায় | সেয়েহে জীৰ্ণ কিডনি ৰোগীৰ (Chronic Kidney Disease) ক্ষেত্ৰত প্ৰটিন জাতীয় খাদ্যৰ পৰিমাণ সীমিত কৰা হয়। প্ৰটিন জাতীয় খাদ্য সীমিত কৰাৰ ফলত Chronic Kidney Disease ৰোগীৰ ইউৰেমিয়াৰ জতিলতা কম কৰাৰ লগতে বৃক্কৰ নেফ্ৰনৰ ওপৰত হোৱা ক্ষতি কম হয় , অৰ্থাৎ বৃক্কৰ বিফলতাৰ হাৰ কমাই। নেফ্ৰন হৈছে বৃক্কৰ কাৰ্য্যকৰী একক | এই দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ সকলো বৃক্ক ৰোগীৰ ক্ষেত্ৰত একে নহয়| Chronic Kidney disease ৰ পৰ্য্যায় অনুসৰি দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ বেলেগ বেলেগ হয়।

Stage 1 আৰু 2 ৰ বাবে প্ৰটিন জাতীয় খাদ্যৰ ওপৰত কোনো বাধা নাই , এজন সুস্থ মানুহৰ বাবে প্ৰয়োজনীয় হিচাপত ব্যৱহাৰ কৰিব পাৰে |
Stage 3 ৰ ক্ষেত্ৰত - 0.6 গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, তাৰে >= 0.35 গ্ৰাম high biological value protein
Stage 4 আৰু 5 ক্ষেত্ৰত - 0.6 গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, তাৰে >= 0.35 গ্ৰাম high biological value protein 
GFR <60 ml/min per 1.73m² ( নেফ্ৰটিক চিনড্ৰম) - 0.8 গ্ৰাম গ্ৰাম প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰতি দিনে, লগতে 1গ্ৰাম প্ৰটিন প্ৰতি গ্ৰাম প্ৰটিনওৰিয়া বিপৰীতে |
ইয়াৰ উপৰিও Essential Amino Acid বেলেগ কৈ দি দৈনিক খাদ্য ৰ প্ৰটিন ৰ পৰিমাণ কম কৰিব পাৰি |
তাৰোপৰি এই প্ৰটিন জাতীয় খাদ্য সমূহ বাছনি কৰোতেও বেছি পৰিমাণে Essential Amino Acid থকা খাদ্য হে সংযোজন কৰিব লাগে |
উদাহৰণ স্বৰূপে এজন 60 কিলোগ্ৰাম ওজনৰ Stage 3 Chronic Kidney Disease ৰোগীৰ দৈনিক প্ৰয়োজনীয় প্ৰটিন ৰ পৰিমাণ হব 60*0.6 গ্ৰাম = 36 গ্ৰাম, তাৰে 60×0.35 গ্ৰাম = 21 গ্ৰাম প্ৰটিন হব লাগিব High Biological value protein. 
সচৰাচৰ ব্যবহৃত খাদ্য সামগ্ৰী আৰু তাৰ পৰা প্ৰতি 100 গ্ৰাম ত উপলব্ধ প্ৰটিন ৰ পৰিমাণ তলত উল্লেখ কৰা হৈছে :
ছাগলীৰ মাংস = 21.4 গ্ৰাম
কুকুৰাৰ মাংস ছাল অবিহনে = 20 গ্ৰাম প্ৰায়
মাছ = 19.5 গ্ৰাম
কুকুৰাৰ কণী = 13.3 গ্ৰাম
গৰুৰ গাখীৰ = 3.2 গ্ৰাম
দালি = 21.0 গ্ৰাম
চাউল = 7 গ্ৰাম
আলু = 1.6 গ্ৰাম
কল = 0.7 গ্ৰাম
* বাকলি গুচোৱা ডাঙৰ আকাৰৰ দুটা কুকুৰাৰ কণী ৰ ওজন প্ৰায় 100 গ্ৰাম হব |

পৰাপক্ষত বৃক্ক ৰোগীয়ে অভিজ্ঞ চিকিৎসক অথবা নেফ্ৰলজিষ্ট নতুবা ডাইটেচিয়ানৰ পৰামৰ্শ মতে খাদ্য বস্তু নিৰ্বাচন আৰু পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে।

ডাঃ ব্ৰিন্সি বৰুৱা, ধেমাজিত কৰ্মৰত আয়ুৰ্বেদিক মেডিচিনৰ এম.ডি., তেখেতৰ ফোন নম্বৰঃ  8011676392

সুখ-দুখৰ অন্যান্য স্বাস্থ্য সম্পৰ্কীয় লেখাৰ বাবে একত্ৰ লিংকঃ

1 comment: