তাজাখবৰঃ CABৰ বিৰোধিতাঃ সন্মান ঘূৰাই দি নজিৰ দেখুওৱা চহিদৰ পৰিয়ালকো পইচা ঘূৰোৱাৰ প্ৰত্যাহ্বানেৰে কটাক্ষ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ CABৰ বিৰোধিতাঃ সন্মান ঘূৰাই দি নজিৰ দেখুওৱা চহিদৰ পৰিয়ালকো পইচা ঘূৰোৱাৰ প্ৰত্যাহ্বানেৰে কটাক্ষ

তাজাখবৰঃ CABৰ বিৰোধিতাঃ সন্মান ঘূৰাই দি নজিৰ দেখুওৱা চহিদৰ পৰিয়ালকো পইচা ঘূৰোৱাৰ প্ৰত্যাহ্বানেৰে কটাক্ষ

Share This
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে আজি অসম আন্দোলনৰ বহু চহিদ পৰিয়ালে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ যোগেদি, মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰদান কৰা সন্মান উভতাই দি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০টা চহিদ পৰিয়ালে লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ লতাশিলত থকা “শ্বহীদ ন্যাস”ৰ পৰা সমদল কৰি  উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। উল্লেখযোগ্য যে, যোৱা ২০১৬ চনৰ ১০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতে প্ৰদান কৰিছিল চহিদক দিয়া সন্মান। এই বঁটাৰ লগত প্ৰদান কৰা ৫ লাখ টকাও প্ৰয়োজন সাপেক্ষে ঘূৰাই দিব বুলি স্পষ্ট কৰি দিলে শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে।

“সৰ্বানন্দ সোণোৱালে চহিদৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰিলে। গতিকে তেওঁ চহিদক দিয়া সন্মান ঘূৰাই দিয়া হ’ল।চহিদৰ আত্ম বলিদানৰ ফলত স্বাক্ষৰিত হৈছিল অসম চুক্তি। চুক্তিৰ ৫ নং দফাত উল্লেখ আছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী লোকেই অসমৰ পৰা বহিস্কৃত হ’ব লাগিব। তাকে নকৰি ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি বাহিৰৰ পৰা মানুহ আনি অসমত সংস্থাপিত কৰি হিন্দুত্ববাদেৰে অসমত কাম কৰিব বিচাৰিছে। বিধেয়কখনে ভাৰতীয় সংবিধানখনৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক আঘাত হানিছে।  ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী কৰি চহিদসকলক অপমান কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব। সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদেশী বহিস্কাৰ আন্দোলনৰ গুৰি ধৰিছিল। সেইজন সৰ্বানন্দ সোণোৱালে আই এম ডি টি আইন বাতিল কৰি জাতীয় নায়ক উপাধি লাভ কৰিছিল। তেওঁ নায়ক নহয়, তেওঁ খলনায়ক হ’বলৈ গৈ আছে,” এই বক্তব্য প্ৰদান কৰিছে পৰিষদৰ সভাপতি ৰাজেন ডেকাই।

সৰ্বানন্দ সোণোৱালৰ সৈতে চহিদ পৰিয়ালসমূহে বিধেয়ক সন্দৰ্ভত ৫বাৰকৈ আলোচনাতো বহিছিল যদিও ফল নধৰিল। তাৰ পাছতেই বঁটা ঘূৰাই দিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। লগতে, গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন জিলা সমূহটো পৰিয়ালসমূহে উপায়ুক্তৰ জৰিয়তে চহিদক দিয়া সন্মান ঘূৰাই দিয়াৰ অভিনৱ কাৰ্যসূচী পালন কৰে।

আনফালে, চ'ছিয়েল মেডিয়াত শাসকীয় দলৰ সমৰ্থকে এই চহিদ পৰিয়ালৰ প্ৰতিবাদকো কটাক্ষ কৰিবলৈ এৰা নাই। আনকি 'টকা কিয় ঘূৰাই দিয়া নাই' বুলিহে অশোভনীয় মন্তব্য কৰিছে। এটা টিভি চেনেলৰ মূৰব্বী স্বৰূপ এগৰাকী ব্যক্তিয়ে আকৌ 'নিৰ্বাচনৰ আগে আগে বঁটা কিয় উভটাইছে বঁটা' বুলিও প্ৰশ্ন তুলিছে। ৰাজ্যৰ শাসনত থকা দলে, অসমৰ জাতীয় জীৱনলৈ নিজৰ সন্তানৰ ত্যাগেৰে অৰিহণা যোগোৱা পৰিয়াল সমূহকো বিমুখ কৰাৰ বিপৰীতে সমৰ্থকে 'পইছা উভতাবলৈ দিয়া প্ৰত্যাহ্বানেও' দলটোৰ ভিতৰচৰাৰ আঁকোৰগোজ মনৰ লগতে অহং ভাৱহে প্ৰকাশ কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰিছে।

সিদিনা নলবাৰীত আছুৰ পতাকা গচকা কাৰ্যৰে জাতীয়তাবাদী ডেকাশক্তিক উত্তেজিত কৰাৰ পাছত আজি তিনিচুকীয়াত আছু তথা আন জাতীয়তাবাদী ডেকাৰ হাতত শাৰিৰীকভাৱে অপদস্ত হব লগা হয় বিজেপি দলৰ জিলা সভাপতিও। উল্লেখনীয় যে, গুৱাহাটীত হোৱা ৰাষ্ট্ৰীয় স্বয়কসেৱক সংঘৰ সভাই CABৰ মুকলি সমৰ্থন কৰাৰ লগতে বিৰোধিতা কৰা সকলৰ সৈতে সংঘৰ সদস্যই সংঘাতত লিপ্ত হোৱাৰো ইংগিত প্ৰকাশ কৰিছিল। পিছে এনে হিংসাত্মক সংঘাত এৰাই চলি শান্তিপূৰ্ণ ভাৱেহে CABৰ বিৰোধিতা কৰি যোৱাৰ বাবেহে সচেতন মহলে আহ্বান জনাইছে। আনফালে আজি শিৱসাগৰত কৰ্মচাৰী পৰিষদেও প্ৰতিবাদী ধৰ্ণাৰে CAB ৰ বিৰোধিতা কৰে।

No comments:

Post a Comment