তাজাখবৰঃ আছু-জুবিনৰ 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'ত কঁপিল গুৱাহাটী: CAB বাতিল কৰিবলৈ খিলঞ্জীয়াই দিলে শেষ সঁকিয়নী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ আছু-জুবিনৰ 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'ত কঁপিল গুৱাহাটী: CAB বাতিল কৰিবলৈ খিলঞ্জীয়াই দিলে শেষ সঁকিয়নী

তাজাখবৰঃ আছু-জুবিনৰ 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'ত কঁপিল গুৱাহাটী: CAB বাতিল কৰিবলৈ খিলঞ্জীয়াই দিলে শেষ সঁকিয়নী

Share This
সদৌ অসম ছাত্ৰ সন্থাৰ 'খিলঞ্জীয়াৰ বজ্ৰ নিনাদ' কাৰ্যসূচীত কঁপি উঠিল গুৱাহাটীৰ লতাশিল খেল পথাৰ।  আছুসহ ৩০ সংগঠনে আয়োজন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ‘খিলঞ্জীয়াৰ বজ্ৰনিনাদ’ত জুবিন গাৰ্গেও সমৰ্থক অনুৰাগীৰ সৈতে অংশ লয়। যদি এই বিধেয়ক গৃহীত হয়, তেন্তে অসমৰ অস্তিত্ব নাথাকিব বুলিও মন্তব্য কৰিলে জুবিন গাৰ্গে। ৰাইজৰ সতে মাটিত বহি সপত্নীক অংশ লয় শিল্পীজনে। 

অতি তীক্ষ্ন ভাষাৰে আজি আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে আছুৰ প্ৰাক্তন সভাপতি তথা এতিয়াৰ মুখ্য মন্ত্ৰী সোণোৱালক একবিংশ শতিকাৰ “মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী” বুলি আখ্যা দিয়ে। আছুৰ অতীতক সোণোৱালে কেনেকৈ পাহৰিছে বুলিও তেওঁ প্ৰশ্ন তোলে। ছাত্ৰ সমাজে আন্দোলন কৰিব নোৱাৰিব বুলি কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সঁকিয়নি প্ৰদান কৰাৰ পিছতে জঁকি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যও। আজি লতাশীল খেলপথাৰত অনুষ্ঠিত হোৱা বজ্ৰনিনাদ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি তীব্ৰ ভাষাৰে কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সোনোৱালক।  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত ঐতিহাসিক লতাশীল খেলপথাৰত জন্ম হোৱা আছুৰ একালৰ সভাপতিগৰাকীৰ এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক আৰু ৰাইজক ক্ষমা খুজিবলৈকে আহ্বান জনায় সোনোৱালদেৱক। দিল্লী-দিছপুৰৰ প্ৰতিটো শোষণৰ বিৰুদ্ধে আজিৰ ছাত্ৰ সমাজ বেছি সজাগ। ছাত্ৰ সমাজৰ কথা দিল্লী-দিছপুৰে শুনিবই লাগিবই, এই কথা স্পষ্ট কৰি দিলে সমুজ্বল ভট্টাচাৰ্যই। 


বিজেপি চৰকাৰে লোকসভাত পাছ কৰোৱা বিধেয়কখনৰ বিৰুদ্ধে “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ত ভাগ ল’বলৈ বুধবাৰে পুৱাৰ পৰাই  ছাত্ৰ-ছাত্ৰী, যুৱচাম, সাহিত্যিক-শিল্পী-সাংবাদিক-বুদ্ধিজীৱী-শিক্ষাবিদ সকল ওলাই আহে। উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন নেছৰ প্ৰতিনিধিৰ লগতে আবছুৰ সাধাৰণ সম্পাদক প্ৰমোদ বড়োকে ধৰি ভিন্ন জনগোষ্ঠীয় ছাত্ৰ-সংগঠনৰ নেতা সকলেও অনুষ্ঠানত নিজা নিজা বক্তব্য দাঙি ধৰি এই জাতিধ্বংসী বিধেয়কৰ বিৰোধ কৰে। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সংগ্ৰামৰ বিকল্প নাই বুলি লতাশিলত মন্তব্য কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে। লগতে তেখেতে, আমি সংগ্ৰামী জাতি, সংগ্ৰাম কৰিয়েই যাব লাগিব। আমি গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম আদিসকলৰ আদৰ্শ পাহৰিলে নহ’ব। অসমৰ খিলঞ্জীয়া জাতিসত্বাৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি যাবই লাগিব বুলিও মত প্ৰকাশ কৰে।  নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱাই কয়, “এই বিধেয়ক সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ পৰিপন্থী। উত্তৰ-পূবৰ ৰাইজে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছে। উত্তৰ-পূবৰ মানুহৰ আন্দোলনক গুৰুত্ব নিদি বিজেপিয়ে বিধেয়ক লোকসভাত গৃহীত কৰালে। এতিয়া ৰাজ্যসভাত গৃহীত কৰোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰিম।” উল্লেখযোগ্য যে, অসমৰ লগতে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ এনে প্ৰৱল বিৰোধৰ পিছতো বিধেয়কখনৰ পক্ষত অদমনীয় স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,  কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ। সকলোৱে এই স্থিতিৰ প্ৰৱল বিৰোধিতা কৰিছে। ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে, বিধেয়ক বাতিল নকৰিলে ১ ফেব্ৰুৱাৰিৰ পাছত অসমৰ জনজাতীয় এলেকাত শাসকীয় গেৰুৱা দলৰ নেতা-কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে। স্বৰচিত এটি কবিতাৰে  বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনালে অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে। এটি গানেৰে প্ৰতিবাদ জনালে শিল্পী মহেন্দ্ৰ হাজৰিকাই। 


“বিদেশী আনিলে কি হ’ব সেই কথা সৰ্বানন্দ সোণোৱালে ভালকৈয়ে জানে। কাৰণ তেওঁ জাতীয় জীৱনক বহুদিন নেতৃত্ব দিছিল। কিন্তু তেওঁ গাদী ৰক্ষাৰ স্বাৰ্থত সকলো পাহৰি গৈছে।” বুলি মন্তব্য কৰে দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱাই। আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে, বিধেয়কখনৰ জৰিয়তে শাসকীয় গেৰুৱা দলে ভাৰতীয় গণতন্ত্ৰকে কবৰস্থ কৰিব খোজাৰ ভয়ংকৰ আশংকাও ব্যক্ত কৰে । তেওঁৰ কয় যে- “বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে ভাৰতৰ সংবিধানৰ পৰিৱৰ্তন ঘটাব বিচাৰিছে। এই পৰিৱৰ্তনৰ জৰিয়তে ভাৰতত হিটলাৰৰ নিচিনা নিৰ্বাচন নপতা এটা ব্যৱস্থা কৰিব পাৰিব। এই আইন সংশোধন হ’লে হিন্দু বাচিব, মুছলমানো বাচি যাব, কিন্তু নাবাচিব অসমীয়া জাতি আৰু ভাষা। সন্ধিয়া পৰ্যন্ত চৰকাৰ বিৰোধী ধ্বনিৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে লতাশিল খেলপথাৰ নিনাদিত হৈ আছে। এই অনুষ্ঠানত হাজাৰ হাজাৰ লোকে অংশ লোৱা বুলি জানিব পৰা গৈছে। এই প্ৰতিবাদী কাৰ্যসূচীতে, এই জাতিধ্বংসী বিধেয়ক আনিলে 
বিজেপিক শাসনচ্যুত কৰিবলৈ ৰাইজ একত্ৰিত হোৱাৰ বাহিৰে বিকল্প নাই বুলিও সচেতন ৰাইজে মন্তব্য কৰিছে বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰিেলেসদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জাতীয় সংগঠনে। কাইলৈৰ পৰা সমগ্ৰ অসমক নাগৰিকত্ব সংশোধনী বিধেয়ক কিমান ভয়ংকৰ তাৰ বিষয়ে সজাগতা ৰাজ্যজোৰা কাৰ্যসূচী গ্ৰহণ কৰিব আৰু লগতে এই বিধেয়ক গৃহীত হ'লে খিলঞ্জীয়া অসমীয়া কি সমস্যাৰ সন্মুখীন হ'ব তাৰবাবে সমগ্ৰ অসমৰ গাঁও, নগৰ, চহৰৰ লগতে অঞ্চলে অঞ্চলে আয়োজন কৰিব গাঁওসভা আৰু ৰাইজমেল কাৰ্যসূচী। এই কাৰ্যসূচীৰ নেতৃত্ব ল'ব সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে। এই সৰ্বাত্মক প্ৰতিবাদে চৰকাৰক কিদৰে লয় সেয়াহে অনাগত দিনত লক্ষণীয় হব।

2 comments: