লোকেল গুজৱ.কমঃ হাস্য-ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কমঃ হাস্য-ব্যংগৰে সত্যৰ সন্ধান

লোকেল গুজৱ.কমঃ হাস্য-ব্যংগৰে সত্যৰ সন্ধান

Share This
১. অসমৰ টিআৰপি ষ্টাৰ চিলাদিত্য দেউৰ চেলবেল কথাৰ বাইট নোপোৱাৰ বাবে সদৌ অসম চেনেল সংঘৰ সাংবাদিকৰ মাজত গণ-বিমৰ্ষতাই বিৰাজ কৰাৰ শীতল বাতৰি।

২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ পাছ কৰিবলৈ দৌতা ঈশ্বৰে হেতাউপৰা কৰাৰ খবৰ পোৱাৰ পাছত এতিয়া  সদৌ অসম হাতী পৰিষদে "ৰাজপাটৰ শেষ চেলেক" নামৰ এখন নাটক মঞ্চস্থ কৰিবলৈ ওলাব বুলিও বাতৰি প্ৰকাশ পাইছে। অতুলনীয় বৰাৰ অভিনয়ৰ লগতে কেছসৱ মহন্তয়ো ভোবোৰা কাটি নিমজ হৈ দেখা দিব বুলি জানিব পৰা গৈছে।

৩. আকৌ আহিল সুখবৰ। দশকৰ পাছত পুনৰ অসম বন্ধ দিবলৈ ওলাইছে ছাত্ৰ চংস্থা! আমিও আছো, আমিও আছো বুলি এতিয়া সংকটাপন্ন অৱস্থাত অৱশেষত বন্ধৰ আহ্বান জনোৱাৰ বাবে সদৌ অসম বন্ধ প্ৰদেশ নাগৰিক সন্থাই সন্তোষ প্ৰকাশ কৰিছে। 

৪. সদৌ অসম বৃদ্ধ ছাত্ৰ সন্থাই জাতীয় নালায়ক খিতাপৰ বাবে মুকলি আবেদন আহ্বান কৰিছে। এই খিতাপৰ বাবে ফোঁটাধাৰী ডেইলী-এনজয় বোপাৰ নাম গুণাগঁথাৰ শীৰ্ষত থকা বুলিও গোপন সূত্ৰত প্ৰকাশ পাইছে।

৫. চংচদত কাগজৰ প্লেন উৰাই নতুন অভিলেখ গঢ়িলে অচমৰ বিধান চভা ভঙাৰ ভাচণ দিয়া চাংচদ সুমতি হেৰোৱা দেৱীয়ে। বৰাক-ব্ৰহ্মপুত্ৰ বিভেদ সিঁচাৰ ক্ষেত্ৰতো তেখেতে নতুন নতুন অভিলেখ গঢ়াৰ বাবে নতুন বছৰত শপত লৈছে বুলিও গোপন সূত্ৰত প্ৰকাশ।

৬. শিলচৰত হাত চাপৰি বজোৱাৰ নেতাৰ এখন বিশেষ তালিকা সদৌ অসম জাতিপ্ৰেমী সংস্থাই প্ৰস্তুত কৰি থকাৰ কথা প্ৰকাশ কৰিছে গোপনখবৰ.কমে। অনাগত দিনত ৰাজনৈতিক ভাৱে চিটিকনিৰ সুখ দিবৰ বাবে এই তালিকা ব্যৱহাৰ কৰা হব বুলিও জানিব পৰা গৈছে।

৭. সদৌ ভাৰত নিৱনুৱা সন্থাক এনেয়ে বহি নাথাকি 'ভক্ত সংঘৰ অনলাইন যোদ্ধা' পদত নিজকে স্বেচ্ছাসেৱী ৰূপে নিযুক্ত কৰি ভক্তপ্ৰাণ জনতাৰ সৈতে বিলীন হবলৈ আহ্বান জনাইছে ইণ্ডিয়ান অন্ধ-ভক্ত যুৱ পৰিষদে। কৰ্মত লাগি থাকিলেহে নিবনুৱা সকলেও কৰ্মহীনতাৰ যন্ত্ৰণা পাহৰি থাকিব পাৰিব বুলিও যুৱ পৰিষদে স্পষ্ট কৰি দিছে।

৮. 'ভাল দিন আহিলে ঐ জান' নামৰ বিহুগীতে বগীবিলৰ পাৰ কঁপাই তোলা বুলি সদৌ উজনি পিকনিক পাৰ্টি সন্থাই প্ৰকাশ কৰিছে। বগীবিল দলঙক ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ চেল্ফি পইণ্ট বুলি ঘোষণা কৰিবলৈকো জুকাৰবাৰ্গ ককাইদেউলৈকো এখনি স্মাৰক পত্ৰ সন্থাই পঠাইছে বুলি জানিব পৰা গৈছে।

৯. অসমত অসমীয়াৰ জাতীয় অস্তিত্ব সংকটত পৰাৰ উপলক্ষে সদৌ অসম চেনেল সংঘই মানুহৰ মানসিক শংকা দূৰীকৰণৰ বাবে প্ৰতিটো সন্ধিয়া গীতে-মাতে ভৰাই পেলোৱাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। 'ৰাম ভৰোচে দেশ চলিব', গতিকে চিন্তাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰি সংঘই ৰাজনীতিৰ কথা চিন্তা কৰি সময় খেদোৱাতকৈ ৰাইজে বিহুবলীয়া হৈ ডেইলী এনজয় কৰি থকাই বেছি ভাল হব বুলিও প্ৰকাশ কৰিছে। গতিকে সন্ধিয়া আঠৰ গৰম আলোচনাতকৈ জুই-তাপ লৈ বহু নচাৰ  প্ৰগ্ৰাম দি গা-সাতখন আঠখন কৰাই উত্তম বুলি দৃঢ়তা প্ৰকাশ কৰিছে।

১০. অকিল গগৈৰ সত্তৰ আৰু সমু ভট্টৰ ৩০টা সংগঠনে অসমক এক নতুন চেঞ্চুৰীৰ  অভিলেখৰ অধিকাৰী কৰি তুলিছে। সেই উপলক্ষত লিমকা বুক অৱ ৰেকৰ্ডছে অনশন স্থলী সমূহত অচিৰেই বিনামূলীয়া লিমকা বিতৰণ কৰাৰ সুবিধা কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে। 

No comments:

Post a Comment