ভাৰতবর্ষৰ স্বাধীনতাৰ ইতিহাস অধ্যয়ণ কৰিলে দেখা যায় যে মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্না যদিও মুছলমানসকলৰ বাবে এক পৃথক ৰাষ্ট্ৰৰ পৃষ্টপোষকতা কৰিছিল কিন্তু ভাৰতৰ সৰহ সংখ্যক সাধাৰণ মুছলমানে তেনে ভাৱধাৰাৰ লগত সহমত পোষণ কৰা নাছিল। জিন্নাৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি মুছলীম লীগৰ সদস্য হিচাপে নহয় বৰঞ্চ এজন কংগ্রেছী হিচাপেহে হৈছিল। ১৯১৬ চনত যেতিয়া জিন্নাই মুছলীম লীগ আৰু কংগ্রেছৰ মাজত স্বাধীনতা সংগ্রামত একেলগে আন্দোলন কৰাৰ বাবে এক চুক্তিৰ মধ্যস্থতা কৰি আছিল তেতিয়া তেওঁ নিজকে এক কট্টৰ কংগ্রেছী বুলি কৈছিল আৰু তেওঁ কোনো ধৰণৰ বিভাজনমূলক ৰাজনীতিক সমর্থন নকৰে বুলি স্পষ্টকৈ কৈছিল।
কিন্তু ১৯২০ চনত মহাত্মা গান্ধীৰ লগত জিন্নাৰ মতৰ অমিল ঘটে। অসহযোগ আন্দোলনৰ প্রক্রিয়াৰ ক্ষেত্রত গান্ধীৰ লগত জিন্নাৰ লগত মতভেদ হল আৰু এই মতভেদৰ বাবেই তেওঁ কংগ্রেছ ত্যাগ কৰে। কিন্তু জিন্না সেই সময়তো এক কট্টৰ ইছলামিক মৌলবাদী নেতা নাছিল। আনকি ১৯২৮ চনত মুছলমানসকলক ব্রিটিছে দিয়া পৃথক নির্বাচকমণ্ডলী বাদ দিয়াৰ বাবে জিন্নাই মুছলমান সকলক পৰামৰ্শ দিছিল আৰু তাৰ ঠাইত মুছলমানসকলৰ বাবে এক তৃতিয়াংশ আসন সংৰক্ষণৰ মানি লোৱাৰ পোষকতা কৰিছিল। পিছে তেওঁৰ এই পৰামৰ্শ কংগ্রেছ আৰু লীগৰ নেত্রীবৃন্দ কোনেও মানি নললে।
১৯৩৭ চনত ইউনাইটেড প্রভিঞ্চ (আজিৰ উত্তৰ প্রদেশ) ৰ প্রাদেশিক নির্বাচনত মুছলীম লীগে খুব ভাল ফলাফল দেখুৱাব পৰা নাছিল। সেই নিৰ্বাচনত কংগ্রেছে অধিক আসন লাভ কৰাৰ ফলত মুছলীম লীগৰ সহায় অবিহনেই চৰকাৰ গঠন কৰিব পাৰিছিল। তাৰ পিছৰে পৰা জিন্নাৰ মনত এই ধাৰণা গঢ় লব ধৰিলে যে সংখ্যাগৰিষ্ঠতাৰ ৰাজনীতিত মুছলমানসকল ৰাজনৈতিক শক্তিৰ পৰা বঞ্চিত হব আৰু এই ধাৰণাৰ ভিত্তিতে তেওঁ দ্বৈত ৰাষ্ট্রৰ ধাৰণা আগবঢ়াইছিল। তেওঁৰ মতে হিন্দু আৰু মুছলমান দুটা পৃথক সাংস্কৃতিক জাতি আৰু মুছলমানসকলৰ সামগ্রিক উন্নতিৰ বাবে এটা পৃথক ৰাজ্য অনিবার্য্য।
পিছে জিন্নাৰ এই ধাৰণা স্বাধীনতাৰ সময়তো সকলো ভাৰতীয় মুছলমানে মানি লোৱা নাছিল। ১৯১৯ চনত গঠিত হোৱা জমিয়ত উলেমা ই হিন্দে বিশ্বাস কৰিছিল যে ভাৰতবর্ষৰ সাম্প্রদায়িক সম্প্রীতিৰ এক অভিন্ন অংগ হল মুছলমানসকল। জমিয়ত উলেমা ই হিন্দে ব্রিটিছ ঔপনিবেশিকতাবাদৰ বিৰোধিতা কৰাৰ লগতে এটা সংযুক্ত ভাৰতবর্ষ বিচাৰিছিল। তেওঁলোকে মুছলমানসকলৰ বাবে পৃথক ৰাজ্যৰ গঠনৰ বিৰোধিতা কৰিছিল। এই সংগঠনে কংগ্রেছৰ লগত ভাৰত স্বাধীন হোৱালৈকে কাম কৰিছিল আৰু বর্ত্তমান সময়তো বিভিন্ন সামাজিক ক্ষেত্রত পিছ পৰা সংখ্যালঘুসকলৰ উন্নয়ণৰ হকে কাম কৰি আছে। আনকি অসমতো মুছলিম লীগৰ বিৰুদ্ধে জমিয়তে নির্বাচনত প্রতিদ্বন্দিতা কৰি তিনিটা আসন দখল কৰিছিল। এইসকলৰ ভিতৰত আক্রাম হুছেইন শইকীয়া আৰু আব্দুল মতলেব মজুমদাৰৰ নাম উল্লেখনীয়।
কিন্তু আজিৰ সময়তো কিছু ৰাজনৈতিক নেতাই আমাৰ দেশৰ এই সম্প্রীতিৰ ইতিহাস নাকচ কৰিব বিচাৰে। হিন্দুত্ববাদী শক্তিয়ে শাসকৰ গাদী দখল কৰাৰ পিছৰে পৰা নিয়মীয়াকৈ মৌলানা আবুল কালাম আজাদ, ফখৰুদ্দীন আলী আহমেদক বাদ দি পৰিকল্পিতভাৱে মোহম্মদ আলী জিন্নাক টানি অনা হয়। টিপু সুলতান, ঔৰংজেবৰ লগতে জিন্নাক ইতিহাসৰ পাতৰ পৰা বাৰে বাৰে টানি অনা হয় সাম্প্রদায়িক ৰাজনীতিক বৈধতা প্রদান কৰিবলৈ আৰু মেৰু বিভাজনৰ ৰাজনীতি তীব্ৰ কৰিবলৈ। ঐক্য-সম্প্ৰীতিৰ শংকৰ-আজানৰ দেশ অসমভূমিতো সাম্প্রদায়িক ৰাজনীতি এতিয়া সুলভ হৈ পৰিছে। একাংশ ৰাজনৈতিক নেতাই অসমৰ সাতাম পুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি কেৱল মেৰু বিভাজনৰ ৰাজনীতি কৰাৰ বাবেই সঘনাই সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি আহিছে।দুৰ্ভাগ্যজনকভাৱে এনে ৰাজনীতিত আগভাগ লৈছে অসমৰ এজন অতি প্ৰভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিজৰ শেহতীয়া ৰাজনৈতিক দল বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত লোৱা স্থিতিৰ সপক্ষে যুক্তি আগবঢ়াবলৈ তেওঁ খুব ধুনীয়াকে কৈছে যে এই বিধেয়কখন আইনত পৰিণত কৰি হিন্দু বাংলাদেশীবোৰক নাগৰিকত্ব আৰু ভোটাধিকাৰ প্রদান নকৰিলে অসমৰ ১৭খন বিধান সভা সমষ্টি জিন্নাৰ হাতলৈ গুচি যাব! মৃত জিন্নাৰ নাম উল্লেখ কৰি তেওঁ বুজাব বিচাৰিছিল যে এই সমষ্টিবোৰত সংখ্যালঘু মুছলমান সম্প্রদায়ৰ মানুহে জয়লাভ কৰিব যদিহে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া নহয়। ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে তেওঁ বৰকৈ চিন্তিত যে মানকাচৰ, দক্ষিণ শালমাৰাৰ পৰা কোনো ‘অসমীয়া’ নির্বাচিত নহয়। তেওঁ কি কব বিচাৰিছে নেকি যে ইমান দিনে এই এলেকাবোৰৰ পৰা গণতান্ত্রিকভাৱে নির্বাচিত হৈ অহা প্রতিনিধিসকল অসমীয়া বা ভাৰতীয় নহয়? তেওঁৰ মতে অসমীয়া এটা ধর্মীয় পৰিচিতি নেকি?
তাৰ কিছুদিন আগতে তেওঁ দুখ প্রকাশ কৰিছিল যে ধুবুৰী, গোৱালপাৰা, বৰপেটালৈ আহিলে তেওঁৰ ভাল নালাগে কাৰণ ভাৱ হয় যে তেওঁ যেন কোনো বিদেশলৈ আহিছে। তেওঁ অসমত নাই। তেওঁ কি প্রতিমা বৰুৱা পাণ্ডেৰ কথা পাহৰি থাকিল নেকি? যি প্রতিমা বৰুৱা পাণ্ডেক লৈ তেওঁলোকে বিভিন্ন ঠাইত গৌৰৱ কৰে, সেই প্রতিমা বৰুৱাৰ ভাষা ধুবুৰীৰ চুকে-কোণে শুনা যায়। ধুবুৰীৰ স্থানীয় লোকে জাতি-ধর্ম-বর্ণ নির্বিশেষে গোৱালপৰীয়া বা দেশী ভাষাত কথা পাতে। আমি অসমীয়া স্কুল-কলেজত অধ্যয়ণ কৰোঁ পিছে ধুবুৰীৰ হাট বজাৰৰ ভাষা গোৱালপৰীয়া। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি গোৱালপৰীয়া ভাষীক বিদেশী যেন লাগে তেনেহলে তেওঁ আৰু তেওঁৰ চৰকাৰে প্রতিমা বৰুৱা পাণ্ডেক লৈ যেন গৌৰৱ নকৰে।
সদ্যহতে তেওঁ এক টেলিভিছন চেনেলত দিয়া আছুতীয়া সাক্ষাৎকাৰত সংখ্যালঘু অধ্যুষিত এলেকাত হিন্দুসকলৰ দুখ বখানি চকুলো টুপিলে। তেওঁৰ মতে কাজিৰঙাত অবৈধ বাংলাদেশীসকলে হেনো বেদখল কৰিছিল। যদি বাংলাদেশীয়েই বেদখল কৰিছিল তেতিয়াহলে কেৱল সেই লোকসকলক উচ্ছেদ কৰিয়ে ক্ষান্ত থাকিল ? তেওঁলোকক গ্ৰেপ্তাৰ কিয় নকৰিলে? তাকে নকৰি দেখোন চৰকাৰে পুলিচৰ গুলিত নিহত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিব বুলি খবৰ ওলাইছিল। প্ৰকৃততে কাজিৰঙাত বাংলাদেশীয়ে বেদখল কৰা নাছিল। সেই সময়ত বহুকেইজন সাংবাদিকে কিছু গুৰুত্বপূর্ণ লিখনিৰ জৰিয়তে এটা কথা উদঙাই দিছিল যে নদীভঙা মানু্হবোৰক চৰকাৰে তাতে সংস্থাপন দিছিল। পিছে চৰকাৰে সাধাৰণ মানুহক উচ্ছেদ কৰাত যিমান তৎপৰ আছিল, সেই একে তৎপৰতা কিন্তু অভিজাত ৰিছর্ট বা হোটেল উচ্ছেদ কৰাৰ ক্ষেত্রত পৰিলক্ষিত হোৱা নাছিল।
কাজিৰঙাৰ লগতে তেওঁ বাৰে বাৰে মইনবড়ি সত্রৰ কথা কলে। সাম্প্রদায়িকতাৰ চশমাৰে তেওঁ হেনো দেখিলে যে মইনবড়ি সত্রৰ স্থানান্তৰ কৰিব লগা হল একমাত্র মুছলমানসকলৰ অত্যাচাৰৰ বাবে। বিভিন্ন ঠাইত হেনো মুছলমানসকলে সত্রৰ মাটি দখল কৰাত এই অৱস্থা। কিন্তু তেওঁৰ এই বক্তব্যৰ বিৰুদ্ধে অলপ অনুসন্ধান কৰি গম পোৱা গল যে মইনবড়ি সত্র স্থানান্তৰিত হৈছিল গৰাখহনীয়াৰ বাবেহে। ২০০৫ চনত বেকী নৈৰ বুকুত গৰাখহনীয়াৰ বাবে ঐতিহাসিক মইনবড়ি সত্ৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ বাবেহে সৰভোগলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। তাৰ আগতে বহু বছৰ ধৰি স্থানীয় মুছলমান সকলে সত্রটোক আৰু সত্রাধিকাৰক সকলো ধৰণৰ সহায় সহযোগিতা কৰিছিল। আনকি সত্রৰ দুর্দিনত অর্থনৈতিক সহায়ো আগবঢ়াইছিল। এই ভাষ্য বর্ত্তমানৰ সত্রাধিকাৰৰ পুত্রৰ! সত্রৰ মাটি গৰাখহনীয়াৰ কবলত পৰাৰ পিছত স্থানীয় মুছলমান এজনে নিজৰ মাটি সত্রক দান দিব বিচাৰিছিল কিন্তু মাটি কম পৰাৰ ফলত সত্র স্থানান্তৰিত কৰা হল। পিছে আজিও সত্রাধিকাৰৰ জ্যেষ্ঠ পুত্র মইনবড়িতে থাকে আৰু মুছলমান সকলৰ মাজতে থাকে। মন্ত্রী মহোদয়ৰ চাগে এনে সাম্প্রদায়িক সম্প্রীতিৰ উদাহৰণ মানি লবলৈ কিছু কষ্ট হয়। সেইবাবে তেওঁ সংবাদ চেনেলত বহি গোকাট মিছা কথা কয় কেৱল সম্প্রদায়বোৰৰ মাজত সম্পর্ক বিনষ্ট কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ।
এই কথাবোৰ অলপ চিন্তা কৰি ভবা যাওক যে আজিৰ অসম বা ভাৰতবর্ষত জিন্নাৰ উত্তৰাধিকাৰী আচলতে কোন? জিন্না বিশ্বাস কৰিছিল যে যিহেতু ভাৰতবর্ষত হিন্দু সংখ্যাগৰিষ্ঠ, ধর্মনিৰপেক্ষ হলেও হিন্দুসকলে অলপ বেছি সুযোগ সুবিধা পাব। আজিৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক অনা বিজেপি দলে বিশ্বাস কৰে যে বিশ্বৰ সকলো হিন্দুৰ প্রকৃত গৃহভূমি ভাৰতবর্ষ আৰু সেইবাবে ধর্মীয় নিষ্পেষণৰ সন্মুখীন হোৱা হিন্দুসকল ভাৰতত স্থান পাব, নাগৰিকত্ব পাব। পিছে মুছলমান সকলে নাপাব। জিন্নাও মুছলমানসকলক লৈ অনুৰূপ চিন্তা কৰি এক সুকীয়া মুছলমি ৰাষ্ট্ৰ বিচাৰিছিল। তেন্তে আজিৰ দিনত জিন্নাৰ ভাৱনাক বাস্তৱ ৰূপ প্রদান কৰিবলৈ ব্যস্ত হৈ পৰিছে কোন ? নিশ্চিতভাৱে এই চেষ্টা বিজেপিয়ে কৰি আছে।
মন্ত্ৰী শর্মা ডাঙৰীয়াৰ মতে আজমল, এআইইউডিএফ আৰু পুর্ববঙ্গীয় মূলৰ মুছলমানসকল জিন্নাৰ ভাৱধাৰাৰ বাহক আৰু সেইবাবে এইসকলক নস্যাৎ কৰিব লাগে। পিছে আজমল জড়িত থকা জমিয়ত উলেমা ই হিন্দে ব্রিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল আৰু মুছলমানসকলৰ বাবে পৃথক ৰাজ্যৰ দাবীৰো বিৰোধিতা কৰিছিল। জমিয়তে মুছলীম লীগৰ বিপক্ষে থিয় দিছিল। আনহাতে বিজেপিৰ মাতৃ সংগঠন আৰ এছ এছে কংগ্রেছৰ নেতৃত্বত হোৱা স্বাধীনতা সংগ্ৰামকহে বিৰোধিতা কৰাত ব্যতিব্যস্ত হৈ পৰিছিল আৰু বহু সময়ত ব্রিটিছৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল। তেন্তে জিন্নাৰ আচল উত্তৰাধিকাৰী কোন? ভাষা আন্দোলনত দুর্বৃত্তৰ হাতত শ্বহীদ হোৱা ওমৰ আলী? নে চৰ চাপৰিৰ প্রথম সাহিত্যিক পেঞ্চনাৰ এম ইলীমুদ্দীন দেৱান? নে চৰ চাপৰিত প্রগতিশীল সাহিত্য-সংস্কৃতি চৰ্চাৰ বাট কটীয়া প্ৰয়াত সু সাহিত্যিক ইছমাইল হুছেইন(জ্যেষ্ঠ) যি আজিৰ প্রজন্মৰ পথ প্রদর্শক? নে আতাউৰ ৰহমান সাহাব যিজন আজান পত্রিকাৰ প্রতিষ্ঠাপক সম্পাদক, যি আজানৰ পৰাই এম ইলীমুদ্দীন দেৱান আৰু ইছমাইল হুছেইনে অসমীয়া ভাষা-সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰত নিজৰ যাত্রা আৰম্ভ কৰে?
মন্ত্রী মহোদয়ে ধুবুৰীৰ কথা কলে ধুবুৰীৰ ভৌগোলিক অৱস্থান অর্থাৎ পশ্চিম বঙ্গ, বাংলাদেশৰ সীমান্তৱর্ত্তী এলেকা, সেই কথাটো আওকান কৰে । এটা প্রত্যক্ষ বঙালী ভাষা, সংস্কৃতিৰ প্রভাৱ থকা সত্ত্বেও ধুবুৰীৰ চৰাঞ্চলৰ মানুহবোৰ অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে বাছি লৈছে। বাংলা, গোৱালপাৰীয়া ভাষা কোৱা মানুহে অসমীয়া ভাষা বাছি লোৱাটো সেই মানুহবোৰৰ ভাষাটোৰ প্রতি থকা আনুগত্য প্রমাণ কৰে।
এতিয়া মন্ত্রী মহোদয়ক প্রশ্ন কৰিব বিচাৰোঁ যে ধুবুৰীত তেওঁ কাক জিন্নাৰ উত্তৰাধিকাৰী হিচাপে দেখে? বয়োজ্যেষ্ঠ অধিবক্তা আব্দুল কৰিম আৰু স্বর্গীয় আবুল হোছেইন পণ্ডিতক যিসকলৰ চেষ্টাৰ ফলত ১৯৫৫ চনত অবিভক্ত গোৱালপাৰা পশ্চিম বংগৰ অংগ নহৈ অসমৰ অংগ হৈ ৰল? নে ভাষা আন্দোলনত কাৰাবৰণ হোৱা জাহানুদ্দীন আহমেদ? নে সমান্তৰাল ভাৱে অসমীয়া, গোৱালপৰীয়া আৰু লগতে চৰ-চাপৰিৰ দোৱানত সাহিত্য চর্চা কৰি অসমীয়া সাহিত্যক আৰু সমৃদ্ধ কৰা বিশিষ্ট কবি-সাহিত্যিক কাছেমা খাতুনৰ মাজত? নে সেই হেজাৰ হেজাৰ অর্ধশিক্ষিত চৰৰ মানুহবোৰৰ মাজত যিসকলে ভঙা ভঙা ভুল অসমীয়াতো নিজৰ ভাষা অসমীয়া বুলি কৈছিল? আজি সেই খাটি খোৱা মানুহবোৰৰ বংশই অসমীয়া মাধ্যমৰ স্কুলত শিক্ষা লাভ কৰি আছে আৰু তেওঁলোকে থকালৈকে অসমীয়া ভাষাৰ অস্তিত্ব কেতিয়াও সংকটময় নহব।
জিন্নাৰ উত্তৰাধিকাৰী অসমীয়া ভাষা সংস্কৃতিক আপোন কৰি লৈ অসমত শান্তিপূর্ণ ভাৱে বসবাস কৰিব বিচৰা বংমূলীয় অসমীয়া মুছলমান (মিঞা) নহয়। জিন্নাৰ উত্তৰাধিকাৰী পশ্চিম অসমৰ খিলঞ্জীয়া দেশী মুছলমান নহয়। বৰঞ্চ জিন্নাৰ উত্তৰাধিকাৰী সঁচা অর্থত সেই সকল লোক যিসকলে আজিৰ দিনত তেওঁৰ দ্বৈত ৰাষ্ট্রৰ নীতি কার্য্যকৰী কৰিব বিচাৰি আছে। যিসকলে ভাৰতবর্ষৰ ধর্মিৰপেক্ষ চৰিত্র আওকাণ কৰি ধর্মৰ ভিত্তিত নাগৰিকত্ব প্রদান কৰাৰ পৃষ্ঠপোষকতা কৰে। জিন্নাৰ উত্তৰাধিকাৰী হল সেইসকল শাসক দলৰ নেতা পালিনেতা যিসকলে কেইটামান ভোটৰ লোভত শংকৰ আজানৰ দেশৰ শান্তি-সম্প্রীতি শেষ কৰিবলৈ অপচেষ্টা কৰি আছে , যিসকলে মন্দিৰ-মছজিদ- সত্রৰ কথা কৈ ৰাজনীতি কৰি আছে।
মহম্মদ আলী জিন্না কেতিয়াও ভাৰতীয় মুছলমানসকলৰ একমাত্র প্রতিনিধি নাছিল। ভাৰতবর্ষৰ মুছলমান সকলে স্ব ইচ্ছাই ইছলামিক ৰাষ্ট্র পাকিস্তানৰ ঠাইত ধর্মনিৰপেক্ষ ভাৰতবৰ্ষ বাছি লৈছে। পাকিস্তানৰ পৰিবর্ত্তে ভাৰতবৰ্ষ বাছি লোৱাৰ বাবে এইসকল মুছলমানক আজি শাস্তি প্রদান কৰা হব নেকি? পূৰ্বতে কথায় কথায় চৰকাৰক সমালোচনা কৰা মানুহক পাকিস্তানলৈ যাব কোৱা হোৱা নাছিল। কিন্তু আজিৰ সময়ত চৰকাৰ আৰু দেশখনক একাকাৰ কৰি পেলোৱা হৈছে। দেশক ভালপোৱা আৰু চৰকাৰক তোষামোদ কৰা যেন একে কথা! আমি জিন্নাৰ এই সাম্প্রদায়িক উত্তৰাধিকাৰীবোৰক চিনি থোৱা ভাল। ধুবুৰীৰ পাচঁ পীৰৰ দৰগাহত, হাজোৰ পোৱা মক্কাত মুছলমানতকৈ হিন্দু মানুহ বেছিকৈ যায়। আমি এনে ঐতিহ্যময় দেশৰ বাসিন্দা। চৰকাৰ পৰিবর্ত্তন হব কিন্তু সামাজিক সম্পর্কবোৰ চিৰস্থায়ী। ৰাজনৈতিক নেতাৰ সংকীৰ্ণ স্বার্থত যেন আমাৰ গৌৰৱময় সম্প্রীতিৰ ইতিহাস বিলীন হৈ নাযায়, সেইটো লৈ লক্ষ্য ৰখা সময়ৰ দাবী।
লেখিকাৰ ফোনঃ ৮৬৩৮৬৮৮২৭৭
No comments:
Post a Comment