ইতিহাসৰ প্রথম শ্রেণীদ্বন্দ্ব দেখা দিয়ে পুৰুষ আৰু নাৰী দ্বন্দ্বৰ মাজেৰে, কৈছে ফ্রেডাৰিক এংগেলছে। তেওঁৰ বিখ্যাত গ্রন্থ ‘অৰিজিন অব ফেমিলী প্রাইভেট প্রপার্টী এণ্ড ষ্টেট’ত। আৰু লিখিছে যে প্রথম নিপীড়নৰ সূত্রপাত ঘটে পুৰুষৰ দ্বাৰা নাৰী নিপীড়নৰ মাধ্যমেৰে। তাহানিৰ সেই নিপীড়নৰ ধাৰাটো একৈছু শতিকাতাে প্রচলিত হৈ আছে। পৃথিৱীৰ অসংখ্য মহিলা অসামান্য অত্যাচাৰ আৰু যৌন উৎপীড়নৰ বলি হৈ দিন কটাইছে।
আনহাতে শােষণৰ বিৰুদ্ধে পৃথিৱীৰ মহিলাসকলে প্রতিবাদো কৰি আছে বহু যুগ আগৰে পৰা। তেওঁলােকে দাবী কৰিছে সমবেতন, আঠঘণ্টা কর্মর্সময় (working hours), মাতৃকালীন ছুটীৰ। ভাৰতত নাৰী আন্দোলন সংঘটিত হৈছে যৌতুকৰ বিৰুদ্ধে, ঘৰুৱা হিংসাৰ বিৰুদ্ধে, যৌন নিপীড়ন, ধৰ্ষণৰ বিৰুদ্ধে। ফলত দেশত বহু আইন প্রণয়ন কৰা হৈছে। তৎসত্ত্বেও অপৰাধৰ মাত্রা কমা নাই। তথাপি ক'ব পাৰি এই আন্দোলনবােৰে। সাংবিধানিক ৰাষ্ট্র ব্যৱস্থাত সামান্য হলেও মান্যতা পাইছে। আনহাতে আইনতঃ নিষিদ্ধ হলেও প্রতিদিনে ধর্ষিতা হয় বহু নাৰী, নিহত হয় কন্যাভ্রণ, যৌতুক প্রথা চলে একেটা গতিত, ঘৰুৱা হিংসাৰ অন্ত নপৰে। কর্মক্ষেত্ৰত যৌন নিপীড়নৰ ওৰ নপৰে।
১৯৯৭ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিশাখা বনাম ৰাজস্থান চৰকাৰ মামলাত এটা ঐতিহাসিক ৰায় দিয়ে কর্মক্ষেত্ৰত যৌন উৎপীড়নৰ বিৰুদ্ধে। ঘটনাটো আছিল ৰাজস্থানৰ নাৰী উন্নয়ন প্রকল্প’ এটাৰ কর্মী বিশাখা ধর্ষিত হােৱাৰ পাছত ১৯৯৭ চনৰ ১৩ আগষ্টত উল্লিখিত ৰায়দান। লগতে কিছুমান নির্দেশাৱলীও উচচতম ন্যায়ালয়ে জাৰি কৰে। এই ৰায়ে কেৱল যৌন নির্যাতনৰ সংজ্ঞাই দিয়া নাই অভিযুক্ত কৰ্মীৰ বিৰুদ্ধে কেনে ব্যৱস্থা ল’ব তাৰাে উল্লেখ কৰিছে।
উচ্চতম ন্যায়ালয়ৰ সংজ্ঞাত কর্মক্ষেত্ৰত যৌন লাঞ্ছনা হ’লঃ
১) গাত হাত দিয়া বা দিবলৈ চেষ্টা কৰা।
২) যৌন সম্পর্ক স্থাপনৰ বাবে দাবী বা অনুৰােধ কৰা।
৩) যৌন ৰসাত্মক মন্তব্য দিয়া বা ৰসিকতা কৰা।
৪) অশ্লীল ছবি প্রদর্শন কৰা।।
৫) যিকোনাে ধৰণৰ যৌন ইংগিত পূর্ণ শাৰীৰিক বা মৌখিক আচৰণ কৰা।।
নির্দেশালীৰ দ্বাৰা সংগঠিত আৰু অসংগঠিত উভয়খণ্ডত কাম কৰা সকলাে মহিলা কর্মীয়ে উপকৃত হ’ব— তেহেলৈ তেওঁৰ দৰমহাৰ সীমা বা পদমর্যাদা যিয়েই নহওক। প্ৰতিটো চৰকাৰী বা বেচৰকাৰী প্রতিষ্ঠানত এই মর্মে একোটাকৈ শুনানি কমিটী গঠন কৰিব লাগিব, যাৰ নেতৃত্বত থাকিব মহিলা আৰু সদস্য সংখ্যাৰ আধা হ'ব লাগিব মহিলা। সম্পূর্ণ গােপনীয়তা ৰক্ষা কৰি নির্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত কৰিবলৈ কমিটী বাধ্য।
আজিৰে পৰা কুৰি বছৰ আগতে সেই ৰায়দান কৰাৰ সময়ত মাননীয় উচ্চতম ন্যায়ালয়ৰ নির্দেশিকা অধিকাংশ ক্ষেত্ৰতে পালন কৰা হােৱা নাছিল। কিছুমানে নির্দেশিকাৰ কথা অৱগতও হােৱা নাছিল।
খবৰ লৈ জানিব পাৰিছিলাে সাক্ষী’ নামৰ বেচৰকাৰী সংগঠন এটাই জাতীয় পর্যায়ত সমীক্ষা চলাই জানিব পাৰিছে যে কর্মক্ষেত্ৰত যৌন লাঞ্ছনা হােৱাৰ বিষয়ে শতকৰা ৮০গৰাকী মহিলা অৱগত। কিন্তু ১৯৯৭ চনতে ওলােৱা ঐতিহাসিক বিশাখা মামলাৰ ৰায়দান আৰু উচ্চতম ন্যায়ালয়ৰ নির্দেশাৱলীৰ বিষয়ে অৱগত মাত্র ২৩ শতাংশ মহিলা।
আনহাতে যৌন উৎপীড়নৰ বিৰুদ্ধে আইন প্রণয়নৰ দাবীত নাৰী আন্দোলন থমকি থকা নাই। অৱশেষত ২০১৩ চনত দেশৰ সংসদ যৌন উৎপীড়নবিৰােধী আইন প্রণয়ন কৰে। দৰাচলতে উচ্চতম ন্যায়ালয়ৰ বিশাখা ৰায়ত বর্ণিত নির্দেশিকাবােৰকেই অধিক দৃঢ়ভাৱে দেশৰ আইনত প্রােথিত কৰে। ইয়াৰ পাছত পাঁচ বছৰ পাৰ হ’ল কিন্তু যৌন উৎপীড়ন কমিল নে? যৌন উৎপীড়নবিৰােধী যিবােৰ কমিটী কর্মক্ষেত্ৰত থাকিব লাগে, যি কমিটীবােৰৰ কাম যৌন উৎপীড়নৰ অভিযােগ আহিলে তদন্ত কৰা আৰু দোষীৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা লােৱা ই প্ৰকৃততে হৈছেনে?
হােৱা যে নাই তাক আমি দেখিছাে বৰ্তমানৰ মী টু আন্দোলনৰ মাধ্যমেৰে। বিগত কেইমাহ ধৰি মহিলাসকলে একেলেথাৰীয়ে ছ'চিয়েল মিডিয়াত তেওঁলােকৰ বিৰুদ্ধে ঘটি যােৱা যন্ত্রণাদায়ক উৎপীড়নৰ বৰ্ণনা দি আছে। কিছুমান ক্ষেত্ৰত পােনপটীয়াকৈ উৎপীড়নকাৰীসকলৰ নামপর্যন্ত উল্লেখ কৰিছে। এই তালিকাখনত নাম আছে দেশৰ মন্ত্ৰীৰ, সংবাদ মাধ্যমৰ ৰৌ-বৰালিৰ, জনপ্রিয় লেখকৰ, চিনেমা জগতৰ নক্ষত্র, পৰিচালক, সুৰকাৰ ইত্যাদি। এওঁলােকে নিজৰ নিজৰ তলতীয়া বা সহযােগী মহিলাৰ ওপৰত যৌন উৎপীড়ন চলাইছিল। নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি মহিলাসকলৰ ওপৰত অন্যায় ব্যৱহাৰ কৰি নিজৰ ক্ষমতাৰ জোৰত উদ্ধাৰ পাইছিল। | গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত ৰেলৱে অফিচত ঘটা এনে এটা ঘটনাৰ বিষয়ে আমাৰ এই স্তম্ভতে কেইবাবছৰ আগতে লিখিছিলাে কেনেকৈ ক্ষমতাৰ জোৰত মানুহ ওলাই আহিব পাৰে তাৰ এটা উদাহৰণ নিজ চকুৰে দেখিলাে। নির্যাতনবিৰােধী ঐক্যমঞ্চৰ হৈ আমি নির্যাতিতা মহিলাগৰাকীৰ হৈ যুঁজিছিলাে। কিন্তু ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ লগত দিয়া যুঁজখন আছিল হাতীৰ লগত মাখিৰ যুদ্ধ। বহু বছৰ পাছত উৎপীড়িত মানুহগৰাকীক লগ পাই দেখিলাে তেওঁ মানসিকভাৱে অসুস্থ হৈ গৈছে।
বর্তমান ছ'চিয়েল। মিডিয়া আৰু আমেৰিকাৰ মী টু আন্দোলনে ভাৰতীয় মহিলাসকলৰ মনলৈ জোৰ আনি দিছে। তেওঁলােকে চৰকাৰী কমিটী আদিৰ ওপৰত বিশ্বাস হেৰুৱাই সমাজৰ উচ্চ স্থান অধিষ্ঠিতসকলৰ মুখা খুলি দিছে। সুদীর্ঘ সময় ধৰি জমি থকা সেই লাঞ্ছনাৰ ভাৰ তেওঁলােকে মুকলি কৰি দি সকাহ পাইছে। আনহাতে দুখীয়া শ্ৰম কৰি এমুঠি পেটৰ ভাত মােকলােৱা নির্যাতিতা নাৰীয়ে মী টু আন্দোলনত যােগ দিব পৰা নাই।
মী টু আন্দোলনে জনসাধাৰণক জানিবলৈ দিছে যে যৌন উৎপীড়নৰ ঘটনাই এটা ভয়াৱহ আকাৰ ধাৰণ কৰিছে। সেইবুলি পুৰুষতান্ত্রিকতাই হাৰ মনা নাই। বৰঞ্চ অভিযােগকাৰিণীৰ বিৰুদ্ধে আক্রমণাত্মক ব্যৱস্থা লৈ আছে। মহিলাসকলৰ চৰিত্র হনন কৰিছে, আদালতত মানহানি মামলাৰ গােচৰ তৰিছে। উদাহৰণ
স্ব ৰূপে ক'ব পাৰি প্ৰাক্তন মন্ত্রী আৰু এসময়ৰ নামী সম্পাদকগৰাকীয়ে এশজন উকীল লগাইছে। তদুপৰি উৎপীড়নকাৰীসকলৰ বিৰুদ্ধে যাতে কোনাে ব্যৱস্থা লােৱা নহয় সেই চেষ্টাও কৰিছে। তথাপি মী টু আন্দোলনৰ ফলত ইতিমধ্যে কেইজনমান উৎপীড়নকাৰী পুৰুষে শাস্তি নােপােৱা নহয়। কেইজনমান সাংবাদিকে পদ হেৰুৱাইছে, জনপ্রিয় গানৰ ৰিয়েলিটী শ্ব’ৰ বিচাৰকে আসন ত্যাগ কৰিবলগীয়া হৈছে।
মী টু আন্দোলনটো কেইটামান ক্ষেত্ৰত জয়ী হৈছে। যৌন উৎপীড়নৰ দৰে এটা ঘটনা সমাজত ঘটি আছে বুলি সকলােৱে জানে, কিন্তু এই বিষয়ে মানুহে খােলাখুলিকৈ বিশেষ আলােচনা কৰা নাছিল। এই আন্দোলনে ইয়াক সম্ভৱ কৰিছে। যৌন উৎপীড়ন কাক বােলে, মহিলাৰ মৌলিক অধিকাৰ খর্ব কৰা হৈছে ইত্যাদি বিষয়বােৰ বাতৰি কাকততে। সীমাবদ্ধ আছিল। এতিয়া জনসাধাৰণৰ মাজতাে আলােচিত হৈছে। আনহাতে মহিলাসকলেও নিজৰ যৌন অপমানৰ কথা ক’বলৈ সাহ পাইছে, পুৰুষৰাে সচেতনতা বাঢ়িছে। কর্মক্ষেত্ৰত যৌন উৎপীড়ন কৰাৰ আগত পুৰুষেও নিশ্চয় এতিয়াৰে পৰা এশবাৰ চিন্তা কৰিব।
ইমানৰ পাছতাে ক’ব লাগিব সর্বস্তৰত এনে এটা আন্দোলন গঢ়ি উঠক, যি আন্দোলনে জনগণক বুজাব লাগিব যে নাৰী কেৱল সন্তান জন্ম দিয়াৰ আহিলা আৰু যৌন সত্তা নহয়। এই আন্দোলনৰ গুৰি ধৰা উচিত ঘাইকৈ শুভবুদ্ধিসম্পন্ন পুৰুষে।
No comments:
Post a Comment