অসমখন অসমীয়াৰ হৈ থাকিবনে। সাধাৰণ দৃষ্টিত এয়া এটা প্ৰশ্ন হ’ব নোৱাৰে। কিয়নো হাজাৰজনে কৈ উঠিব যে এইটো আৰু কেনেকুৱা অবান্তৰ প্ৰশ্ন? হয়, আজিৰ দিনত এনে এটা প্ৰশ্নৰেই অৱতাৰণা হৈছে। কিয় হৈছে সেই প্ৰশ্নৰ উত্তৰ সচেতন অসমীয়াৰ মন মগজুত আছে। আৰু যদি হোৱা নাই তেন্তে এই প্ৰশ্নই সাৰ্থকতা লাভ কৰিব। অসম নামৰ ভূখণ্ডত অতীজৰে পৰাই কেৱল এটা বিশেষ ৰাজনীতিৰ প্ৰচলন হৈ আহিছে, যি ৰাজনীতিয়ে কেৱল অসম নামৰ ভৌগলিক চাৰিসীমাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি অহিছে। কিন্তু এই ৰাজনীতিয়ে অসম নামৰ ভূখণ্ডক সত্বা প্ৰদান কৰাত বাৰুকৈয়ে ব্যৰ্থ হৈছে। বাৰে বাৰে এই প্ৰদেশত পোখা মেলা ৰাজনীতি কেৱলমাত্ৰ গাদী মানে ক্ষমতা দখলৰ কুচকুৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। ১৮০০ খ্ৰীষ্টাব্দৰ পৰা ক্ষমতা আহৰণৰ যি এক কুটিল ৰাজনীতি আৰম্ভ হৈ গ’ল সেই ৰাজনীতিয়ে আজি পৰ্যন্ত অসমীয়া সত্বাক উত্তৰণৰ দিশে নিব পৰা নাই।
১৮০০ ৰ পৰা ১৯০০লৈ অসমত চলা ৰাজনৈতিক-সামাজিক ঘটনা প্ৰবাহক যদি আমি পাহৰি কেৱল স্বাধীনতাৰ পূৰ্বৰ আৰু স্বাধীনতাৰ পাছৰ ৰাজনীতি তথা সামাজিক পৰিবৰ্তনৰ ওপৰত দৃষ্টিপাত কৰো তেন্তে আমি দেখিবলৈ পাম যে অসমত কেৱল শাসন প্ৰৱৰ্তনৰ ৰাজনীতিয়ে মুখ্যত প্ৰাধান্য লাভ কৰিছে। ব্যতিক্ৰম নথকা বুলি ক’লে ভুল হ’ব কিয়নো ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে যদি আপত্তি আৰু সেই মতেই কাম নকৰিলেহেতেন তেন্তে কিজানি আজিৰ দিনত নাগৰিক সংশোধনী বিধেয়কৰ সমৰ্থনত আমি বাংলাদেশত আন্দোলন কৰি থাকিলোহেতেন। বৰদলৈ সমন্বিতে একাংশ নেতাৰ ওচৰত নিশ্চিতভাৱে অসমীয়া জাতি চিৰ কৃতজ্ঞ।
আজিৰ দিনত অসমৰ হৈ ৰাজপথত আন্দোলন কৰি থকা বা সেই সম্পৰ্কত চিন্তিত হৈ থকা অধিকাংশ যুৱক অসমৰ আন এক ৰক্তক্ষৰণৰ সময় অসম আন্দোলনৰ আগে পাছে জন্মগ্ৰহণ কৰা। আৰু এই যুৱ শক্তিয়েই আজি যৌৱনৰ পূৰ্ণতা প্ৰাপ্তিত আকৌ আন্দোলনৰ জৰিয়তে স্বীকৃতি প্ৰাপ্তিৰ দুঃচিন্তাত উত্তেজিত হৈ থাকিবলগীয়া হৈছে। অসমৰ ভূখণ্ডতেই বেদখল হোৱাৰ ভয়ত, অসমীয়া সত্বাৰ পৰা বিচ্যুতি হোৱাৰ ভয়ত আৰু অসমৰ পৰিচয় হেৰুৱাৰ ভয়ত আজি আমি সকলো চিন্তিত। কিন্তু এই ক্ষেত্ৰত আমি দোষিম কাক?
হয়, দোষ আমি নিজকেই দিব লাগিব। কিয়নো আমাৰ ভুল সিদ্ধান্তৰ বাবেই আমি প্ৰতিবাৰেই কেন্দ্ৰৰ প্ৰতাৰণাৰ সম্মুখীন হৈ আহিছো। কেন্দ্ৰই প্ৰতাৰণা কৰিবলৈ সাঁহস পাইছে আমি নিজেই নিৰ্বাচন কৰি পঠিওৱা জনপ্ৰতিনিধিসকলৰ কৰ্ম কাণ্ডৰ জৰিয়তে। অসমীয়াক প্ৰতিনিধিত্ব কৰি দিল্লীত স্বাচ্চ্যন্দৰে দিন অতিবাহিত কৰাসকলে একমাত্ৰ ক্ষমতা আৰু নিজৰ প্ৰভাৱ হেৰুৱাৰ ভয়ত কেন্দ্ৰত সাম্ৰাজ্যবাদী মনোভাৱক প্ৰশ্ৰয় দি আহিছে। ক্ষমতা কেন্দ্ৰীক ৰাজনীতিৰ চাকনৈয়াত পৰি অসমৰ প্ৰতিনিধি সদায় বিভাজিত। অসমৰ প্ৰতিনিধিৰ মাজতে অসম মাতৃৰ প্ৰতি শ্ৰদ্ধাৰ অভাৱ যাৰ ফলত অসম বিৰোধী বা অসমক ক্ষতিসাধন কৰিব পৰা কাম-কাজবোৰ দেখি শুনিও তেওঁলোক প্ৰায়েই নিশ্চুপ হৈ থাকে। অসমীয়া জাতিটোৰ বাবে ইয়াতকৈ বিড়ম্বনাৰ কথা অন্য একো হ’ব নোৱাৰে। আৰু এনে নহ’য় যে এয়া এতিয়া হৈছে। এয়া প্ৰতিটো দশকে দশকে হৈ আহিছে। অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰিবলৈ আমাৰ নিজৰেই নেতাৰ অভাৱ। আৰু অভাৱ মনস্তত্বৰ।
কেন্দ্ৰৰ প্ৰতিনিধিত্বৰ কথা পাহৰি যদি আমি নিজে আমাৰ দিচপুৰৰ শাসনলৈ মন দিওঁ তেন্তে সেই বিধানসভাতো অসম আৰু অসমীয়া সত্বাক জীয়াই ৰাখিৱলৈ প্ৰয়োজনীয় উমৈহতীয়া উদ্দেশ্যক প্ৰতিনিধিত্ব কৰা ৰাজনীতিক অথবা ৰাজনৈতিক দলৰ অভাৱ দেখিবলৈ পাওঁ। নিজৰ মাজতেই বিভাজিত এটা জাতিয়ে বাৰু কিদৰে নিজক জীয়াই ৰাখিৱলৈ সংগ্ৰাম কৰি যাব। অসমৰ ৰাজনীতিত এই ধাৰা অব্যহত থকাৰ মুখ্য কাৰণ আমাৰ মাজতেই চলি থকা বিভাজনৰ ৰাজনীতি। প্ৰতিটো জাতি জনগোটে কেৱল নিজৰ কথা চিন্তা কৰি থাকি, নিজৰ ক্ষুদ্ৰ স্বাৰ্থত গুৰুত্ব দি থাকি বৃহত্তৰ অসমীয়া জাতিসত্বাক কোন কাহানিবাই পাহৰি পেলালে। আৰু ইয়াৰ পৰিণতিতেই এদিন অসম নামৰ ভূখণ্ডৰ কথা মাথো অন্য জাতিৰ বুৰঞ্জীত লিপিবদ্ধ হৈ ৰৱ। সেই দিনটোলৈ বাট বিশ্ব বৰ্তমান সিঁচৰতি হৈ থকা অসমীয়া মূলৰ মানুহবোৰে কেলেণ্ডাৰত চিন দি যাব পাৰে।
আপাত দৃষ্টিত অসমীয়াজাতিৰ ওপৰত সংকট আহিলেও অসমীয়াই কেতিয়াও সেই কথা স্বীকাৰ নক’ৰে বা কৰিবলৈ টান পায়। কিয়নো এই জাতিটোৰ এয়া দোষ। অথবা এই দোষটো আঙুলিয়াই দিবলৈ আমাৰ মাজত বুদ্ধিমান নেতাৰ অভাৱ। নাগৰিক সংশোধনী বিধেয়ক অসমৰ প্ৰতিটো প্ৰান্তত যদিওবা জাগৰণৰ সৃষ্টি কৰিছে তথাপি এই বিধেয়কে অসমীয়াক উপকৃত কৰিব বুলি ভৱা লোক স্বয়ং আমাৰ বিধানসভাতেই বহি আছে। তৰোপৰি নাগৰিক সমাজৰো প্ৰায় ৫০ শতাংশ লোক ইয়াক লৈ সুখী আৰু অন্য ৫০ শতাংশ লোক নিজৰ ভাত-মাছ খোৱাক লৈহে ব্যস্ত। তেন্তে চিন্তা ব্যক্ত কৰা লোকসকল কোন? আছে, এই বিধেয়ক বা সামগ্ৰিক অসমৰ পৰিস্থিতি অধ্য়য়ন কৰিও একাংশ লোকে এতিয়াও নিজৰ ধৰণে চিন্তা ব্যক্ত কৰি প্ৰতিবাদ কৰি আছে। তেন্তে আমি ধৰি ল’ম নেকি যে অসম নামৰ ৰাজ্যখনত থকা অসমীয়া জাতিটোক এই লোকসকলে উদ্ধাৰ কৰি ল’ব। নাই, সেয়া সম্ভৱ নহয় কিয়নো চিন্তা ব্যক্ত কৰি প্ৰতিবাদ কৰি থকা এই একাংশৰ হাতত সিদ্ধান্ত সলনি কৰিব পৰা ক্ষমতা নাই। আৰু নাই প্ৰলোভিত কৰিব পৰা ক্ষমতা। সেয়া কিন্তু এই বিধেয়কক সমৰ্থন কৰি থকা লোক সকলৰ আছে। সেয়েহে সময়ে সময়ে নতুন যোজনাৰ ঘোষণা যেনেকৈ সাংবিধানিক ৰক্ষাকৱচৰ কথা, জনজাতিকৰণৰ স্বীকৃতিক মান্যতা প্ৰদানৰ কথা আদি ইত্যাদিৰ টোপ দি থকা হৈছে।
মুঠতে পৰিস্থিতি এই পৰ্যায় পাইছেগৈ যে অসমীয়াক বিভাজন কৰি হ’লেও নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰা হব আৰু তাৰ পাছত কোনোবাই নিজৰ ভোট বেংক সুনিশ্চিত কৰি আৰু এটা দশক ৰাজপাট খাব। আৰু এনে হৈ যোৱাৰ সমান্তৰালকৈ এটা জাতিৰ নিধন যজ্ঞ অব্যাহত থাকিব। যিটো জাতিয়ে সময়ৰ কুটিল গতিত নিজৰ ভাতৃ-ভগ্নীক হেৰুৱাই নিজৰ অৱয়ব ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰাতিক্ষুদ্ৰ কৰি গৈ আছে আৰু শেষলৈ ই সম্পূৰ্ণ নিঃশেষ হৈ যাব। আৰু আপোনালোক সকলোৱে এই প্ৰক্ৰিয়া নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। এয়া অৱধাৰিত।
লেখকৰ ঠিকনাঃ আশ্ৰম, দিল্লীঃ১১০০১৪, ফোনঃ ৯৮৯৯৬৬০৫৮২
লেখকৰ সুখ-দুখত প্ৰকাশিত অন্যান্য লেখাবোৰৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/SONIT%20KUMAR%20GOSWAMI?
No comments:
Post a Comment