মনৰ কথাঃ উলংগ প্ৰতিবাদৰ পাছৰ আচল বাস্তৱ ::সুৰজিত নেওগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ উলংগ প্ৰতিবাদৰ পাছৰ আচল বাস্তৱ  ::সুৰজিত নেওগ

মনৰ কথাঃ উলংগ প্ৰতিবাদৰ পাছৰ আচল বাস্তৱ ::সুৰজিত নেওগ

Share This
আই.এম.ডি.টি বাতিল কৰোৱাই যদি "জাতীয় নায়ক" হৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে তেন্তে নিশ্চিত ভাৱে "নাগৰিকত্ব সংশোধনী আইন ২০১৬" (যদিহে হয়), খন বাতিল কৰোৱাই ২০২১ ত কোনোবা মহানায়কে অসমৰ মুখ্যমন্ত্ৰী হৈ ৰাজপাট খাব পাৰে... সেয়া কোনোবা ভট্টাচাৰ্য্য, কোনোবা শৰ্মা, কোনোবা বৰা, কোনোবা মহন্ত হলে মই আচৰিত নহ'ম! মহানায়ক হোৱাৰ এনে সুযোগ দিয়া বাবে আচলতে বিজেপি দল ধন্যবাদৰহে পাত্র !!
মোৰ তেনেই সাধাৰণ জ্ঞানেৰে বুজো যে ----
নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) খন আইনলৈ পৰিবৰ্তন কৰাত যথেষ্ঠ অসুবিধা আছে। আইনি বিশেষজ্ঞ সকলে এয়া বেছি ভালকে জানিব বা বুজিব কিন্তু সাধাৰণ জ্ঞানেৰে যিকোনো লোকে এইটো ঠিকেই বুজিব যে এইখন আইনলৈ ৰূপান্তৰ কৰিবলে হলে ভাৰতীয় সংবিধানৰ 'ধৰ্মনিৰপেক্ষতা' সম্পৰ্কীয় দফাটোৰো আমূল পৰিবৰ্তনৰ (সংশোধন) প্ৰয়োজন। ভাৰতবৰ্ষ প্ৰকৃতাৰ্থত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে নহয় সেয়া তৰ্কাতীত ( অৱশ্যে কোনোবা মূৰ্খ ভক্তৰ মতে ভাৰতীয় সংবিধানখন হেনো চলে বলে কৌশলে কংগ্ৰেছে বনাইছিল, সেই হিচাপত ডা০ ভীমৰাও আম্বেদকাৰক নৎচাৎ কৰাতো এইবোৰ অন্ধ মুৰ্খ প্ৰ্স্তুত!!) হলেও এটা কথা জানো বা বুজো যে আপুনি বা মই, যি ধৰ্মৰে নহওঁ কিয়, যদি নিজকে ভাৰতীয় বুলি কওঁ বা ভাবো তেন্তে আমি সাৰ্বভৌম ভাৰতৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত আমাৰ আনুষ্ঠানিক সংবিধানখন মানিবলৈ ১০০% বাধ্য; যেনেদৰে আমি আমাৰ জাতীয় পতাকাক মানিবলৈ বাধ্য। অন্যথা দেশদ্ৰোহী শাৰিত পৰিম।

এতিয়া কথা হ'ল, বিজেপি দলৰ যিসকলে এই বিধেয়কখন গৃহীত কৰিবৰ বাবে অদ্ভূত কিছুমান যুক্তিৰে আমাক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে তেওঁলোক অন্তত ইমান মূৰ্খ নহয় যে ওপৰত উল্লেখিত কথাখিনি তেওঁলোকে নাজানে বা নুবুজে। মাজত মাঁথো ৩ টা মাহ। এইবোৰ হ'ল ৰাজনৈতিক পাশাখেলৰ কিছু চাল। ৰামমন্দিৰটো হৈ নুঠিল; গতিকে 'হিন্দু'ৰক্ষকৰ বাবে কিবা এটা টোপ দিব লাগিব... গো-মাতাক লৈ কৰা ৰাজনীতি বৰ্তমান মুটামুটি অচল... বাকি থাকিল মাত্ৰ এই বিধেয়কখন। লগতে টোপ আহিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। এয়া কোনোকালেই সম্ভৱ নহয়; কাৰণ যিখন দেশত কেৱল জাত-পাত, উচ্চ-নিচক লৈ ৰাজনীতি কৰি ক্ষমতা দখল কৰা হয় সেইখন দেশত কেৱল অসমৰ ৬ টা জনগোষ্ঠীয়েই নাই; শ শ এনে জনগোষ্ঠী আছে। গতিকে অসমৰ কেৱল ৬ টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 'পাণ্ডুৰাবক্স'টো খুলি কোনে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব? একদম সাধাৰণ লজিক!

এইবোৰ কথা নৰেন্দ্ৰ মোডীয়েও জানে, অমিত শ্বাহেও জানে, ৰাজনাথ সিঙেও জানে... লগতে জানে সৰ্বানন্দ সোনোৱালে আৰু অতি গুৰুত্বপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে। আমাৰ দৰে সাধাৰণ মগজুৱে বুজো যেতিয়া ৰাজনৈতিক ভাৱে তীক্ষ্ন এইসকল লোকেও জানে। গতিকে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ আগেয়ে কিবা কৰি বহুধাবিভক্ত হিন্দু ভোটখিনি আদায়ৰ বাবেই এইবোৰ নাটক... তাৰপিছত ৫ বছৰৰ বাবে সকলো ফুটুকাৰ ফেন হ'ব!!

আৰু যদি দৈৱদুৰ্বিপাকত আইনখন হয়গৈয়ো, সেইখন আইনৰ চাৰিওফালে ফুটাই ফুটা থাকিব। ঠিক আই.এম.ডি.টি আইনখনৰ দৰে। আইনখনৰ বিপক্ষে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলেই সেইখন নিশ্চিতভাৱে বাতিল হ'ব। কিন্তু তেতিয়ালৈ যি যি 'মালাই' আছিল বা থাকিব সেইখিনি খোৱাই খাই পেট গেৰেলা কৰি ৰাজপাট খাই থাকিব... অংক তেনেই সাধাৰণ... জয় আই অসম !!

No comments:

Post a Comment