১. চৰ্বা চাৰৰ মিটিঙলৈ যোৱা তিনি বছৰীয়াৰ ক'লা জেকেট খুলিবলৈ বাধ্য কৰোৱা নিৰাপত্তাৰক্ষীলৈ থিতাতে 'গেৰুৱাৰত্ন' সন্মান ঘোষণা। অহা ২৬ জানুৱাৰীত নাগপুৰত পুৰস্কাৰ লবলৈ ফেমিলিসহ প্লেইনৰ টিকট প্ৰদান।
২. 'জাতীয় অধিনায়ক' খিতাপ উভোতাই লোৱাতো অকনো ক্ষুন্ন নহয় ডেইল এনজয় ডাঙৰীয়া। তেখেতৰ মতে সেই ভালুকৰ সাঙী সদৃশ খিতাপটো নাথাকিলে জাতি-মাটিৰ নামত টুপি পিন্ধোৱাত আৰু সহজহে হব। সেয়ে, তেওঁ খিতাপমুক্ত কৰাৰ বাবেহে উভোতাই লোৱা সকলক ধন্যবাদ জ্ঞাপন কৰে।
৩. খোলা জীপত নলবাৰীত চৰকাৰী কাম কৰিবলৈ যোৱা নিষ্কলুষ শৰ্মাক এই বৰ্ষৰ 'শান্ত-শিষ্ট মহাদুষ্ট বঁটা'ৰ বাবে নিৰ্বাচন কৰা হৈছে। এই বঁটা তেখেতক শাসনৰ জৰী এৰাৰ পাছতে দিয়াৰ ব্যৱস্থা কৰা হবই বুলিও নলবাৰীৰ পৰা সচেতন সংঘই প্ৰেছ বিজ্ঞপ্ত যোগে জনাইছে।
৪. জালুকগুটি শৰ্মাৰ অতুলনীয়, জ্ঞানগৰ্ভ, সাৰুৱা ভাষণৰ এটি বিশাল সংকলন প্ৰকাশ কৰিবলৈ লোৱা হৈছে। গুজৰাটৰ পানীৰ পাইপৰ পৰা অমুক আপোনাৰ কি মাতৃ নহয়লৈকো সকলো সোণ সেৰুৱা কথা সংকলিত কৰা হব। গতিকে সোণগুটি সদৃশ তেখেতৰ ভাষণৰ সৰু-বৰ অডিঅ' ভিডিঅ' ক্লিক সংকলনকাৰী ভক্তমল্ল লৈ ইমেইল কৰিবলৈকো আহ্বান জনাইছে।
৫. গোবিন গাৰ্গে এতিয়া হোৱাটচএপ গ্ৰুপত আৰু গান নাগায় বুলি শপত খোৱাৰ গোপন খবৰ। বিনামূলীয়া মনোৰঞ্জন পোৱা গদ্দাৰতকৈ পইচা দি গান শুনা দৰ্শককহে এতিয়া তেখেতে প্ৰফেচনেলী গুৰুত্ব দিব বুলিও গোপন সূত্ৰত প্ৰকাশ।
৬. 'কিটুমণি' নামৰ এবিধ অতি থলুৱা চাবোন অচিৰেই বজাৰলৈ আহিব বুলি জানিব পৰা গৈছে। খাৰ-অসমীয়া নামৰ থলুৱা উদ্যমী সংস্থাটোৱে এই চাবোনেৰে কলংকিত ব্যক্তিত একেবাৰে ধুই দিবলৈ অতি উত্তম বুলিও প্ৰকাশ কৰিছে। বজাৰত চাহিদালৈ লক্ষ্য ৰাখি এই বিশেষ চাবোনৰ বাবে আগতীয়া বুকিঙৰো ব্যৱস্থা কৰা বুলিও খাৰ-অসমীয়াই টুইট যোগে প্ৰকাশ কৰিছে।
৭. সকাম খোৱা জাতিয়ে ঘৰে ঘৰে সৰু সৰু সকাম পাতি মাহ চাউল খাই থকাক লৈ এতিয়া সমগ্ৰ উত্তৰ-পূৱ নাগৰিক সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। সকলোৱে মাহ-চাউল এক কৰি মিজোৰামৰ দৰে বৰ সবাহ পাতিলেহে দিল্লীৱালা বৰদৌতা সকলৰ বৰঘৰত প্ৰভাৱ পৰিব, নহ'লে নেচেল বুলি সন্থাই স্পষ্ট কৰি দিছে বুলিও জানিব পৰা গৈছে।
৮. জালুকগুটি শৰ্মাৰ ৰচিত আৰু মল্লযুজাৰু বৰুৱা প্ৰযোজিত সত্য কাহিনীৰ আধাৰত এইবাৰ ভ্ৰাম্যমাণৰ মঞ্চলৈ আহিব 'পতাকা খচকাৰ দম' নামৰ এখন ৰাজনৈতিক দম্ভালিমূলক নাটক। মূল নাটকৰ ঠিক আগে আগে 'গুণ্ডামি নৃত্য' নামৰ এখনি নৃত্য-নাটিকাও প্ৰদৰ্শিত হব বুলি বিশিষ্ট নাট্যকাৰ অবিজিত ভট্টই জনাইছে।
৯. ক'লাফবিয়াত আক্ৰান্ত দিছপুৰবাসী ৰাইজলৈ লক্ষ্য ৰাখি অনাগত তিনিমাহ মান গুৱাহাটীৰ কোনো মানুহকে ৰাস্তা-চৌহদতে ক'লা ছাতি লোৱা, ক'লা চোলা-জেকেট পিন্ধা আদি নিষিদ্ধ কৰা হৈছে। ক'লা বস্ত্ৰ উত্তৰণ কাৰ্যসূচীলৈ লক্ষ্য ৰাখি কাৰোকে ক'লা সৰু কাপোৰ নিপিন্ধবলৈকো শান্তিৰক্ষী বাহিনীয়ে আহ্বান জনাইছে।
১০. ঔকিল গগৈয়ে অহা তিনিমাহৰ ভিতৰতে অসম ভাৰতৰ লগত থাকিবনে নাথাকে, সেয়া চিট-পট কৰি কৈ দিব বুলি ঘোষণা কৰিছে। এই সিদ্ধান্ত অতি সহজ আৰু এটা পাতি পইচাৰ খেলহে বুলিও স্পষ্ট কৰি দি তেওঁ যি কলেও তাতে জয়ধ্বনি দি যাবলৈ তেখেতে সকলো অসমীয়াকৈ আহ্বান জনাইছে বুলি বিজ্ঞপ্তিত প্ৰকাশ।
No comments:
Post a Comment