ৰূপালী পৰ্দাঃ ২০১৯ৰ গোল্ডেন গ্লোব বিজয়ী চলচিত্ৰ সমূহ:: পৰাশৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ ২০১৯ৰ গোল্ডেন গ্লোব বিজয়ী চলচিত্ৰ সমূহ:: পৰাশৰ কলিতা

ৰূপালী পৰ্দাঃ ২০১৯ৰ গোল্ডেন গ্লোব বিজয়ী চলচিত্ৰ সমূহ:: পৰাশৰ কলিতা

Share This
৭৬তম গোল্ডেন গ্লোব চলচিত্ৰ বঁটাসমূহ ২০১৯চনৰ বাবে, ভাৰতীয় সময় অনুসৰি ৭জানুৱাৰী ৰাতিপুৱা ৭.৩০ৰ পৰা আমেৰিকাৰ কেলিফৰ্ণিয়াৰ হোটেল বেভাৰলী হিল্টনত দিয়া হয় । চলচিত্ৰক ১৪টা আৰু দুৰদর্শনৰ অনুষ্ঠানক ১১টা মুঠ ২৫টা শিতানত গোল্ডেন গ্লোব বঁটা দিয়া হয় । এই লেখনিত কেৱল চলচিত্ৰ সমূহৰ কথাহে আলোচনা কৰা হব । ৭৬তম গোল্ডেন গ্লোবত ক্ৰিষ্টিয়ান বেলে অভিনয় কৰা চলচিত্ৰ "ভাইচে" সৰ্বাধিক ৬টা শিতানত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে আৰু গ্ৰীণ বুক চলচিত্ৰ খনে সৰ্বাধিক ৩টা গোল্ডেন গ্লোব বঁটা জিকিবলৈ সক্ষম হয় । 

১/ গ্ৰীণ বুক- মুঠ ৫টা শিতানত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰা পিটাৰ ফেৰালীয়ে পৰিচালন কৰা গ্ৰীণ বুক চলচিত্ৰ খনে সৰ্বাধিক ৩টা গোল্ডেন গ্লোব বঁটা লাভ কৰিবলৈ সক্ষম হয় । শ্ৰেষ্ঠ চলচিত্ৰ ( সংগীত অথবা কৌতুক )ৰ বঁটা, শ্রেষ্ঠ চিত্র্যনাট্য আৰু মেহেৰচালা আলিয়ে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ সন্মান লাভ কৰে । উল্লেখযোগ্য যে মেহেৰচালা আলিয়ে ২০১৭চনত মুনলায়িত চিনেমাৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ অস্কাৰ বঁটা  লাভ কৰিবলৈ সক্ষম হৈছিল ।  চলচিত্ৰৰ কাহিনীভাগ আমেৰিকাৰ ১৯৬০ চনৰ পটভূমিত ৰচিত । সেই সময়ৰ কৃষ্ণাংগ জেজ পিয়ানিষ্ট ডন শিৰলে আৰু তেওঁৰ শ্বেতাঙ্গ দেহৰক্ষী টনি ভেলেলঙ্গাৰ সঁচা ঘটনাৰ ওপৰত নিৰ্মিত । ১৯৬০চনত আমেৰিকাত বৰ্ণবাদী ঘটনা বহুত বেছি সংঘটিত হৈছিল।

২/ ৰোমা- ২০১৪ চনত গ্ৰেভিটিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰা আলফনছো কোৱেৰণৰ দ্বাৰা পৰিচালিত চলচিত্ৰ ৰোমাই মুঠ ৩টা শিতানত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰিবলৈ সক্ষম হয় আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচিত্ৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আলফনছো কোৱেৰণে লাভ কৰে । চলচিত্ৰ খন ১৯৭০চনৰ মেক্সিকো চহৰৰ এটা মধ্যবৰ্গীয়  পৰিয়াল আৰু তেওঁলোকৰ ঘৰত কাম কৰা মহিলা এগৰাকীৰ ওপৰত নিৰ্মিত । 

৩/ বহেমিয়ান  ৰেপচৌদি  - এক্স মেনে খ্যাত চলচিত্ৰ পৰিচালক ব্ৰায়ন চিংগাৰে শ্ৰেষ্ঠ চলচিত্ৰ ( ড্ৰামা) , শ্ৰেষ্ঠ অভিনেতা (ড্ৰামা)ত ৰামি মালিকে মুঠ ২টা শিতানত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে আৰু দুয়োটা শিতানত বিজয়ী হবলৈও সক্ষম হয় । "We will rock" ৰ বাবে পৰিচিত ফ্ৰেদী মাৰকুউৰী লগতে তেওঁৰ ব্ৰিটিছ ব্ৰেণ্ড "কুইন"ক লৈ নিৰ্মিত জীৱনী মূলক চলচিত্ৰ । উল্লেখযোগ্য যে চলচিত্ৰ খনৰ নাম "বহেমিয়ান ৰেপচৌদি" হল ফ্ৰেদী মাৰকুউৰীৰ আটাইতকৈ বিখ্যাত গানৰ নাম । 

৪/ভাইচ- সৰ্বাধিক ৬টা গোল্ডেন গ্লোব মনোনয়ন লাভ কৰা ভাইচ চলচিত্ৰ খনে শ্ৰেষ্ঠ অভিনেতা ( সংগীত অথবা কৌতুক) শিতানত গোল্ডেন গ্লোব বঁটা প্ৰখ্যাত অভিনেতা ক্ৰিষ্টিয়ান বেলে লাভ কৰে । আমেৰিকাৰ জৰ্জ বুশৰ কাৰ্যকালত ২০০১ৰ পৰা ২০০৯লৈ আমেৰিকাৰ উপৰাষ্ট্রপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা "ডিক চেনেয়"ৰ ওপৰত নিৰ্মিত চলচিত্ৰ ভাইচ । উক্ত চিনেমা খন পৰিচালনা কৰিছিল "দি বিগ চৰ্ত"ৰ বাবে অস্কাৰৰ শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰা আদম মেকেই । 

৫/এ ষ্টাৰ ইছ বৰ্ণ - ব্ৰেডলি কুপাৰৰ প্ৰথম পৰিচলান কৰা প্ৰথম চলচিত্ৰ "এ ষ্টাৰ ইছ বৰ্ণ"য়ে মুঠ ৫টা শিতানত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে আৰু শ্বেল্লও গানটোৰ বাবে শ্ৰেষ্ঠ মৌলিক চিনেমাৰ সংগীত শিতানত গোল্ডেন গ্লোব বঁটা লাভ কৰে । লেদি গাগা অভিনীত চিনেমা খনৰ কাহিনী এজন প্ৰখ্যাত গায়ক নবাগতক তাৰকা ৰূপে গঢ়ি তোলাৰ কাহিনী । উক্ত চলচিত্ৰ খন ১৯৩৭চনৰ নিৰ্মিত চলচিত্ৰ "এ ষ্টাৰ ইছ বৰ্ণ"ৰ পৰা চতুৰ্থ বাৰৰ বাবে পুনৰ এবাৰ বনোৱা হৈছিল । ভাৰতৰ আশ্বিকি ২ আছিল উক্ত ১৯৩৭ৰ চলচিত্ৰৰ পৰাই পুনঃনিৰ্মান কৰা হৈছিল । 

৬/ দি ফেভাৰেট - য়ৰগছ লান্ঠিমছৰ দ্বাৰা পৰিচালিত "দি ফেভাৰেট" চলচিত্ৰ খনে ৫টা বিষয়ত গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে আৰু ঔলৌভিয়া কৌলমেনে শ্ৰেষ্ঠ অভিনেত্ৰী ( সংগীত অথবা কৌতুক) শিতানত গোল্ডেন গ্লোব বঁটা লাভ কৰিবলৈ সক্ষম হয় । চলচিত্ৰ খন ১৮শ শতিকাৰ  ৰাণী "কুইন এন্নে"ৰ জীৱন আৰু দেশ শাসনৰ সিদ্ধান্তৰ ওপৰত নিৰ্মিত । 

৭/ ইফ বিয়েল ষ্ট্ৰীট কুদ টল্ক- উক্ত চলচিত্ৰ খনে মুঠ ৩টা গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শিতানত ৰেগিয়া খানে গোল্ডেন গ্লোব বঁটা লাভ কৰিবলৈ  সক্ষম হয় । ২০১৭চনত শ্ৰেষ্ঠ চলচিত্ৰৰ  অস্কাৰ বঁটা লাভ কৰা "মুনলায়িত" চলচিত্ৰৰ পৰিচালক বেৰি জেনকিন্সে পৰিচালনা কৰা উক্ত চলচিত্ৰ খন এগৰাকী কৃষ্ণাংগ গৰ্ভৱতী মহিলা আৰু তেওঁৰ বিয়া ঠিক হৈ থকা কিন্তু জেইলত থকা এজন যুৱকৰ কাহিনীৰে নিৰ্মিত ।

৮/ দি ৱায়িফ- ব্য়ৌৰ্ণ ৰুংগে পৰিচালনা কৰা উক্ত চলচিত্ৰ খনৰ গ্লেন ক্লোজে শ্ৰেষ্ঠ অভিনেত্ৰী ( ড্ৰামা ) শিতানত গোল্ডেন গ্লোব বঁটা লাভ কৰে । উক্ত চলচিত্ৰ খন সাহিত্যত নোবেল বঁটা লাভ কৰা জোচেফ কাষ্টলমেন আৰু তেওঁৰ পত্নী জোৱান কাষ্টলমেনৰ জীৱনৰ ওপৰত নিৰ্মিত । 

৯/ ফাৰ্ষ্ট মেন - "লা লা লেণ্ড"ৰ বাবে ২০১৮চনত শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰা ডেমিয়েন শজেল পৰিচালিত কৰিছে "ফাৰ্ষ্ট মেন" । দুটাকৈ গোল্ডেন গ্লোব মনোনয়ন লাভ কৰা উক্ত চলচিত্ৰ খনে "শ্ৰেষ্ঠ মৌলিক স্কৰ" শিতানত গোল্ডেন গ্লোব বঁটা লাভ কৰে । নীল আমষ্ট্ৰংৰ জীৱনৰ আধাৰত নিৰ্মিত চলচিত্ৰ ফাৰ্ষ্ট মেন । 

১০/ স্পাইডাৰমেন - ইনটো দা স্পাইডাৰ ভাৰ্চ- বব পৰ্শ্বিছেটি, ৰোডনি ৰৌথমেন , পিটাৰ ৰেমজি পৰিচালিত উক্ত চলিত খন শ্ৰেষ্ঠ এনিমেটেড" শিতানত গোল্ডেন গ্লোব বঁটা লাভ কৰে । প্ৰথম বাৰৰ বাবে এজন কৃষ্ণাংগ যুৱকক স্পাইডাৰমেন হোৱা দেখিবলৈ পোৱা গৈছে । 

গোল্ডেন গ্লোবত বহুকেইখন এনে চলচিত্ৰও আছে যিয়ে বহুকেইটা মনোনয়ন পালেও এটা গোল্ডেন গ্লোব বঁটা পাবলৈ সক্ষম নহল । তেনে কেইখন মান চলচিত্ৰ হল ৪টাকৈ গোল্ডেন গ্লোব লাভ কৰা ব্লেককলেন্সমেন" আৰু মেৰী পপিনছ ৰিটাৰ্ন , ৩টাকৈ গোল্ডেন গ্লোব মনোনয়ন লাভ কৰা ব্লেক পেন্থাৰ,দুটাকৈ গোল্ডেন গ্লোব মনোনয়ন লাভ কৰা "বয় এৰেছড", "কেন ইউ এভাৰ ফৰগিভ মি, ক্ৰেজি ৰিচ এছিয়ান, ইছলে অফ দগছ আৰু এ প্ৰাইভেট ৱাৰ । গোল্ডেন গ্লোবৰ স্থান অস্কাৰ পিছতেই । গোল্ডেন গ্লোব বঁটা পোৱা বহু চিনেমা, অভিনেতা অভিনেত্ৰীয়ে অস্কাৰ লাভ কৰা দেখিবলৈ পোৱা যায়। উদাহৰণ হিচাপে চলচিত্ৰ মুনলায়িত, অভিনেতা লীওনাৰ্ড দা কাৰপ্ৰিও , এমা ষ্টোন ইত্যাদি বহুতৰে কথা কব পাৰি ।
লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, ফোন নং-৮৭৫৩০৮৫০০৪

No comments:

Post a Comment