তেতিয়া ভূতনাথলৈ মানুহ যাবলৈ ভয় কৰে। এক জয়াল পৰিৱেশ। মানুহজনে এদিন মোক ক’লে, 'আমি ভূতনাথখন ধুনীয়াকৈ সজাই-পৰাই তুলিব খুজিছো। মানুহে যাতে মৃতদেহ দাহ কৰিবলৈ গৈ অসুবিধাৰ পৰিৱৰ্তে সকাহ পাব পাৰে। ভবা মতে কাম। তেখেত উঠি-পৰি লাগিল আৰু এদিন মোক ক’লে স্বাস্থ্যমন্ত্ৰী ভূমিধৰ বৰ্মনক ভূতনাথত এটা স্বাস্থ্যকেন্দ্ৰ উন্মোচনৰ বাবে নিমন্ত্ৰণ কৰিব লাগে। তাত এখন চিকিৎসালয়ো আৰম্ভ কৰা হ’ল।
খোৱাপানীৰ ব্যৱস্থা কৰা হ’ল। ফুল আৰু ঔষধি গছৰে চৌদিশ সজাই-পৰাই তোলা হ’ল। স্বৰ্গৰথবোৰৰ বাবে ২৪ ঘণ্টাই হেল্পলাইন নাম্বাৰ আৰম্ভ কৰা হ’ল। আৰু কেতিয়াবা মানুহজনে স্বৰ্গ ৰথ বিচাৰি নোপোৱা মানুহক নিজেই টেলিফোন কৰি সহায় কৰে। সেই মানুহজন আজি এখন বগা কাপোৰৰ তলত শুই আছে। ওপৰত ৰঙা আৰু হালধীয়া নাৰ্জী ফুল। বিভিন্নজন আহিছে। সকলোৱে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাইছে। কিমান সময় যে তেখেতৰ সেই দৃঢ় অথচ মৰম সনা মুখখন চাই আছিলো গমেই নাপালে। 'আমাৰ অসম’ৰ দুজনমান পূৰ্বৰ সহকৰ্মী আহি গাত হাত দিয়াতহে সম্বিৎ ঘূৰি আহিল।
হয়তো তেখেতৰ মৃত্যুৱে তেখেতক কৰ্কট ৰোগৰ যন্ত্ৰণাৰ পৰা মুক্তি দিছে। কৰ্কট ৰোগৰ বেদনা আৰু এক অনিশ্চিত ভৱিষ্যত লৈয়ো তেখেত দৃঢ় হৈ আছিল। কিছুদিন পূৰ্বে উজান বজাৰত তেখেতৰ পুত্ৰ সমীৰক লগ পাই খবৰ লৈছিলো, 'কেনে আছে দেউতা?’ সমীৰে কৈছিল, '২৪ দিন হ’ল নেমকেয়াৰত। ভাল হ’ব।’ সকলোৱে ভাবিছিল তেওঁ আকৌ ঘূৰি আহিব। কিন্তু নিজে সৃষ্টি কৰা স্বৰ্গ ৰথত উঠিবলৈহে চাগৈ তেখেত ৰৈ আছিল। কিছুদিন পূৰ্বে ভাবিজী অৰ্থাৎ তেখেতৰ পত্নী গুচি গৈছিল ভূতনাথৰ আকাশৰে। কাইলৈ শুকুৰবাৰে তেখেতে গুচি যাবগৈ। সেই নিৰ্দিষ্ট আলহী কোঠাটো য’ত তেখেতে মোক পিতৃ আৰু বন্ধুৰ দৰে সকলো কথা কৈছিল, সেই 'আমাৰ অসম’ৰ কাৰ্যালয়টো য’ত তেখেতে অভিভাৱকৰ দৰে পৰামৰ্শ দিছিল আৰু সেই ডাইনিং টেবুলৰ কাষৰ বিছনাখন, য’ত সদায় তেখেতে যিকোনো সময়তে একাপ চাহ খাবৰ বাবে সকলো মানুহক অনুৰোধ কৰিছিল। এনে কোনো কৰ্মচাৰী নাই জিএল পাব্লিকেশ্যনত যাক তেখেত আপুনি বুলি সম্বোধন কৰা নাই। বিশ্বকোষ, জোনাকী ছপা কৰিলে। বৰপেটা সাহিত্য সভাত কেবাখনো গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ কৰিলে। আৰু অতি কষ্টৰে তিনিখনকৈ দৈনিক কাকত তেওঁ চলাই ৰাখিছে।
এটা নিউজ চেনেল কৰাৰ তেখেতৰ সাংঘাটিক ইচ্ছা আছিল। এন ই টিভিৰ পিছতে অসমত হয়তো দ্বিতীয়টো নিউজ চেনেল জিএল আগৰৱালাৰ তত্বাৱধানত হ’লহেতেন। কিন্তু এক বিশেষ শক্তিয়ে তেখেতৰ সেই সপোন বাস্তৱায়িত হ’বলৈ নিদিলে। জিএল আগৰৱালাৰ সান্নিধ্য লাভ কৰা অন্যান্য সাংবাদিকৰ ভিতৰত ময়ো এজন। 'আমাৰ অসম’ত ৭ বছৰ, মোৰ সাংবাদিকতাৰ সোণালী দিন...। ধন্য হৈছো। তেখেতৰ শেষ যাত্ৰাত উপস্থিত থাকিব নোৱাৰিম। তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা এনেকৈয়ে প্ৰকাশ কৰিলো।
সম্পাদনাকক্ষৰ সংযোজনঃ আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, নৰ্থ ইষ্ট টাইমচ, মেঘালয়া গাৰ্জিয়ানৰ গুৰি ধৰোতা জিএল আগৰৱালা দেৱৰ সুকৰ্ম তেখেতেৰ সামাজিক কাম-কাজৰ মাজেৰেও উদ্ভাসিত হৈ পৰিছিল। স্বৰ্গৰথ সেৱা, জিএলপি চচিয়েল চাৰ্কোলৰ অন্যান্য কাৰ্যসূচী তাৰেই প্ৰমাণ। অসমীয়া বিশ্বকোষ প্ৰকাশৰ ক্ষেত্ৰতো তেখেতৰ নেতৃত্ব অতিশয় শলাগনীয় আছিল। কৰ্মৰে মহীয়ান হৈ যোৱা আগৰৱালা দেৱৰ মৃত্যুত অসমে এগৰাকী সু-সন্তান হেৰুৱালে। অসমীয়াৰ সুখ-দুখ পৰিয়ালৰ পৰাও আমি সকলোৱে তেখেত বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো, তথা শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ জ্ঞাপন কৰিছো আন্তৰিক সমবেদনা।
লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক
No comments:
Post a Comment